ETV Bharat / sports

Asian Games 2023: ছেমি ফাইনেললৈ যোগ্যতা অৰ্জন কৰিলে অসমৰ অম্লানে

author img

By ETV Bharat Assamese Team

Published : Oct 1, 2023, 11:21 AM IST

এছিয়ান গেমছ 2023 ৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিলে অসম সন্তান অম্লান বৰগোহাঁয়ে ৷ পুৰুষৰ 200 মিটাৰ দৌৰৰ ছেমি ফাইনেলত প্ৰৱেশ অম্লানৰ ৷ 21.08 ছেকেণ্ডৰ ট্ৰিমিঙৰে হিট 4 ত তৃতীয় স্থান দখল কৰে অম্লানে ৷

Asian Games 2023
এছিয়ান গেমছত অসম সন্তান

স্পৰ্টস ডেস্ক, 1 অক্টোবৰ: চলিত এছিয়ান গেমছত অসম সন্তানৰ কৃতিত্ব ৷ পুৰুষৰ 200 মিটাৰ দৌৰৰ ছেমি ফাইনেলত প্ৰৱেশ অসমৰ অম্লান বৰগোহাঁইৰ ৷ 21.08 ছেকেণ্ডৰ ট্ৰিমিঙৰে হিট 4 ত তৃতীয় স্থান দখল কৰি অম্লান বৰগোহাঁয়ে ছেমি ফাইনেলত প্ৰৱেশ কৰে । অলিম্পিক ডট কমৰ মতে, প্ৰতিটো হিটত শীৰ্ষ দুজন খেলুৱৈ আৰু পৰৱৰ্তী দুজন দ্ৰুততম খেলুৱৈৰ পিছত শীৰ্ষ দুজন খেলুৱৈয়ে ফাইনেলত প্ৰৱেশৰ সুযোগ লাভ কৰিব ৷

অৱশ্যে, দেওবাৰে হাংঝু এছিয়ান গেমছত 23.78 ছেকেণ্ডৰ সময়েৰে মহিলাৰ 200 মিটাৰ ইভেণ্টৰ ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম নহ’ল ভাৰতীয় এথলীট জ্যোতি য়াৰ্ৰাজীয়ে । দেওবাৰে মহিলা হেপ্টাথলন লং জাম্প ইভেণ্টত নন্দিনী আগাছাৰে ছিজনৰ শ্ৰেষ্ঠ 5.94 মিটাৰ আৰু স্বপ্না বৰ্মনে 5.71 মিটাৰ পৰ্যন্ত জপিয়ায় স্থান সুনিশ্চিত কৰে ।

সামগ্ৰিক ৰেংকিঙত আগছাৰা তৃতীয় স্থানলৈ উন্নীত হোৱাৰ বিপৰীতে বৰ্মন ষষ্ঠ স্থানত আছে । দেওবাৰে মহিলাৰ 100 মিটাৰ হাৰ্ডলছত জ্যোতিক একচনত দেখা যাব । শনিবাৰে কাৰ্তিক কুমাৰ আৰু গুলৱীৰ সিঙে পুৰুষৰ 1000 মিটাৰ দৌৰৰ ফাইনেলত ক্ৰমে ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰে । কাৰ্তিকে 28:15.38 ছেকেণ্ড সময়েৰে ৰূপৰ পদক লাভ কৰাৰ বিপৰীতে গালভিৰে 28:17.21 ছেকেণ্ড সময়েৰে ব্ৰঞ্জৰ পদক দখল কৰিবলৈ সক্ষম হয় ।

উল্লেখ কৰা প্ৰয়োজন যে, চীনৰ হাংঝুত চলি থকা এছিয়ান গেমছ 2023 ত ভাৰতীয় খেলুৱৈসকলে উজ্জ্বল প্ৰদৰ্শন অব্যাহত ৰাখিছে । 19 সংখ্যক এছিয়ান গেমছত সপ্তম দিনটো পৰ্যন্ত ভাৰতে লাভ কৰিছে 38 টা পদক । ভাৰতীয় খেলুৱৈসকলৰ উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে ভাৰতে এতিয়ালৈকে 10 টা স্বৰ্ণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰিছে 14 টাকৈ ।

লগতে পঢ়ক: Asian Games 2023 : এছিয়ান গেমছত অসম কন্যা লাভলীনাৰ সফলতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.