ETV Bharat / sports

WTC Final 2023 : দুৰ্ধৰ্ষ অষ্ট্ৰেলিয়াক ৰুধি টেষ্টৰ সৰ্বশ্ৰেষ্ঠ হ'ব পাৰিবনে ৰোহিত বাহিনী!

author img

By

Published : Jun 7, 2023, 3:09 PM IST

২০২১ চনত অপেনাৰ হিচাপে সফলতাৰে ইংলেণ্ড ভ্ৰমণ সামৰা ৰোহিত শৰ্মাৰ পৰা ভাৰতে এক সুন্দৰ আৰম্ভণি বিচাৰিব । তেওঁৰ অপেনিং সংগী শুভমন গিল ফৰ্মৰ তুংগত আছে আৰু তেওঁৰ কেৰিয়াৰ অধিক সবল কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিব বিচাৰিব (WTC Final 2023) ।

WTC Final 2023
WTC Final 2023

স্পৰ্টছ ডেস্ক, ৭ জুন : ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতে বুধবাৰে ইংলেণ্ডৰ কেনিংটন অ'ভেলত অনুষ্ঠিত হ'বলগীয়া বহু প্ৰতীক্ষিত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ (WTC Final 2023) ফাইনেলত পেট কামিন্সৰ দুৰ্ধৰ্ষ অষ্ট্ৰেলিয়াৰ মুখামুখী হ'ব । নিশ্চিতভাৱে আইচিচি ইভেণ্টত ভাৰতৰ ধাৰাবাহিক বিফলতাৰ অন্ত পেলাই বিশ্ব টেষ্ট ক্ৰিকেটৰ আকাংক্ষিত 'গদা' জয় কৰিবলৈ আগ্ৰহী অপেক্ষাৰত ৰোহিত সেনা (ICC World Test Championship) । নিঃসন্দেহে বিগত দুটা WTC চক্ৰত ভাৰতে আটাইতকৈ বেছি ধাৰাবাহিকতা ৰক্ষা কৰি আহিছে ।

আনহাতে, ভাৰতে বিগত ১০ বছৰত হোৱাইট-বলৰ মুখ্য টুৰ্ণামেণ্টৰ নকআউট পৰ্যায়ত উপনীত হ'বলৈ সক্ষম হৈছে । কিন্তু ট্ৰফী জয়ৰ পৰা ভাৰতীয় দলটো বঞ্চিত হৈ আহিছে । আনহাতে, অষ্ট্ৰেলিয়াই ডব্লিউটিচিৰ ফাইনেলত জয়ী হৈ তেওঁলোকৰ বিশ্ব খিতাপত আন এক ঈৰ্ষণীয় সফলতা সংযোগ কৰিব বিচাৰিব (Australia vs India WTC final) ।

আনহাতে, দুয়োপক্ষৰ মাজৰ প্ৰতিদ্বন্দ্বিতাৰ ক্ষেত্ৰত চাবলৈ গ'ল শেহতীয়াকৈ ভাৰতে অষ্ট্ৰেলিয়াত আধিপত্য বিস্তাৰ কৰিছে । ভাৰতীয় দলটোৱে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অন্তিম চাৰিখন টেষ্ট শৃংখলা জয় কৰিছে । ইয়াৰে দুটা ঘৰুৱা আৰু দুটা বিদেশত । আটাইকেইটা শৃংখলাতে ২-১ ব্যৱধানত জয়ী হৈছে ভাৰত । ইফালে আকৌ ভাৰতৰ অধিনায়ক ৰোহিত শৰ্মাৰ ওপৰতো দৃষ্টি নিবদ্ধ থাকিব । কিয়নো সদ্য সমাপ্ত আইপিএলত তেওঁৰ প্ৰদৰ্শন তেনেই সাধাৰণ আছিল । সেয়ে নিশ্চিতভাৱে বেটেৰে সন্মুখৰ পৰা নেতৃত্ব দিয়াৰ ক্ষেত্ৰত তেওঁৰ ওপৰত চাপ থাকিব ।

তাৰ মাজতে আকৌ 'আল্টিমেট টেষ্ট'খন আৰম্ভ হোৱাৰ এদিন পূৰ্বে নেটত বেটিং কৰি থকা অৱস্থাত ৩৬ বছৰীয়া ৰোহিতে বাঁওহাতৰ বুঢ়া আঙুলিত আঘাত পায় । নেটত আঘাত পোৱাৰ পিছত ৰোহিতক তেওঁৰ বুঢ়া আঙুলিটো ধৰি থকা দেখা গৈছিল । কিন্তু সুখৰ কথা যে তেওঁক বিষ অনুভৱ কৰা বা যথেষ্ট অস্বস্তিবোধ কৰাটো প্ৰত্যক্ষ কৰা হোৱা নাছিল । শেহতীয়া বাতৰি অনুসৰি, ভাৰতীয় অধিনায়কগৰাকীয়ে আঘাত পোৱাৰ পিছত বেটিং কৰা নাছিল । অৱশ্যে সেয়া কেৱল এক সাৱধানতামূলক ব্যৱস্থাহে আছিল, তাত চিন্তা কৰিবলগীয়া বিশেষ একো নাই ।

