ISL 2021-22: এ টি কে মোহন বাগানৰ মুখামুখি হ’ব কেৰালা ব্লাষ্টাৰ্ছ

author img

By

Published : Nov 19, 2021, 5:52 PM IST

ATK Mohun Bagan faces Kerala Blasters challenge in season opener

আই এছ এলৰ আয়োজকসকলে প্ৰথম ১১ খন খেলৰ দিনৰ সময়সূচী ঘোষণা কৰিছে। বাকী থকা লীগ পৰ্যায় আৰু নকআউট খেলৰ সময়সূচী যথা সময়ত ঘোষণা কৰা হ'ব ।

স্পৰ্টছ ডেস্ক, 19 নৱেম্বৰ : ইণ্ডিয়ান চুপাৰ লীগৰ অষ্টম সংস্কৰণ শুকুৰবাৰৰ পৰা আৰম্ভ হ'ব । ছিজনৰ আৰম্ভণিৰ খেলখনত এ টি কে মোহন বাগান(ATK Mohun Bagan) কেৰালা ব্লাষ্টাৰ্ছ(Kerala Blasters FC) এফ চিৰ মুখামুখি হ'ব । ফাতোৰ্ডাৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত নিশা 7.30 বজাৰ পৰা অনুষ্ঠিত হ'ব খেলখন ।

ATK Mohun Bagan
এ টি কে মোহন বাগান

আই এছ এলৰ 2021-22 সংস্কৰণ গোৱাত অনুষ্ঠিত হ'ব ৷ প্ৰতিযোগিতাখনত এ টি কে মোহন বাগান, এছ চি ইষ্ট বেংগল, মুম্বাই চি টি, হায়দৰাবাদ এফ চি, কেৰালা ব্লাষ্টাৰ্ছ এফ চি, চেন্নাই এফ চি, জামছেদপুৰ এফ চি, উৰিষ্যা এফ চি, এফ চি গোৱা, নৰ্থ ইষ্ট ইউনাইটেড এফ চি আৰু বেংগালুৰু এফ চিকে ধৰি মুঠ ১১ টা দলে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছে ।

Kerala Blasters
কেৰালা ব্লাষ্টাৰ্ছ

আই এছ এলৰ আয়োজকসকলে প্ৰথম ১১ খন খেলৰ দিনৰ সময়সূচী ঘোষণা কৰিছে। বাকী থকা লীগ পৰ্যায় আৰু নকআউট খেলৰ সময়সূচী যথা সময়ত ঘোষণা কৰা হ'ব ।

লগতে পঢ়ক:Ind vs NZ 1st T20I : কিৱি বাহিনীৰ বিৰুদ্ধে পাঁচ উইকেটত জয়লাভ ভাৰতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.