ETV Bharat / sports

এ টি কে-মোহন বাগান জাৰ্ছীত অপৰিৱৰ্তিত থাকিব সেউজীয়া আৰু ৰঙা ৰঙৰ সমাহাৰ

author img

By

Published : Jul 10, 2020, 6:25 PM IST

এ টি কে-মোহন বাগান ফুটবল দলৰ সহ-স্বতাধিকাৰী সৌৰভ গাংগুলীয়ে কয়, এ টি কে-মোহন বাগানে ইতিহাস ৰচিবলৈ সক্ষম হ'ব ।

Atk Mohun Bagan will retain the green and red jersey
Atk Mohun Bagan will retain the green and red jersey

স্পৰ্টছ ডেস্ক, 10 জুলাই : আই এছ এলৰ নতুন চীজনৰ বাবে এ টি কে-মোহন বাগান ফুটবল দলটোৱে শুকুৰবাৰে নিজৰ জাৰ্ছীত সেউজীয়া আৰু ৰঙা ৰঙৰ সমাহাৰ অপৰিৱৰ্তিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে । ফুটবল ক্লাৱটোৰ উত্তৰাধিকাৰ বজাই ৰাখিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।

এক বিবৃতি যোগে দলটোৰ নাম সলনি কৰি এ টি কে-মোহন বাগান কৰি দিয়া হৈছে বুলি উল্লেখ কৰাৰ লগতে প্ৰতীক চিহ্ন হিচাপে পূৰ্বৰ মোহন বাগানৰ নাও চিহ্নকে অপৰিৱৰ্তি ৰূপত ৰখা হৈছে বুলি জানিবলৈ দিয়ে । কেৱল তাৰ ওচৰত এ টি কে শব্দৰ ব্য়ৱহাৰ কৰা হৈছে । বিবৃতি অনুসৰি সেই সংস্কৃতি আৰু পৰম্পৰাক অপৰিৱৰ্তিত ৰূপত ৰখা হৈছে যিয়ে ব্ৰেণ্ডটোক ঘৰুৱা নাম দিছে । প্ৰতীক চিহ্নৰ ক্ষেত্ৰতো সেয়েহে কোনো সলনি কৰা হোৱা নাই ।

তিনিবাৰৰ আই এছ এল চেম্পিয়ন এ টি কে আৰু আই লীগ চেম্পিয়ন মোহন বাগানে চলিত বৰ্ষৰ জানুৱাৰী মাহত একেলগে চুক্তিবদ্ধ হয় । এ টি কেৰ স্বতাধিকাৰী গৌয়নকাই মোহন বাগানৰ 40 শতাংশ অংশীদাৰ ক্ৰয় কৰে ।

দলৰ প্ৰমুখ্য় স্বতাধিকাৰী সঞ্জীৱ গোয়েংকাই কয়, মোহন বাগান সৰু কালৰ পৰাই মোৰ হৃদয়ত অৱস্থিত । মই সেউজীয়া আৰু ৰঙা ৰঙৰ জাৰ্ছীত উন্নত ফুটবল খেল উপভোগ কৰাৰ সুযোগ লাভ কৰিছো । আমি উত্তৰাধিকাৰীৰ সন্মান কৰিয়ে এই ৰং অব্য়াহত ৰাখিছো । যিটো যুগ-যুগ ধৰি পচন্দ কৰি অহা হৈছে । মোৰ সপোন এটীকে-মোহন বাগানক বিশ্ব স্তৰত স্থাপন কৰাৰ যিয়ে আন্তঃৰাষ্ট্ৰীয় স্তৰত নিজৰ স্থান বনাবলৈ সক্ষম হওক ।

এ টি কে দলৰ সহ-স্বতাধিকাৰী সৌৰভ গাংগুলীয়েও এ টি কে আৰু মোহন বাগান একেলগে মিলিত হোৱাৰ বাবে চেল্যুট প্ৰদান কৰি এ টি কে-মোহন বাগানে ইতিহাস ৰচিব বুলি মন্তব্য কৰে ।

লগতে পঢ়কঃ ৱেষ্ট ইণ্ডিজ বনাম ইংলেণ্ড : প্ৰথম টেষ্টৰ পৰা বাহিৰ হোৱাৰ সম্ভাৱনা ব্ৰডৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.