ETV Bharat / sports

WTC Final 2023 : টেষ্ট বিশ্বকাপৰ 'Promo' মুকলি

author img

By

Published : Jun 2, 2023, 2:10 PM IST

আইচিচি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ'ব (WTC Final 2023)। দুয়োটা দলৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলী আৰু ষ্টিভ স্মিথে ক্ৰীড়াপ্ৰেমীৰ দৃষ্টি আকৰ্ষণ কৰিছে । দুয়োগৰাকী খেলুৱৈক লৈ আইচিচিয়ে মুকলি কৰিছে এটা ১ মিনিটৰ প্ৰমো ভিডিঅ' ।

WTC Final 2023
টেষ্ট বিশ্বকাপৰ 'Promo' মুকলি

স্পৰ্টছ ডেস্ক,২ মে' : অহা ৭ জুনৰ পৰা ইংলেণ্ডৰ অ'ভেলত অনুষ্ঠিত হ'ব ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল (World Test Championship final)। তাক লৈ এতিয়া ক্ৰিকেট বিশ্বত ব্যাপক কৌতূহলে বিৰাজ কৰিছে । ভাৰত আৰু অষ্ট্ৰেলিয়া দুয়োটা দলে এই প্ৰতিযোগিতাত জয়ী হ'বলৈ লক্ষ্য আগত ৰাখিছে । যাৰ বাবে পৃথকে পৃথকে দুয়োটা দলে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে । লণ্ডনত উপস্থিত হৈ দুয়োটা দলে অনুশীলন আৰম্ভ কৰিছে (India vs Australia 2023)।

আইচিচিয়ে আইচিচি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ অন্তিমখন টেষ্ট মেচক আলটিমেট টেষ্ট হিচাপে নামাকৰণ কৰি এটা প্ৰমো মুকলি কৰিছে । য'ত বিৰাট কোহলীৰ লগতে ষ্টিভ স্মিথক দেখা গৈছে । এই ১ মিনিটৰ প্ৰমো ভিডিঅ'টোত, ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত টেষ্ট মেচৰ কিছুমান স্মৰণীয় মুহূৰ্ত দেখুওৱা হৈছে (ICC released WTC final promo)।

প্ৰমোটোত, বিৰাট কোহলী আৰু ষ্টিভ স্মিথৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে । ১ মিনিটৰ ভিডিঅ'টো ৭ জুনৰ পৰা ১১ জুনলৈ অ'ভেলত অনুষ্ঠিত হ'বলগীয়া এই টেষ্ট মেচখন আল্টিমেট টেষ্ট নাম দি অধিক ৰোমাঞ্চকৰ কৰি তোলাৰ চেষ্টা কৰা হৈছে ।

উল্লেখ্য যে যোৱা বছৰ খেলা প্ৰথমখন বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ প্ৰথমখন ফাইনেলত ভাৰত আৰু নিউজিলেণ্ড মুখামুখি হৈছিল । য'ত নিউজিলেণ্ডৰ দলটোৱে ভাৰতক পৰাস্ত কৰি ডব্লিউটিচিৰ প্ৰথম চেম্পিয়ন হোৱাৰ গৌৰৱ অৰ্জন কৰিছিল (WTC 1st final)। ইয়াৰ পাছত, ভাৰতীয় দলে একেৰাহে দ্বিতীয়বাৰৰ বাবে ডব্লিউটিচি ফাইনেল খেলিবলৈ সুযোগ লাভ কৰিছে । এইবাৰ ভাৰতীয় দলে আইচিচি খিতাপ জয় কৰি টেষ্ট শৃংখলাৰ শাৰীত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ চেষ্টা চলাব ।

ভাৰতীয় দল : ৰোহিত শৰ্মা (অধিনায়ক), শুভমান গিল, চেতেশ্বৰ পুজাৰা, বিৰাট কোহলী, আজিংক্য ৰাহানে, কে এল ৰাহুল, কে এছ ভাৰত (ৱিকেট কীপাৰ), ৰবিচন্দ্ৰন অশ্বিন, ৰবীন্দ্ৰ জাদেজা, অক্সৰ পেটেল, শাৰ্দুল ঠাকুৰ, মহম্মদ ছামী, মহম্মদ চিৰাজ, উমেশ যাদৱ, জয়দেৱ উনাদকট ।

অষ্ট্ৰেলিয়া দল : পেট কামিন্স (অধিনায়ক), স্কট বোলেণ্ড, এলেক্স কেৰী, কেমেৰুন গ্ৰীণ, মাৰ্কাছ হেৰিছ, জছ হেজলউড, ট্ৰেভিছ হেড, জছ এনগ্লিছ, উছমান খোৱাজা, মাৰ্নাছ লাবুচাগনে, নাথান লিয়ন, মিচেল মাৰ্শ, টড মাৰ্ফি, মেথিউ ৰেনশ্ব, ষ্টিভ স্মিথ, মিচেল ষ্টাৰ্ক, ডেভিড ৱাৰ্ণাৰ ।

লগতে পঢ়ক :Junior Asia Cup Final : চতুৰ্থবাৰলৈ জুনিয়ৰ এছিয়া হকী কাপৰ খিতাপ দখল ভাৰতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.