ETV Bharat / sports

Asian Games 2023 : আজি এছিয়ান গেমছত লাভলীনাৰ স্বৰ্ণ যুঁজ; পদকৰ সংখ্যা বৃদ্ধিৰ লক্ষ্য

author img

By ETV Bharat Assamese Team

Published : Oct 4, 2023, 10:51 AM IST

আজি এছিয়ান গেমছত দুটা স্বৰ্ণৰ সম্ভাৱনা ভাৰতৰ
Asian Games 2023

চলিত এছিয়ান গেমছৰ একাদশ দিনত ভাৰতৰ লক্ষ্য থাকিব যিমান সম্ভৱ সিমান স্বৰ্ণ পদক অৰ্জনৰ ওপৰত । ভাৰতে এতিয়ালৈকে মুঠ ৬৯ টা পদক জয় কৰিছে । ইয়াৰে ভিতৰত আছে ১৫ টা সোণ, ২৬ টা ৰূপ আৰু ২৯ টা ব্ৰঞ্জ।

স্পৰ্টছ ডেস্ক, ৪ অক্টোবৰ : চীনত অনুষ্ঠিত এছিয়ান গেমছ সমাপ্ত হ'বলৈ মাজত আৰু চাৰিটা দিন বাকী । এই অৱস্থাত ভাৰতে নিজৰ পদকৰ সংখ্যা ১০০-তকৈ অধিক বৃদ্ধি কৰিব বিচাৰিব । য'ত নীৰজ চোপ্ৰাই বুধবাৰে তেওঁৰ খিতাপ অক্ষুণ্ণ ৰখাৰ লক্ষ্যৰে নামিব । আনহাতে, লাভলীনাৰ দৃষ্টি স্বৰ্ণ জয়ৰ ওপৰত থাকিব । লগতে ভাৰতীয় পুৰুষ হকী দলেও ছেমি ফাইনেল খেলিব ।

উল্লেখ্য যে চলিত এছিয়ান গেমছৰ একাদশ দিনত ভাৰতৰ লক্ষ্য থাকিব যিমান সম্ভৱ সিমান স্বৰ্ণ পদক অৰ্জনৰ ওপৰত । ভাৰতে এতিয়ালৈকে মুঠ ৬৯ টা পদক জয় কৰিছে । ইয়াৰে ভিতৰত আছে ১৫ টা সোণ, ২৬ টা ৰূপ আৰু ২৯ টা ব্ৰঞ্জ।

চীনৰ হাংঝৌত অনুষ্ঠিত ১৯ সংখ্যক এছিয়ান গেমছৰ একাদশ দিনত নিশ্চিতভাৱে কোটি কোটি ভাৰতীয়ৰ দৃষ্টি নিবদ্ধ হৈ থাকিব তাৰকা জেভলিন থ্ৰ'ৱাৰ নীৰজ চোপ্ৰাৰ ওপৰত । বৰ্তমানৰ অলিম্পিক আৰু বিশ্ব চেম্পিয়ন চোপ্ৰাই ছিজনৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়াব বিচাৰিব । আনহাতে, দিনটোৰ অন্যান্য এথলেটিকছ ইভেণ্টৰ ভিতৰত ভাৰতীয় পুৰুষ আৰু মহিলাৰ ৪×৪০০ মিটাৰ ৰিলে দলেও প্ৰতিযোগিতাত অৱতীৰ্ণ হ'ব । ইয়াৰ উপৰি অবিনাশ চেবলো ৫০০০ মিটাৰ দৌৰত অৱতীৰ্ণ হ'ব ।

ইফালে মহিলাৰ ৭৫ কিলোগ্ৰাম বক্সিং শাখাৰ ফাইনেলত অলিম্পিক পদক বিজয়ী লাভলীনা বৰগোঁহায়ে চীনৰ লি কিয়ানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব । আনহাতে, মহিলাৰ ৫৭ কিলোগ্ৰামত পাৰবীন হুডাও ছেমি ফাইনেল খেলিবলৈ ৰিংত প্ৰৱেশ কৰিব । ইফালে ভাৰতীয় পুৰুষ হকী দলে কোৰিয়াৰ বিৰুদ্ধে ছেমি ফাইনেল খেলিব ।

উল্লেখ্য যে মঙলবাৰে ভাৰতে দুটা স্বৰ্ণসহ আৰু ৯ টা পদক জয় কৰিছিল । বৰ্তমান এছিয়ান গেমছত ভাৰতৰ মুঠ পদকৰ সংখ্যা ৬৯-ত উপনীত হৈছে । এছিয়ান গেমছৰ দশমদিনা ভাৰতৰ দুগৰাকী স্বৰ্ণ কন্যাই ভাৰতৰ জোলোঙাত সোণৰ পদক ভৰায় । মহিলাৰ ৫০০০ মিটাৰ প্ৰতিযোগিতাত পাৰুল চৌধুৰীয়ে সোণৰ পদক অৰ্জন কৰাৰ বিপৰীতে অনু ৰাণীয়ে মহিলাৰ জেভলিন থ্ৰ' ইভেণ্টত স্বৰ্ণ পদক জয় কৰি দেশক গৌৰৱান্বিত কৰে ।

লগতে পঢ়ক :Lovlina Borgohain: ফাইনেলত প্ৰৱেশ লাভলীনা; বাসগৃহত আনন্দৰ বন্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.