এটা কথা ঠিক যে ভাৰতক ৰোহিত শৰ্মাৰ পৰা এটা ভাল আৰম্ভণিৰ প্ৰয়োজন হ'ব । আন এটা সুখৰ কথা যে ২০২১ চনত অ'পেনাৰ হিচাপে ৰোহিতে এক সফলতাৰে ইংলেণ্ড ভ্ৰমণ সামৰিছিল । আনহাতে, তেওঁৰ অ'পেনিং সংগী শুভমান গিল শেহতীয়াভাৱে ফৰ্মৰ তুংগত আছে । নিশ্চিতভাৱে তেওঁৰ এই ধাৰা অব্যাহত ৰাখি কেৰিয়াৰৰ সবাতোকৈ সফল ইনিংছ উপহাৰ দিবলৈ তেওঁৰ প্ৰচেষ্টা অব্যাহত ৰাখিব বিচাৰিব । অৱশ্যে তেওঁৰ বেটিং কৌশল ইংলেণ্ডৰ কঠিন পৰিস্থিতিত এক উল্লেখনীয় পৰীক্ষা হ'ব ।

আনহাতে, ভাৰতৰ বাবে ভাল কথাটো হৈছে চেতেশ্বৰ পূজাৰাই এই ছিজনত ইংলেণ্ডত কাউণ্টি ক্ৰিকেট খেলি যথেষ্ট সময় অতিবাহিত কৰিছে । কেৱল বেটিং কৰাই নহয়, পিটছৰ ওপৰত তেওঁৰ পৰামৰ্শ আৰু বতৰো দলটোৰ বাবে মূল্যৱান হ'ব । ইয়াৰ উপৰি বিৰাট কোহলীৰ পৰাও বৃহৎ প্ৰত্যাশা থাকিব । কোহলীয়ে এইবাৰৰ আইপিএল নিজৰ বেটিঙেৰে এক সুন্দৰ ছিজন অতিবাহিত কৰিছে । লগতে আজিংক্য ৰাহানেয়েও চিএছকেৰ হৈ আইপিএল, ২০২৩-ত সুন্দৰ প্ৰদৰ্শন কৰিছে । ভাৰতীয় দলত তেওঁৰ প্ৰত্যাৱৰ্তন আৰু অভিজ্ঞতা হ'ব মূল্যৱান।

ভাৰতৰ শীৰ্ষ পাঁচজন বেটছমেন প্ৰায় নিশ্চিত । কিন্তু উইকেটৰক্ষকক লৈ অলপ দ্বিধা আছে । কে এছ ভৰতৰ গ্লভছৰ দক্ষতাই অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ঘৰুৱা শৃংখলাৰ সময়ত ঈশান কিষাণৰ পৰিৱৰ্তে সুযোগ দিছিল । কিন্তু ইংলেণ্ডৰ পৰিস্থিতিত অসমান বাউন্সৰ বাবে উইকেটৰক্ষকসকলে ষ্টাম্পলৈকে তীক্ষ্ণ ঘূৰ্ণনৰ বাবে বহু কম সময় লাভ কৰে । যাৰ ফলত ঈশান কিষাণৰ প্ৰত্যাক্ৰমণৰ দক্ষতা আৰু বাঁওহতীয়া দক্ষতাৰ বাবে এই ক্ষেত্ৰত হয়তো ভৰত বেকফুটত থাকিব পাৰে ।

ইয়াৰ সমান্তৰালভাৱে ভাৰতীয় টীম মেনেজমেণ্টে সন্মুখীন হোৱা আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে, চাৰিজন বেগী বলাৰৰ মাজত এজন স্পিনাৰ খেলাব নে নেখেলায় । তাতে আকৌ প্ৰশ্ন উঠিছে, এই ক্ষেত্ৰত ৰবীন্দ্ৰ জাদেজা নে আৰ অশ্বিন- কাক সুযোগ দিব । মহম্মদ ছামী, মহম্মদ চিৰাজ আৰু উমেশ যাদৱ সকলো গুৰুত্বপূৰ্ণ খেলৰ বাবে সদায় নিৰ্ভৰযোগ্য ভাৰতীয় পেচাৰ হোৱাৰ সম্ভাৱনা আছে । আনহাতে, পেট কামিন্সৰ নেতৃত্বত অষ্ট্ৰেলিয়াই ইতিমধ্যে নিশ্চিত কৰিছে যে স্কট বোলেণ্ডে আঘাতপ্ৰাপ্ত জছ হেজলউডৰ স্থান ল'ব । একেদৰে অষ্ট্ৰেলিয়ান একাদশৰ বাকী স্থানবোৰো প্ৰায় নিজৰ মতে নিশ্চিত ।

