ETV Bharat / sports

Asian Games 2023 : এছিয়ান গেমছত অসম কন্যা লাভলীনাৰ সফলতা

author img

By ANI

Published : Sep 30, 2023, 7:23 PM IST

Asian Games
এছিয়ান গেমছত অসম কন্যা লাভলীনাৰ সফলতা

এছিয়ান গেমছত পদক নিশ্চিত কৰিলে অসম কন্যা লাভলীনা বৰগোঁহাইয়ে । ৭৫ কেজি শাখাৰ কোৱাৰ্টাৰ ফাইনেলত দক্ষিণ কোৰিয়াৰ খেলুৱৈক পৰাস্ত কৰি ছেমিফাইনেলত লাভলীনা ।

স্পৰ্টছ ডেস্ক,৩০ ছেপ্টেম্বৰ : ভাৰতৰ বাবে বক্সিঙত তৃতীয়টো পদকৰ পথ মুকলি কৰিলে অসম কন্যা লাভলীনা বৰগোঁহাইয়ে । ভাৰতীয় অলিম্পিক পদক বিজয়ী বক্সাৰ লাভলীনাই শনিবাৰে চলিত এছিয়ান গেমছত মহিলাৰ ৭৫ কিলোগ্ৰাম বক্সিং প্ৰতিযোগিতাৰ ছেমিফাইনেলত প্ৰৱেশ কৰে । দক্ষিণ কোৰিয়াৰ চুয়েয়ন চেয়ঙৰ বিৰুদ্ধে লাভলীনাই মেচখন ৫-০ পইণ্টত জয়ী হয় । অতি ৰোমাঞ্চকৰ খেলখনত সকলো বিচাৰকে ভাৰতীয় বক্সাৰ পক্ষত থিয় দিয়ে । লগে লগে ভাৰতৰ বাবে আন এটা পদকৰ পথো মুকলি হয় । অসম কন্যা লাভলীনাৰ এই প্ৰদৰ্শনত আনন্দিত বক্সিং ফেডাৰেচন অফ ইণ্ডিয়া । লাভলীনা ছেমিফাইনেলত প্ৰৱেশ কৰাৰ লগে লগে ভাৰতৰ বাবে বক্সিং ইভেণ্টত আন এটা পদক লাভৰ আশা সজীৱ হয় বুলি বিএফআইয়ে এক্সৰ এটা পোষ্টত উল্লেখ কৰে ।

ইয়াৰ পূৰ্বে, প্ৰীতি পাৱাৰে হাংঝৌত চলি থকা এছিয়ান গেমছত ৫৪ কিলোগ্ৰাম মহিলা বক্সিঙৰ ছেমিফাইনেলত প্ৰৱেশ কৰে । তেওঁ কেৱল ব্ৰঞ্জৰ পদক নিশ্চিত কৰাই নহয় দেশৰ বাবে পেৰিছ অলিম্পিক ২০২৪ত স্থানো সুৰক্ষিত কৰে । তেওঁ কোৱাৰ্টাৰ ফাইনেলত কাজাখস্তানৰ ঝাইনা শ্বেকাৰবেকোভাক ৪-১ ব্যৱধানত পৰাস্ত কৰে ।

ইয়াৰ ফলত প্ৰীতিয়ে নিখাত জাৰিনৰ পিচত দ্বিতীয়গৰাকী বক্সাৰ হিচাপে পেৰিছ অলিম্পিক গেমছৰ বাবে যোগ্যতা লাভ কৰে । এতিয়া সকলোৰে দৃষ্টি অসম কন্যা লাভলীনাৰ ওপৰত । লাভলীনাই পুনৰ এবাৰ স্বৰ্ণ পদক লাভ কৰি ভাৰত তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি সকলো আশাবাদী । চলিত ১৯ সংখ্যক এছিয়ান গেমছৰ কোৱাৰ্টাৰ ফাইনেলত জৰ্ডানৰ হানান নাছাৰক পৰাস্ত কৰি শুকুৰবাৰে বিশ্ব চেম্পিয়ন জাৰিনে ভাৰতক ৫০ কিলোগ্ৰাম ওজন শাখাত পদক নিশ্চিত কৰিছিল । এছিয়ান গেমছত বৰ্তমান ভাৰতৰ পদকৰ সংখ্যা ৩৪ টা । তাৰ ভিতৰত আছে ৮ টা সোণ, ১৩ টা ৰূপ আৰু ১৩ টা ব্ৰঞ্জৰ পদক ।

লগতে পঢ়ক :Asian Games 2023 : এছিয়ান গেমছৰ ছেমি ফাইনেলত প্ৰৱেশ কৰি পদক নিশ্চিত অসম কন্যা লাভলীনাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.