ETV Bharat / sports

WTC Final 2023 : প্ৰথমদিনাই সবল স্থিতিত অষ্ট্ৰেলিয়া; দ্বিতীয়দিনা কি ৰণনীতিৰে নামিব ভাৰত ?

author img

By

Published : Jun 8, 2023, 2:23 PM IST

Updated : Jun 8, 2023, 3:24 PM IST

প্ৰথম দিনটোতে অষ্ট্ৰেলিয়াই সবল স্থিতিত উপনীত হৈছে । খেল শেষ হোৱাৰ সময়ত ট্ৰেভিছ হেড আৰু ষ্টিভ স্মিথে ক্ৰমান্বয়ে ১৪৬ আৰু ৯৫ ৰাণত বেটিং কৰি আছিল (WTC final 2023) । অষ্ট্ৰেলিয়াই অন্তিম ছেছনত কোনো উইকেট নেহেৰুৱাকৈ ৩৪ অ'ভাৰত ১৫৭ ৰাণ সংগ্ৰহ কৰে ।

WTC Final 2023
WTC Final 2023

স্পৰ্টছ ডেস্ক, ৮ জুন : বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ (World Test Championship) ফাইনেলৰ প্ৰথম দিনটো ভাৰতৰ বাবে সুখকৰ নহ'ল । প্ৰাৰম্ভিক অগ্ৰগতিৰ সুবিধা গ্ৰহণত ব্যৰ্থ হয় ভাৰত । যাৰ বাবে অষ্ট্ৰেলিয়াই প্ৰথমদিনাই এক সবল স্থিতি লাভ কৰে (WTC final 2023) । বুধবাৰে দিনটো ভাৰতীয় বলাৰসকলে তেওঁলোকৰ হাতত থকা সকলো কৌশল ব্যৱহাৰ কৰিলেও ব্যৰ্থ হয় । আনহাতে, বলাৰৰ ব্যৰ্থতাৰ সম্পূৰ্ণ সুযোগ গ্ৰহণ কৰে অষ্ট্ৰেলিয়াই ।

অষ্ট্ৰেলিয়াৰ বেটাৰসকলে অতি বিচক্ষণতাৰে খেলি দিনটোৰ শেষত দলটোক তিনি উইকেটৰ বিনিময়ত ৩২৭ ৰাণত উপনীত কৰায় । নিঃসন্দেহে যিটোৱে ভাৰতক বেকফুটলৈ ঠেলি দিছে (WTC final Australia vs India) । তৃতীয় আৰু চতুৰ্থ ছেছনত অষ্ট্ৰেলিয়াই অধিক আধিপত্য বিস্তাৰ কৰি ভাৰতীয় বলাৰক একপ্ৰকাৰ চোকহীন কৰি পেলায় । প্ৰথম চেছনটোত ভাৰতীয় বলাৰসকলে মেচ সম্পূৰ্ণ নিয়ন্ত্ৰণত ৰাখিলেও ক্ৰমান্বয়ে খোপনি হেৰুৱাবলৈ আৰম্ভ কৰে । যাৰ সম্পূৰ্ণ সুযোগ গ্ৰহণ কৰে ট্ৰেভিছ হেড আৰু ষ্টিভ স্মিথে (day 1 of WTC final 2023) ।

আনহাতে, যদি সাৱধানে মূল্যাঙ্কন কৰা হয় আৰু সৌৰভ গাংগুলীয়ে আৰম্ভণিতে কৰা পূৰ্বানুমানৰ দৰে, এইটো কোনো আচৰিত কথা নহয় যে অষ্ট্ৰেলিয়াই প্ৰাৰম্ভিক বিসফলতা সত্ত্বেও বৃহৎ স্ক'ৰৰ দিশে আগবাঢ়িছে । এই ক্ষেত্ৰত ভাৰতে যশপ্ৰীত বুমৰাহৰ অনুপস্থিতি বাৰুকৈয়ে অনুভৱ কৰিছে । আৰু ট্ৰেভিছ হেডৰ বিষয়ে, তেওঁৰ ইনিংছটোৰ বিষয়ে উল্লেখ কৰাৰ প্ৰয়োজন নাই । এয়া হৈছে এক সম্পূৰ্ণভাৱে পূৰ্ণ দক্ষতা ভৰা আৰু সময়োপযোগী ইনিংছ ।

