ETV Bharat / sports

Wrestler sexually assaulted case : নাবালিকা মল্লযুঁজাৰু আৰু পিতৃক আদালতৰ জাননী

author img

By

Published : Jul 4, 2023, 6:02 PM IST

ব্ৰীজ ভূষণ চৰণ সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতন গোচৰ বাতিল কৰাৰ বাবে দিল্লী আৰক্ষীৰ আবেদন । গোচৰটোত শুনানি গ্ৰহণ কৰি অভিযোগকাৰী নাবালিকা মল্লযুঁজাৰু আৰু তেওঁৰ পিতৃৰ পৰা সঁহাৰি বিচাৰিছে আদালতে । পৰৱৰ্তী শুনানি ১ আগষ্টত ।

Wrestler sexually assaulted case
নাবালিকা মল্লযুঁজাৰু আৰু পিতৃক আদালতৰ জাননী

স্পৰ্টছ ডেস্ক,৪ জুলাই : দিল্লীৰ এখন আদালতে মঙলবাৰে ভাৰতীয় মল্লযুঁজ ফেডাৰেশ্যনৰ প্ৰাক্তন সভাপতি ব্ৰীজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে দাখিল কৰা পক্সো গোচৰৰ শুনানি গ্ৰহণ কৰে । আদালতে নাবালিকা মল্লযুঁজাৰু আৰু তেওঁৰ পিতৃলৈ জাননী জাৰি কৰে আদালতে । ইফালে গোচৰটোৰ পৰৱৰ্তী শুনানি ১ আগষ্টত গ্ৰহণ কৰা হ'ব ।

আদালতে ১৫ জুনত দিল্লী আৰক্ষীয়ে দাখিল কৰা বাতিলকৰণ প্ৰতিবেদনৰ ওপৰতো গুৰুত্ব আৰোপ কৰে । লগতে অভিযোগকাৰী নাবালিকা মল্লযুঁজাৰু আৰু তেওঁৰ পিতৃ পৰা সঁহাৰি বিচাৰিছে । বিজেপি সাংসদ ব্ৰীজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে প্ৰথমতে এগৰাকী নাবালিকা মল্লযুঁজাৰুৱে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল । এই ক্ষেত্ৰত, দিল্লী আৰক্ষীয়ে পক্সো আইনৰ অধীনত এটা গোচৰ ৰুজু কৰিছিল ।

পাছত, দিল্লী আৰক্ষীয়ে পাটিয়ালা হাউচ আদালতত গোচৰ বাতিলকৰণৰ প্ৰতিবেদন দাখিল কৰে আৰু কয় যে পক্সো আইনৰ অধীনত ব্ৰীজ ভূষণৰ বিৰুদ্ধে পঞ্জীয়ন কৰা গোচৰটোত কোনো প্ৰমাণ পোৱা হোৱা নাই । একে সময়তে, দিল্লী আৰক্ষীয়ে আদালতক পক্সো আইনৰ অধীনত ব্ৰীজ ভূষণৰ বিৰুদ্ধে পঞ্জীয়ন কৰা গোচৰটো বাতিল কৰিবলৈ অনুৰোধ জনায় ।

ইয়াৰ পূৰ্বে ১ জুলাইত ৰাউজ এভিনিউ আদালতে প্ৰাপ্তবয়স্ক মল্লযুঁজাৰুসকলৰ যৌন শোষণৰ গোচৰত দিল্লী আৰক্ষীয়ে দাখিল কৰা অভিযোগনামাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ পাছত শুনানি ৭ জুলাইলৈ স্থগিত ৰখা হয় । ১৫ জুনত, দিল্লী আৰক্ষীয়ে ব্ৰীজ ভূষণৰ বিৰুদ্ধে পঞ্জীয়ন কৰা যৌন নিৰ্যাতনৰ গোচৰত আদালতত অভিযোগনামা দাখিল কৰে । ২২ জুনত, মুখ্য মেট্ৰ'পলিটান মেজিষ্ট্ৰেট (চিএমএম) মহিমা ৰায় সিঙে অভিযোগনামাখন বিবেচনা কৰিবলৈ গোচৰটো এমপি-এমএলএ আদালতলৈ স্থানান্তৰ কৰে ।

উল্লেখ্য যে ব্ৰীজ ভূষণ চৰণ সিঙৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি মল্লযুঁজাৰুসকলে প্ৰতিবাদ অব্যাহত ৰাখে । অৱশ্যে শেহতীয়াকৈ এই প্ৰতিবাদ স্থগিত ৰখা হৈছে । পিছে এই ক্ষেত্ৰত সঠিক ন্যায় নাপালে মল্লযুঁজাৰুসকলে প্ৰতিবাদ পুনৰ আৰম্ভ কৰাৰো হুংকাৰ প্ৰদান কৰিছে ।

লগতে পঢ়ক :Cricketer Uma Chetry: দৈনিক 16 কিঃমিঃ কৈ খোজকাঢ়ি অহা-যোৱা কৰিছিল উমা চেত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.