ETV Bharat / sports

WTC Final 2023 : বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল ড্ৰ বা টাই হ'লে কি হ'ব ?

author img

By

Published : Jun 5, 2023, 4:04 PM IST

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ'বলগীয়া বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ, ২০২৩-ৰ চূড়ান্ত খেলখন ৭ জুনৰ পৰা লণ্ডনত অনুষ্ঠিত হ'ব । এইবাৰ WTC ফাইনেলৰ বাবে কিছুমান নতুন নিয়ম কাৰ্যকৰী কৰা হৈছে । এতিয়া এই চেম্পিয়নশ্বিপত খেলখন ড্ৰ, টাই বা বাতিল হ'লে কোনটো দলে এই নতুন নিয়মৰ সুবিধা লাভ কৰিব চাওঁ আহক (World Test Championship India Vs Australia) ।

WTC Final 2023
WTC Final 2023

স্পৰ্টছ ডেস্ক, ৫ জুন : ভাৰত আৰু অষ্ট্ৰেলিয়াই মাজত ৭ জুনৰ পৰা লণ্ডনৰ অ'ভেলত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ খিতাপৰ বাবে যুঁজিব (World Test Championship India Vs Australia) । তাৰ বাবে দুয়োটা দলে ইংলেণ্ডত যথেষ্ট নেট অনুশীলন কৰি আছে । ৭ জুনৰ পৰা ১১ জুনলৈ দুয়োটা দলৰ মাজৰ খেলখন অতি ৰোমাঞ্চকৰ হ'ব বুলি আশা কৰা হৈছে (WTC Final 2023) । উল্লেখ্য, এইবাৰকে ধৰি দ্বিতীয়বাৰৰ বাবে ভাৰতীয় দলে WTC ফাইনেল খেলিব ।

ইয়াৰ পূৰ্বে ২০২১ চনত টীম ইণ্ডিয়াক নিউজীলেণ্ডে ৮ উইকেটত পৰাস্ত কৰি প্ৰথবাৰৰ বাবে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ খিতাপ দখল কৰিছিল । আনহাতে, ২০২২ চনত এই প্ৰতিযোগিতাখনত বৰষুণে বিধিপথালি দিছিল । এইবাৰো বৰষুণৰ বাবে খেলখনত কোনো প্ৰভাৱ পৰিব নেকি ? তাকে লৈ চলি আছে জল্পনা-কল্পনা । তাৰ মাজতে যদি মেচখন ড্ৰ, টাই বা বাতিল কৰিবলগা হয় তেন্তে তেনে পৰিস্থিতিত কোনটো দলে চেম্পিয়নশ্বিপ ট্ৰফী লাভ কৰিব । চাওঁ আহক নতুন নিয়মাৱলী কি (New Rules for WTC Final 2023) ।

ক্ৰিকেট অষ্ট্ৰেলিয়াৰ ৱেবছাইটত দিয়া এক প্ৰতিবেদন অনুসৰি, যদি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ (World Test Championship) ফাইনেলত খেলখন ড্ৰ বা টাই হয়, তেন্তে ভাৰত আৰু অষ্ট্ৰেলিয়া দুয়োটা দলে যুটীয়াভাৱে এই খিতাপৰ ট্ৰফী লাভ কৰিব । ইয়াৰ উপৰি যদি বৰষুণৰ বাবে ১১ জুনত খেলখন অনুষ্ঠিত নহয়, তেন্তে এনে পৰিস্থিতিত ১২ জুনত সংৰক্ষিত দিনৰ ব্যৱস্থা কাৰ্যকৰী কৰা হৈছে । আনহাতে, যদি কোনো কাৰণত খেলখন বাতিল কৰিবলগা হয়, তেন্তে দুয়োটা দলেই যুটীয়াভাৱে ট্ৰফী দখল কৰিব । নিয়ম অনুসৰি, বৰষুণ বা আন কোনো কাৰণত খেলখন এঘণ্টাতকৈ অধিক পলম হ'লেহে এই প্ৰতিযোগিতাখনত সংৰক্ষিত দিনটো ব্যৱহাৰ কৰা হ'ব ।

আইচিচিয়ে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ পূৰ্বে এটা নিয়ম আঁতৰাই দিছে (ICC WTC final 2023 rules) । আইচিচিয়ে কৈছে যে WTC-ত আৰু ছফ্ট ছিগনেলৰ নিয়ম নাথাকিব । ছফ্ট ছিগনেল নিয়ম অনুসৰি, যদি অন ফিল্ড আম্পায়াৰে এটা কেচ বা LBW-ৰ সন্দেহ কৰে, তেন্তে তেওঁ তাক তৃতীয় আম্পায়াৰলৈ প্ৰেৰণ কৰে । কিন্তু তাৰ পূৰ্বে তেওঁ এটা ছফ্ট ছিগনেল সংকেত দিয়ে (no soft signal in WTC final 2023) । ইয়াৰ পিছত যদি তৃতীয় আম্পায়াৰে সকলো ফুটেজ আৰু ভিডিঅ' চোৱাৰ পিছত সিদ্ধান্ত এটাত উপনীত হ'বলৈ সক্ষম হয়, তেন্তে খেলপথাৰৰ আম্পায়াৰৰ ছফ্ট ছিগনেল গ্ৰহণ কৰা হয় । কিন্তু এই নিয়মটোৰ ওপৰত পূৰ্বতে যথেষ্ট বিতৰ্ক হৈছিল । সেয়েহে এই নিয়মটো বাতিল কৰাৰ সিদ্ধান্ত লোৱা হৈছে ।

লগতে পঢ়ক :WTC Final 2023 : টেষ্ট বিশ্বকাপৰ 'Promo' মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.