ETV Bharat / sports

COVID-১৯ : স্থগিত হ'ল 36 সংখ্যক গোৱা নেশ্যনেল গেমছ

author img

By

Published : May 29, 2020, 11:40 AM IST

36th Goa National Games postponed indefinitely due to COVID-19
36th Goa National Games postponed indefinitely due to COVID-19

কৰ'ণা ভাইৰাছৰ মাজতেই ক্ৰীড়া প্ৰেমীৰ বাবে আন এটা দুঃখবৰ । কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখিয়ে স্থগিত কৰা হ'ল 36 সংখ্যক গোৱা নেশ্যনেল গেমছ ।

স্পৰ্টছ ডেস্ক, 29মে': ভাৰতীয় ক্ৰীড়া প্ৰেমীলৈ আহিছে আন এটা দুঃখবৰ । কৰ'ণা ভাইৰাছ মহামাৰীৰ বাবেই বৃহস্পতিবাৰে 36 সংখ্যক গোৱা নেশ্যনেল গেমছ স্থগিত কৰাৰ ঘোষণা গোৱা চৰকাৰৰ ।

COVID-১৯ মহামাৰীৰ ফলতেই নেশ্যনেল গেমছ আয়োজক কমিটিয়ে 36 সংখ্যক নেশ্যনেল গেমছ স্থগিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি এক বিবৃত্তি প্ৰদান কৰি জানিবলৈ দিয়ে গোৱাৰ উপ মুখ্য়মন্ত্ৰী আৰু ক্ৰীড়া মন্ত্ৰী মনহোৰ আজগাঁওকাৰে ।

স্থগিত হ'ল 36 সংখ্যক গোৱা নেশ্যনেল গেমছ
স্থগিত হ'ল 36 সংখ্যক গোৱা নেশ্যনেল গেমছ

উল্লেখ্য় যে, প্ৰতিযোগিতাৰ পৰৱৰ্তী সময়সূচী সন্দৰ্ভত চলিত বৰ্ষৰ ছেপ্তেম্বৰ মাহত বৈঠক অনুষ্ঠিত কৰা হ'ব বুলি উল্লেখ কৰা হৈছে । ইয়াৰ লগতে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰণালয়ক প্ৰতিযোগিতা আয়োজনৰ চাৰি মাহ পূৰ্বে জাননি দিবলৈও ৰাজ্য় চৰকাৰৰ ফালৰ পৰা আহ্বান জনোৱা হৈছে বুলি উল্লেখ কৰে ৰাজ্যিক ক্ৰীড়া মন্ত্ৰীগৰাকীয়ে ।

চলিত বৰ্ষৰ 20 অক্টোবৰৰ পৰা 4 নৱেম্বেৰলৈ অনুষ্ঠিত হোৱাৰ কথা আছিল 36 সংখ্য়ক নেশ্যনেল গেমছ । লক্ষ্যণীয় যে, 35 সংখ্য়ক নেশ্যনেল গেমছ অনুষ্ঠিত হৈছিল 2015 চনত কেৰালাত । কিন্তু 36 সংখ্যক নেশ্যনেল গেমছ 2016 বৰ্ষৰ নৱেম্বৰ মাহত অনুষ্ঠিত হ'ব লাগিছিল যদিও বিভিন্ন কাৰণত ক্ৰমান্বয়ে বিলম্ব হৈ গৈ আছে প্ৰতিযোগিতাখন । প্ৰত্যেক দুবছৰৰ অন্তত অনুষ্ঠিত কৰা হয় নেশ্যনেল গেমছ । 2007 ত গুৱাহাটীত 33 সংখ্য়ক আৰু 2011 ত 34 সংখ্য়ক নেশ্যনেল গেমছ আয়োজন কৰা হৈছিল ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.