ETV Bharat / sports

Wimbledon 2022: ছেমি ফাইনেলত আৰবৰ প্ৰথম মহিলা অন্স জাবেউৰ

author img

By

Published : Jul 6, 2022, 3:14 PM IST

ইতিহাস সৃষ্টি কৰি আৰবৰ প্ৰথম মহিলা হিচাবে গ্ৰেণ্ড শ্লেমৰ ছেমি ফাইনেলত প্ৰৱেশ অন্স জাবেউৰৰ (Ons Jabeur make history) । উইম্বলনৰ ছেমি ফাইনেলত প্ৰৱেশ কৰি এই ইতিহাস ৰচে জাবেউৰে (Jabeur enter in to Wimbledon semi finals) ।

jabeur
jabeur

স্পৰ্টছ ডেস্ক, ৬ জুলাই : ইতিহাস সৃষ্টি কৰি আৰবৰ প্ৰথম মহিলা হিচাবে গ্ৰেণ্ড শ্লেমৰ ছেমি ফাইনেলত প্ৰৱেশ অন্স জাবেউৰৰ (Ons Jabeur make history) । উইম্বলনৰ ছেমি ফাইনেলত প্ৰৱেশ কৰি এই ইতিহাস ৰচে জাবেউৰে (Jabeur enter in to Wimbledon semi finals) । অৱশ্যে বিগত বছৰতেই আৰব দেশৰ প্রথম মহিলা হিচাবে উইম্বলডনৰ কোৱার্টাৰ ফাইনেলত প্ৰৱেশ কৰিছিল জাবেউৰ । এইবাৰ নিজৰেই ৰেকৰ্ড ভংগ কৰি উইম্বলডনৰ ছেমি ফাইনেললৈ উন্নীত হয় জাবেউৰ । আৰবৰ প্রথমগৰাকী মহিলা হিচাবে উইম্বলডন তথা আন যিকোনো গ্ৰেণ্ড শ্লেমৰ ছেমি ফাইনেলত প্ৰৱেশ কৰি ইতিহাস সৃষ্টি কৰে তেওঁ (As Arab's first women Jabeur enters Grand Slam semi finals) । কোৱাৰ্টাৰ ফাইনেলত মাৰি বুজকোভাক ৩-৬, ৬-১, ৬-১ গেমত পৰাস্ত কৰে টিউনিছিয়াৰ খেলুৱৈগৰাকীয়ে ।

প্ৰথম আৰবিয়ান মহিলা টেনিছ খেলুৱৈ হিচাবে ইতািহাস সৃষ্টি জাবেউৰৰ
প্ৰথম আৰবিয়ান মহিলা টেনিছ খেলুৱৈ হিচাবে ইতািহাস সৃষ্টি জাবেউৰৰ

ছেমি ফাইনেলত প্ৰৱেশৰ পিছত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জাবেউৰে কয়, “এই অনুভৱ কথাৰে বুজোৱাটো সম্ভৱ নহয় । বহু দিন ধৰি ছেমি ফাইনেলত প্ৰৱেশৰ বাবে চেষ্টা কৰি আছিলোঁ । কিছু দিন পূৰ্বে হিচাৰ আৰাজিৰ (মৰক্কোৰ প্রাক্তন টেনিছ তাৰকা) সৈতে কথা পাতিছিলোঁ । তেওঁ মোক কৈছিল, আৰবীয়সকল প্ৰতিবাৰেই কোৱাৰ্টাৰ ফাইনেলৰ পৰা আগবাঢ়িব পৰা নাই । মই ক্লান্ত হৈ পৰিছোঁ । তুমি অন্তত এই ইতিহাস সলনি কৰা । মই চেষ্টা কৰিম বুলি কৈছিলোঁ । অৱশেষত তাত সফল হ'লোঁ ।”

উইম্বলচডনৰ ছেমিত প্ৰৱেশ কৰি ইতিহাস সৃষ্টি জাবেউৰৰ
উইম্বলচডনৰ ছেমিত প্ৰৱেশ কৰি ইতিহাস সৃষ্টি জাবেউৰৰ