কিন্তু দ্বিতীয়দিনা ভাৰতে কি ৰণনীতি লৈ খেলপথাৰত নামে সেইটো হ'ব লক্ষণীয় । কিয়নো বৃহস্পতিবাৰে অষ্ট্ৰেলিয়াই যিমানেই ৰাণ সংগ্ৰহ কৰে সেয়া হ'ব দলটোৰ বাবে এক অন্য বোনাচ । সেইটো হোৱাটোও সম্ভৱ । কিয়নো হেড আৰু স্মিথে যেনেদৰে বেটিং কৰি আছে, তেওঁলোক দুয়োৱে নিজৰ ইনিংছ আগবঢ়াই নিয়াৰ চেষ্টা কৰিব ।

তাৰ বাবে প্ৰথম ঘণ্টাটো অধিক সাৱধান হোৱাৰ সম্ভাৱনা আছে । অৱশ্যে আক্ৰমণাত্মক ৰূপো ধাৰণ কৰিব পাৰে । সি যি কি নহওক, ভাৰতীয় বলাৰসকলৰ বাবে প্ৰথম ঘণ্টাটো হ'ব অতি গুৰুত্বপূৰ্ণ । অতিকমেও ২-৩ টা উইকেট দখলৰ লক্ষ্য ৰাখিব লাগিব বলাৰসকলে । তাৰ বাবে বলাৰসকলো আক্ৰমণাত্মক হ'ব লাগিব ।

ট্ৰেভিছ হেড আৰু ষ্টিভ স্মিথে প্ৰথমদিনা খেলৰ সমাপ্তিৰ সময়ত ক্ৰমান্বয়ে ১৪৬ আৰু ৯৫ ৰাণত বেটিং কৰি আছিল । আনহাতে, অষ্ট্ৰেলিয়াই অন্তিম ছেছনত ৩৪ অ'ভাৰত এটাও উইকেট নেহেৰুৱাকৈ ১৫৭ ৰাণ যোগ কৰে । আনহাতে, দুয়োৱে মিলি চতুৰ্থ উইকেটত অপৰাজিতভাৱে ২৫১ ৰাণ যোগ দিয়ে । ইয়াৰ পূৰ্বে টছত পৰাজয়ৰ পিছত বেটিং কৰিবলৈ আমন্ত্ৰণ পোৱা অষ্ট্ৰেলিয়াই মধ্যাহ্নভোজনৰ পিছৰ ছেছনত এটা উইকেট হেৰুৱাই ২৮ অ'ভাৰত ৯৭ ৰাণ যোগ দিয়ে ।

অপেনাৰ ডেভিদ ৱাৰ্ণাৰে ৬০ টা বলত ৪৩ ৰাণ কৰি বিদায় লোৱাৰ পিছত কেংগাৰু বাহিনীয়ে মধ্যাহ্নভোজনৰ সময়ত ২ উইকেটত ৭৩ ৰাণ সংগ্ৰহ কৰিছিল । প্ৰথম দিনটোত মহম্মদ ছামী, মহম্মদ চিৰাজ আৰু শাৰ্দুল ঠাকুৰে এটাকৈ উইকেট দখল কৰ ।

লগতে পঢ়ক :WTC Final 2023 : দুৰ্ধৰ্ষ অষ্ট্ৰেলিয়াক ৰুধি টেষ্টৰ সৰ্বশ্ৰেষ্ঠ হ'ব পাৰিবনে ৰোহিত বাহিনী!

Last Updated : Jun 8, 2023, 3:24 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.