ডেভিদ ৱাৰ্ণাৰে ওছমান খোৱাজাৰ সৈতে ইনিংছ আৰম্ভ কৰাৰ সম্ভাৱনা আছে । তাৰ পিছত মাৰ্নাছ লাবুচাগেন, ষ্টিভেন স্মিথ, ট্ৰেভিছ হেড, কেমেৰুন গ্ৰীণ আৰু এলেক্স কেৰী- এয়া হৈছে এক দৃঢ় বেটিং লাইন-আপ । অষ্ট্ৰেলিয়ান বেটিং লাইন-আপৰ মুখ্য আধাৰ হৈছে লাবুচাগেন আৰু স্মিথ । চলিত ছিজনত ইংলেণ্ডৰ কাউণ্টি ক্ৰিকেটৰ অংশ আছিল তেওঁলোক । যাৰ অভিজ্ঞতাই নিশ্চিতভাৱে তেওঁলোকক ভাৰতীয় বলিং লাইন-আপ মোকাবিলা কৰাত সহায় কৰিব ।

আনহাতে পেট কামিন্স, স্কট বোলেণ্ড, মিচেল ষ্টাৰ্ক, কেমেৰুন গ্ৰীণ আৰু নাথান লিয়নৰ দৰে দুৰ্দান্ত বলিং আক্ৰমণ গঠন কৰিলে নিশ্চিতভাৱে ভাৰতীয় বেটছমেনসকলক যিকোনো সময়তে বিবুধিত পেলাব পাৰে । পিটচ আৰু বতৰৰ ক্ষেত্ৰত, অ'ভেল ট্ৰেকে সাধাৰণতে যথেষ্ট বাউন্স প্ৰদান কৰে ।

বতৰৰ পূৰ্বানুমান মতে, টেষ্ট মেচখনৰ আৰম্ভণি সুন্দৰ হোৱাৰ প্ৰতিশ্ৰুতি দিছে । কিন্তু শনিবাৰে চতুৰ্থদিনা বৰষুণ হোৱাৰ সম্ভাৱনা আছে । দেওবাৰ আৰু সোমবাৰ হৈছে নিৰ্ধাৰিত পঞ্চম আৰু সংৰক্ষিত দিন । লক্ষণীয়ভাৱে, অষ্ট্ৰেলিয়া আৰু ভাৰত দুয়োটা দলেই অ'ভেলত সংগ্ৰাম কৰিছে । এতিয়ালৈকে মুঠ ১০৪ খন মেচ অনুষ্ঠিত হৈছে অ'ভেল খেলপথাৰত ।

ভাৰতে এই স্থানত ১৪ খন টেষ্ট মেচ খেলিছে । ইয়াৰে ভিতৰত দুখনত জয় লাভ কৰাৰ বিপৰীতে তিনিখনত পৰাজিত হৈছে । আনহাতে, সাতখন মেচ ড্ৰ কৰিছে । অন্তিমবাৰৰ বাবে ভাৰতে অ'ভেলত ২০২১ চনত ইংলেণ্ডৰ বিৰুদ্ধে খেলি ১৫৭ ৰাণত বিজয়ী হৈছিল । ইফালে অষ্ট্ৰেলিয়াই এই স্থানত ৩৪ খন মেচ খেলিছে । তাৰে ভিতৰত সাতখনত জয়লাভ, ১৭ খনত পৰাজিত আৰু ১৪ খন ড্ৰ কৰিছে । অষ্ট্ৰেলিয়াই অন্তিমবাৰ অ'ভেলত ২০১৯ চনত ইংলেণ্ডৰ বিৰুদ্ধে ১৩৭ ৰাণত পৰাজিত হৈছিল ।

দল দুটা

ভাৰত : ৰোহিত শৰ্মা (অধিনায়ক), ৰবিচন্দ্ৰন অশ্বিন, কে এছ ভৰত, শুভমন গিল, ৰবীন্দ্ৰ জাদেজা, বিৰাট কোহলী, ঈশান কিষাণ, চেতেশ্বৰ পুজাৰা, অক্ষৰ পেটেল, আজিংক্য ৰাহানে, মহম্মদ শ্বামী, মহম্মদ চিৰাজ, শাৰ্দুল ঠাকুৰ, জয়দেৱ উনাদকাট, উমেশ যাদৱ ।

সংৰক্ষিত : যশস্বী জয়ছোৱাল, মুকেশ কুমাৰ, সূৰ্যকুমাৰ যাদৱ

অষ্ট্ৰেলিয়া : পেট কামিন্স (অধিনায়ক), স্কট বোলেণ্ড, এলেক্স কেৰী, কেমেৰুন গ্ৰীণ, মাৰ্কাছ হেৰিছ, মাইকেল নেছাৰ, ট্ৰেভিছ হেড, ওছমান খোৱাজা, মাৰ্নাছ লাবুচাগনে, নাথান লিয়ন, জছ ইংগলিছ, টড মাৰ্ফি, ষ্টিভ স্মিথ, মিচেল ষ্টাৰ্ক, ডেভিড ৱাৰ্ণাৰ ।

সংৰক্ষিত : মিচ মাৰ্শ, মেট ৰেনশ্ব'

লগতে পঢ়ক :WTC Final 2023 : বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল ড্ৰ বা টাই হ'লে কি হ'ব ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.