ETV Bharat / sports

পিতৃৰ অন্তোষ্টিক্ৰিয়াৰ সময়তে লালৰেমছিয়ামিৰ বিশ্বজয়

author img

By

Published : Jun 26, 2019, 6:47 PM IST

ঘৰলৈ উভটিল লালৰেমছিয়ামি

ঘৰলৈ উভটিল এফ আই এইছ ৱ'মেনছ ছিৰিজ ফাইনেলছ বিজয়ী ভাৰতীয় হকী দলৰ অন্যতম সদস্য লালৰেমছিয়ামি । পিতৃৰ বিয়োগৰ সময়তো দেশক প্ৰতিনিধিত্ব কৰা হকী খেলুৱৈ গৰাকী কোলাচিব জিলাত আহি উপস্থিত হয় ।

নিউজ ডেস্ক, ২৬ জুন : হিৰোছিমাত অনুষ্ঠিত এফ আই এইছ ৱ'মেনছ ছিৰিজ ফাইনেলছ বিজয়ী ভাৰতীয় হকী দলৰ অন্যতম সদস্য লালৰেমছিয়ামি উভটিল ঘৰলৈ । ফাইনেলত জয়ী হৈ দেশৰ গণ্য মান্য ব্যক্তিৰ প্ৰশংসাৰ পাত্ৰ হৈ পৰা দলটোৰ সদস্য লালৰেমছিয়ামিয়ে মঙলবাৰে মিজোৰামৰ কোলাচিব জিলাত আহি উপস্থিত হয় ।

ETV BHARAT ASSAM
ভাৰতীয় মহিলা হকী দল

উল্লেখ্য যে, যোৱাটো সপ্তাহৰ শুকুৰবাৰে ভাৰতীয় হকী খেলুৱৈ গৰাকীয়ে অকালতে পিতৃক হেৰুওৱাৰ পাছতো ছেমি ফাইনেল আৰু ফাইনেলত অংশগ্ৰহণ কৰিছিল । নিজ পিতৃক গৰ্বিত কৰিবৰ বাবেই দলৰ সৈতে থকাৰ সিদ্ধান্ত গ্ৰহণ কৰে তেওঁ । পিতৃক হেৰুওৱাৰ পাছতো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ বাবে তেওঁক প্ৰশংসাৰে উপচাই দিয়ে ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজুয়ে ।

উল্লেখ্য যে, এফ আই এইছ ৱ'মেনছ ছিৰিজ ফাইনেলছত ভাৰতীয় দলে জাপানক ৩ - ১ ৰ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হৈছিল । ভাৰতীয় অধিনায়ক ৰাণী ৰামপালে 'প্লেয়াৰ অৱ দা টুৰ্ণামেন্ট'ৰ সন্মান লাভ কৰিছিল ।

LALREMSIAMI ARRIVES AT HOME AFTER FIH SEIES FINALS

জয়ী হৈ ঘৰলৈ উভটিল লালৰেমছিয়ামি
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.