ETV Bharat / sports

World Cup 2023 : চাকিব অবিহনে ভাৰতৰ বিৰুদ্ধে বাংলাদেশ

author img

By ETV Bharat Assamese Team

Published : Oct 19, 2023, 4:28 PM IST

ভাৰতৰ বিৰুদ্ধে মেচৰ পৰা বাহিৰ হৈছে চাকিব আল হাচান । কিয়নো তেওঁ আঘাতৰ সমস্যাত ভুগি আছে আৰু মেচখনৰ পূৰ্বে সুস্থ হোৱা নাই । মেচখন বৰ্তমান পুনেৰ মহাৰাষ্ট্ৰ ক্ৰিকেট এছোচিয়েচন ষ্টেডিয়ামত চলি আছে ।

চাকিব অবিহনে ভাৰতৰ বিৰুদ্ধে বাংলাদেশ
World Cup 2023

স্পৰ্টছ ডেস্ক, ১৯ অক্টোবৰ : ভাৰতৰ বিৰুদ্ধে বিশ্বকাপৰ লীগ পৰ্যায়ৰ গুৰুত্বপূৰ্ণ মেচত বাংলেদশৰ বাবে মোক্ষম আঘাত । সময়মতে আঘাতৰ পৰা আৰোগ্য নোহোৱাৰ ফলত বাংলাদেশে তেওঁলোকৰ নিয়মীয়া অধিনায়ক তথা অলৰাউণ্ডাৰ চাকিব আল হাচানৰ অভাৱ অনুভৱ কৰিছে । কিয়নো চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত নিউজীলেণ্ডৰ বিৰুদ্ধে মেচৰ সময়ত চাকিবে ফিটনেছৰ সমস্যাৰ সন্মুখীন হয় ।

স্কেনৰ পিছৰ প্ৰতিবেদনত এইটো প্ৰকাশ কৰা হয় যে বিশ্বমানৰ অলৰাউণ্ডাৰজনে সামান্য ভৰিৰ গাঁঠিৰ বিষৰ সন্মুখীন হৈছে । বাংলাদেশৰ প্ৰশিক্ষকেও মেচখনৰ পূৰ্বে কয় যে চাকিবে মেচৰ বাবে সম্পূৰ্ণ ফিট হ'লেহে খেলিব । অৱশ্যে পিছত দেখা যায় যে চাকিব এই গুৰুত্বপূৰ্ণ মেচখনৰ বাবে ১০০ শতাংশ সুস্থ নহয় আৰু সেয়েহে তেওঁক বিশ্ৰাম দিয়া হয় ।

আনহাতে, চাকিবৰ অনুপস্থিতিত নাজমুল হোছেইন শান্তোৱে বাংলাদেশ দলক নেতৃত্ব প্ৰদান কৰি আছে । ইায়কে লৈ তেওঁ দ্বিতীয়বাৰৰ বাবে দলটোক নেতৃত্ব দিছে । বাংলা টাইগাৰে চাকিবৰ সলনি নচুম আহমেদক দলত অন্তৰ্ভুক্ত কৰিছে । কিয়নো তেওঁ বাংলাদেশী অলৰাউণ্ডাৰজনৰ দৰে বাঁওহাতৰ স্পিনেৰে ভাৰতীয় বেটছমেনক প্ৰভাৱিত কৰিব পাৰে ।

উল্লেখ্য যে চাকিবে প্ৰতিযোগিতাখনত এতিয়ালৈকে তিনিখন মেচ খেলিছে । সৰ্বাধিক ৪০ ৰাণেৰে ১৮.৩৩ গড়ৰ সৈতে তেওঁ ৫৫ ৰাণ সংগ্ৰহ কৰিছে । লগতে তেওঁ হাতত বল লৈ পাঁচটা উইকেট দখল কৰিছে । অৱশ্যে বাংলাদেশে আশা কৰিব যে তেওঁলোকৰ তাৰকা অলৰাউণ্ডাৰগৰাকী ২৪ অক্টোবৰে মুম্বাইত টেম্বা বাভুমা নেতৃত্বাধীন দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলখনৰ পূৰ্বে ফিট হ'ব ।

লগতে পঢ়ক :CWC 2023 IND vs BAN : বিশ্বকাপৰ সপ্তদশ মেচত ভাৰত বনাম বাংলাদেশ; টছত জয়ী হৈ বেটিঙৰ সিদ্ধান্ত বাংলাদেশৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.