ETV Bharat / sports

বাৰ্চিলোনাৰ সংগ এৰিব বিশ্ব বিখ্যাত ফুটবলাৰ লিয়নেল মেছীয়ে !

author img

By

Published : Aug 26, 2020, 8:25 PM IST

Lionel Messi tells Barcelona he wants to leave the club
বাৰ্চিলোনাৰ সংগ এৰিব বিশ্ব বিখ্যাত ফুটবলাৰ লিয়নেল মেছীয়ে !

মেছীয়ে বাৰ্চিলোনাৰ সৈতে কটোৱা নিজৰ খেলৰ কেৰিয়াৰৰ সময়চোৱাত বিশ্বৰ শীৰ্ষ ফুটবল খেলৱৈ ৰূপে ছয় বেলন ডী খিতাপ আৰু পুৰস্কাৰ লাভ কৰে ৷ ইয়াৰোপৰি ক্লাৱটোক 10 স্পেনিচ লীগ খিতাপ আৰু 4 টা চেম্পিয়ন লীগৰ খিতাপ লাভত অৱদান আগবঢ়ায় ৷

নিউজ ডেস্ক, 26 আগষ্ট : লিয়নেল মেছীয়ে বাৰ্চিলোনাক কয় যে, তেওঁ স্পেনিচ দিগ্গজ সকলৰ সংগ তথা প্ৰায় দুই দশকৰ পাছত ক্লাৱ এৰিব বিচাৰিছে ৷ ক্লাৱে মঙলবাৰে দ্য এছ'চিয়েটেড প্ৰেছক জানিবলৈ দিয়ে যে, আৰ্জেন্টিনাৰ মহান খেলুৱৈ গৰাকীয়ে এক দস্তাবেজ প্ৰেৰণ কৰি ক্লাৱৰ সংগ এৰাৰ ইচ্ছা ব্যক্ত কৰিছে ৷ চেম্পিয়ন লীগৰ কোৱাৰ্টাৰ ফাইনেলত বেয়ার্ন মিউনিখে বাৰ্চিলোনাক 8-2 ৰে পৰাজিত কৰাৰ 11 দিনৰ পাছতে এই ঘোষণা সন্মুখলৈ আহিছে ৷ যি পৰাজয় খেলুৱৈ গৰাকীৰ খেলৰ কেৰিয়াৰ আৰু ক্লাৱটোৰ ইতিহাসত সকলোতকৈ বিপৰ্যস্ত পৰাজয় আছিল ৷ এই পৰাজয়ৰ পাছত বাৰ্চিলোনাই এক কঠিন সময়ৰ মুখামুখি হ'বলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ 2007-08 ৰ পাছত প্ৰথমবাৰ আৰু এতিয়ালৈকে হোৱা সবাতোকৈ অধিক সংকটময় সময়ৰ সন্মুখীন হৈছে ক্লাৱটো ৷

Lionel Messi tells Barcelona he wants to leave the club
বাৰ্চিলোনাৰ সংগ এৰিব বিশ্ব বিখ্যাত ফুটবলাৰ লিয়নেল মেছীয়ে !

উল্লেখ যে, মেছীয়ে বাৰ্চিলোনৰ সৈতে কটোৱা নিজৰ খেলৰ কেৰিয়াৰৰ সময়চোৱাত বিশ্বৰ শীৰ্ষ ফুটবল খেলৱৈ ৰূপে ছয় বেলন ডী খিতাপ আৰু পুৰস্কাৰ লাভ কৰে ৷ ইয়াৰোপৰি ক্লাৱটোক 10 স্পেনিচ লীগ খিতাপ আৰু 4 টা চেম্পিয়ন লীগৰ খিতাপ লাভত অৱদান আগবঢ়ায় ৷

লগতে পঢ়ক:ষষ্ঠবাৰৰ বাবে চেম্পিনয়ছ লীগ চেম্পিয়ন বেয়ার্ন মিউনিখ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.