ETV Bharat / sports

দক্ষিণ কোৰিয়াক পৰাস্ত ভাৰতীয় মহিলা হকী দলৰ

author img

By

Published : May 22, 2019, 11:33 PM IST

দক্ষিণ কোৰিয়াক পৰাস্ত ভাৰতীয় মহিলা হকী দলৰ

বুধবাৰে অনুষ্ঠিত ভাৰত - দক্ষিণ কোৰিয়া দ্বিপাক্ষিক ছিৰিজৰ দ্বিতীয়খন মেচত বিপক্ষ দলক ২ - ১ ৰ ব্যৱধানত পৰাস্ত কৰে ভাৰতীয় দলে । ভাৰতৰ হৈ অধিনায়ক ৰাণী আৰু নৱজীত কৌৰে এটাকৈ গ'ল কৰে ।

স্পৰ্টছ ডেস্ক, ২২ মে': ভাৰত আৰু দক্ষিণ কোৰিয়াৰ মাজত অনুষ্ঠিত হোৱা দ্বিপাক্ষিক ছিৰিজৰ দ্বিতীয়খন মেচত বুধবাৰে ভাৰতীয় মহিলা হকী দলে দক্ষিণ কোৰিয়াক ২ - ১ ৰ ব্যৱধানত পৰাস্ত কৰে । এই জয়েৰে ভাৰতীয় দলে তিনিখনীয়া শৃংখলাত ২ - ০ ৰ ব্যৱধানত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে ।

খেলখনৰ ১৯ মিনিটত দক্ষিণ কোৰিয়াই গ'ল কৰি অগ্ৰগতি ল'বলৈ সক্ষম হয় যদিও ৩৭ মিনিটত ভাৰতীয় অধিনায়ক ৰাণীয়ে গ'ল কৰি সমতা স্থাপন কৰে । ইয়াৰ পাছতে খেলৰ ৫০ মিনিটত নৱজীত কৌৰে আৰু এটা গ'লেৰে ২ - ১ ভাৰতক অগ্ৰগতি দিবলৈ সক্ষম হয় । এই জয়ে এফআইএইছ মহিলা ছিৰিজৰ ফাইনেলত উন্নত প্ৰদৰ্শন কৰিবৰ বাবে ভাৰতীয় দলক আত্মবিশ্বাস প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰে ভাৰতীয় দলৰ প্ৰশিক্ষক গৰাকীয়ে ।

INDIA WOMEN'S HOCKEY TEAM BEAT SOUTH KOREA

দক্ষিণ কোৰিয়াক পৰাস্ত ভাৰতীয় মহিলা হকী দলৰ

স্পৰ্টছ ডেস্ক, ২২ মে': ভাৰত আৰু দক্ষিণ কোৰিয়াৰ মাজত অনুষ্ঠিত হোৱা দ্বিপাক্ষিক ছিৰিজৰ দ্বিতীয়খন মেচত বুধবাৰে ভাৰতীয় মহিলা হকী দলে দক্ষিণ কোৰিয়াক ২ - ১ ৰ ব্যৱধানত পৰাস্ত কৰে । এই জয়েৰে ভাৰতীয় দলে তিনিখনীয়া শৃংখলাত ২ - ০ ৰ ব্যৱধানত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে । 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.