ETV Bharat / sports

Assam gets WFI membership : ভাৰতীয় মল্লযুঁজ ফেডাৰেশ্যনৰ সদস্য পদ লাভ অসমৰ

author img

By

Published : Jul 23, 2023, 11:21 AM IST

দীৰ্ঘদিনৰ প্ৰচেষ্টাৰ অন্তত অৱশেষত অসম মল্লযুঁজ সন্থাই ভাৰতীয় মল্লযুঁজ ফেডাৰেশ্যনৰ সদস্য পদ লাভ কৰিলে । ভাৰতীয় অলিম্পিক এছ'চিয়েশ্যনৰ (আইঅ'এ) এড-হক সমিতিৰ এই সিদ্ধান্তক আদৰণি অসম মল্লযুঁজ সন্থাৰ । ইয়াক লৈ অসমবাসীৰ মাজত উছাহ দেখিবলৈ পোৱা গৈছে ।

Assam gets WFI membership
ভাৰতীয় মল্লযুঁজ ফেডাৰেশ্যনৰ সদস্য পদ লাভ অসমৰ

স্পৰ্টছ ডেস্ক,২৩ জুলাই : অসমৰ মল্লযুঁজ খেলুৱৈ লগতে ক্ৰীড়াপ্ৰেমীৰ বাবে সুখবৰ । অসমে লাভ কৰিলে ভাৰতীয় মল্লযুঁজ ফেডাৰেশ্যনৰ সদস্য পদ । শনিবাৰে অসম মল্লযুঁজ সন্থাক ভাৰতীয় মল্লযুঁজ ফেডাৰেশ্যনৰ সদস্য পদ প্ৰদান কৰা হয় । কিয়নো সদস্য পদৰ দাবীত অসম মল্লযুঁজ সন্থাই আদালতৰ কাষ চাপিছিল আৰু ৰাষ্ট্ৰীয় ফেডাৰেচনৰ নিৰ্বাচন স্থগিত ৰাখিছিল ।

মল্লযুঁজৰ ক্ষেত্ৰত ভাৰতীয় অলিম্পিক এছ'চিয়েশ্যনৰ (আইঅ'এ) এড-হক সমিতিয়ে অসম মল্লযুঁজ সন্থা জনাইছে যে সদস্যপদৰ বাবে তেওঁলোকৰ আবেদন তাৎক্ষণিকভাৱে গ্ৰহণ কৰা হৈছে ।

ভাৰতীয় অলিম্পিক এছ'চিয়েশ্যনৰ (আইঅ'এ) এড-হক সমিতিৰ সদস্য ভূপিন্দৰ সিং বাজৱাই অসম মল্লযুঁজ সন্থাৰ সভাপতিলৈ লিখা এখন পত্ৰত কয় যে অসমৰ আবেদন বিবেচনা কৰাৰ পাছত এড-হক সমিতিক প্ৰদান কৰা ক্ষমতাৰ অধীনত তাৎক্ষণিকভাৱে ভাৰতীয় মল্লযুঁজ ফেডাৰেশ্যনৰ সদস্যপদ প্ৰদান কৰা হয় ।

এই ৰায় ডব্লিউপিচি(চি)/ডব্লিউপিচি(চি)/চিৰ অধীনত অসম মল্লযুঁজ সন্থাই গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা ৩৭৫৭/২০২৩ গোচৰৰ ফলাফলৰ অধীনৰ । অসম মল্লযুঁজ সন্থাৰ সভাপতি ৰাতুল শৰ্মাই জনোৱা মতে ৰাজ্যিক সন্থাটোৱে ইতিমধ্যে সদস্যপদৰ সকলো আনুষ্ঠানিকতা সম্পূৰ্ণ কৰিছে, যাৰ ভিতৰত আছে নিৰ্ধাৰিত সদস্যতা মাচুল জমা কৰা আৰু লগতে ৰাষ্ট্ৰীয় সংস্থাৰ প্ৰতিনিধিসকলৰ নাম প্ৰেৰণ কৰা আদি । তেওঁ কয় যে অসম মল্লযুঁজ সন্থাই এড-হক সমিতিৰ এই সিদ্ধান্তক প্ৰশংসা কৰিছে কিয়নো ইমান বছৰ ধৰি অসমৰ মল্লযুঁজাৰুসকলৰ প্ৰতি কৰা অন্যায়ৰ অৱশেষত অন্ত পৰিছে ।

সন্থাৰ সভাপতি ৰাতুল শৰ্মাই মুখ্য পৃষ্ঠপোষক তথা অসমৰ কেবিনেট মন্ত্ৰী পীযূষ হাজৰীকা আৰু জ্যেষ্ঠ পৰামৰ্শদাতা দেৱজিৎ ডেকাক ধন্যবাদ জ্ঞাপন কৰিছে । যিসকলে আদালতৰ সন্মুখত এছ'চিয়েশ্যনৰ হৈ হাজিৰ হৈ ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিছিল ।

লক্ষণীয়ভাৱে ভাৰতীয় মল্লযুঁজ ফেডাৰেশ্যনত অসমৰ সদস্য পদকলৈ দীৰ্ঘদিন ধৰি বিতৰ্ক চলি আছিল । অসমৰ মল্লযুঁজাৰুসকলক হেমাহিৰ দৃষ্টিৰে চোৱাৰ অভিযোগ উঠিছিল । অৱশ্যে অৱশেষত সদস্য পদ লাভ কৰাৰ লগে লগে অসমৰ খেলুৱৈ তথা ক্ৰীড়াপ্ৰেমীৰ মাজত ব্যাপক উছাহ দেখিবলৈ পোৱা গৈছে ।

লগতে পঢ়ক :Wrestlers Selection Controversy : বজৰং-বিনেশক ট্ৰায়েলৰ পৰা ৰেহাই; ডব্লিউএফআইৰ পৰা উত্তৰ বিচাৰিলে দিল্লী হাইকোৰ্টে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.