২০১১ চনত প্রথমবাৰৰ বাবে কোনো গ্ৰেণ্ড শ্লেম ট্রফীত চুমা আঁকিছিল জাবেউৰে (In 2011 Jabeur won junior Grand Slam) । অৱশ্যে সেয়া জুনিয়ৰ গ্ৰেণ্ড শ্লেম খিতাপ আছিল । উল্লেখ্য, জাবেউৰ এনে এখন দেশৰ পৰা আহিছে, য'ত এতিয়াও মহিলাসকলে চুটি পোছাক পিন্ধাটো নিষিদ্ধ । কিন্তু সকলো প্রতিবন্ধকতাৰ বিৰুদ্ধে সৰুৰে পৰাই যুঁজি আহিছে তেওঁ । পৰিয়ালৰ সৰ্বকনিষ্ঠ তেওঁ । মাত্র তিনি বছৰ বয়সতে হাতত তুলি লয় টেনিছ ৰেকেট । তাকো মাকৰ ইচ্ছা মতেই । ১৩ বছৰ বয়সলৈ স্থানীয় পৰ্যায়ৰ প্ৰশিক্ষক নাবিল ম্লিকাৰৰ অধীনত টেনিছ শিকিছিল জাবেউৰে । পিছত তেওঁৰ খেলৰ উন্নতিৰ কথা চিন্তা কৰিয়ে মাতৃ ৰিধাই তেওঁক ৰাজধানী টিউনিছলৈ লৈ যায় । তাত তেওঁক ৰাষ্ট্ৰীয় ক্রীড়া বিদ্যালয়ত নামভৰ্তি কৰাই দিয়ে । তাৰ পৰাই জাবেউৰৰ প্রতিভা বিকাশিত হ'বলৈ আৰম্ভ কৰে । বেলজিয়াম আৰু ফ্রান্সৰ দৰে দেশৰ হৈ খেলিবলৈও আমন্ত্ৰণ লাভ কৰিছে তেওঁ । কিন্তু নিজৰ দেশ এৰি যাবলৈ মান্তি নহয় তেওঁ ।

স্বামীৰ সৈত জাবেউৰ
স্বামীৰ সৈত জাবেউৰ

১৩ বছৰ বয়সতে ২০০৭ৰ পৰা জুনিয়ৰ পৰ্যায়ত খেলা আৰম্ভ কৰে জাবেউৰে ।তাৰ পিছৰ পৰা ক্ৰমান্বয়ে সফতাৰ সোপান ৰচিছে তেওঁ । ২০১৭ চনতেই মহিলা টেনিছৰ প্রথম এশৰ ভিতৰত প্ৰৱেশ কৰে জাবেউৰ । ২০২০ৰ অষ্ট্ৰেলিয়ান অপেনত প্রথম দুটা ৰাউণ্ডত জোহানা কণ্টা আৰু কেৰোলিন গাৰ্ছিয়াক পৰাস্ত কৰে । তৃতীয় ৰাউণ্ডত পৰাস্ত কৰে বিশ্বৰ প্রাক্তন এক নম্বৰ খেলুৱৈ কেৰোলিন ওজনিয়াকিক । ইয়াৰ পিছত ৱাং কিয়াঙক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰি আৰবৰ প্ৰথম মহিলা হিচাবে ইতিহাস ৰচে তেওঁ ।

পাঁচ বছৰ পূৰ্বে প্রাক্তন ফেন্সাৰ কৰিম কামুনৰ সৈতে বিয়াত বহে জাবেউৰ (Jabeur wades former fencer Karim Kamoon) । কৰিম প্ৰকৃততে ৰাছিয়ান হ'লেও বর্তমান টিউনিছিয়াৰ নাগৰিক। স্বামীয়েই জাবেউৰৰ ব্যক্তিগত প্ৰশিক্ষক ।

লগতে পঢ়ক :ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ডিব্ৰুগড়ৰ এগৰাকী চাহ শ্ৰমিক খেলুৱৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.