ETV Bharat / sports

CWC 2023 : বিৰাট কোহলীৰ ৪৮ সংখ্যক এদিনীয়া শতকত কে এল ৰাহুলৰ গুৰুত্বপূৰ্ণ ভূমিকা

author img

By ETV Bharat Assamese Team

Published : Oct 20, 2023, 1:03 PM IST

চলিত বিশ্বকাপত বিৰাট কোহলীৰ প্ৰথমটো শতকত কে এল ৰাহুলৰ বিশাল অৱদানৰ কথা কেতিয়াও পাহৰিব নোৱাৰি ।

বিৰাট কোহলীৰ ৪৮ সংখ্যক এদিনীয়া শতক
CWC 2023

স্পৰ্টছ ডেস্ক, ২০ অক্টোবৰ : চলিত বিশ্বকাপত ভাৰতৰ দমনীয় প্ৰদৰ্শন অব্যাহত আছে । বিশেষকৈ দলগতভাৱে যি খেল প্ৰদৰ্শন কৰিছে, তাৰ বাবে ভাৰতীয় দলটোৱে চাপমুক্ত হৈ জয়ৰ দিশে অগ্ৰসৰ হোৱাত সহায় হৈছে । একে প্ৰদৰ্শন বৃহস্পতিবাৰে পুনেতো দেখিবলৈ পোৱা যায় । বাংলাদেশক সাত উইকেটত পৰাস্ত কৰি ভাৰতে এইবাৰৰ বিশ্বকাপত ক্ৰমাগত চতুৰ্থটো বিজয় সাব্যস্ত কৰে । এই মেচখনত ৰোহিত শৰ্মাৰ বিস্ফোৰক আৰম্ভণি আৰু শুভমন গিলৰ অৰ্ধশতকে যেনেদৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল তাত বিৰাট কোহলীৰ শতকটোৱে মেচখনৰ সফল সমাপ্তি ঘটায় ।

বিৰাট কোহলীয়ে পুনেত নিজৰ এদিনীয়া কেৰিয়াৰৰ ৪৮ সংখ্যক শতকটো অৰ্জন কৰে । কিন্তু গুৰুত্বপূৰ্ণ কথাটো হৈছে, তেওঁৰ এই শতক অৰ্জনত কে এল ৰাহুলৰো যথেষ্ট অৱদান আছে । যাৰ বাবে কোহলীয়ে শতক অৰ্জনৰ মুহূৰ্তত ৰাহুলক বিশেষ ধন্যবাদ জনায় । কিয়নো মেচখনত অন্তিম মুহূৰ্তত জয়ৰ বাবে ভাৰতক যিমান ৰাণৰ প্ৰয়োজন আছিল, শতকৰ বাবে কোহলীকো সিমান ৰাণৰে প্ৰয়োজন আছিল ।

সেই সময়ত ৰাহুলে ৰাণ নকৰিবৰ বাবে খেলিবলগা হৈছিল, যাতে কোহলীয়ে শতকটো অৰ্জন কৰিব পাৰে । কোনো ৰাণ নোলোৱাৰ বাবে খেলা আৰু কোহলীক তেওঁৰ শতক অৰ্জন কৰিবলৈ আগবঢ়াই নিয়াৰ ৰাহুলৰ যি এক মহানুভৱ দৃষ্টিভঙ্গী তাৰ বাবে কোহলীয়ে এক মেচবিজয়ী শতক অৰ্জন কৰিবলৈ সক্ষম হয় । কেৱল সিমানেই নহয়, ইয়াৰ দ্বাৰা ৰোহিত শৰ্মাৰ দলৰ দলীয় মনোভাবৰ লগতে তেওঁলোকৰ ২০২৩ চনৰ বিশ্বকাপ সংস্কৰণত সপোনৰ দৌৰত এক ইতিবাচক পৰিৱেশৰ কথা ব্যক্ত কৰিছে ।

বাংলাদেশৰ বিৰুদ্ধে জয়ত অৰিহণা যোগোৱাৰ বাবে পুনেত অতি শান্তভাৱে ৩৪ ৰাণ কৰা ৰাহুলে দ্ৰুত গতিত ৰাণ কৰি আছিল । কিন্তু যেতিয়া ৩৮ নম্বৰ অভাৰত কোহলীয়ে তেওঁৰ ৮০ ৰাণ সংগ্ৰহ কৰে আৰু ১০০ ৰাণৰ দিশে অগ্ৰসৰ হোৱাৰ সময়ত ৰাহুলে নিজৰ দৃষ্টিভংগী সলনি কৰিছিল । আনকি মেচখন জয়ৰ বাবে ভাৰতক মাত্ৰ ২৩ ৰাণ বাকী থকা অৱস্থাত ৰাহুলে কোহলীৰ ওচৰলৈ গৈ ব্যক্তিগতভাৱে ৰাণ সংগ্ৰহত গুৰুত্ব নিদি তেওঁক শতক অৰ্জন কৰিবলৈ আহ্বান জনাই এক বাৰ্তালাপ কৰে ।

কোহলীয়ে এই প্ৰত্যাহ্বান গ্ৰহণ কৰে আৰু ৰাহুলৰ সতীৰ্থৰ প্ৰতি এই সমৰ্থনক যোগ্যভাৱে উত্তৰ দি এটা বিশাল ছয়েৰে তেওঁৰ শতকটো সম্পূৰ্ণ কৰে । অৱশ্যে জয়ৰ বাবে মাত্ৰ ২ ৰাণ বাকী থকা অৱস্থাত কোহলীৰ শতকটোক লৈ অলপ দুশ্চিন্তা হৈছিল যদিও বিশাল ছয়টোৰে তেওঁৰ ঈপ্সিত লক্ষ্যত উপনীত হয় ।

ইফালে মেচখনৰ পিছত ৰাহুলে কয়, "মই তেওঁক (কোহলী) কৈছিলোঁ যে আমি জিকিবলৈ গৈ আছোঁ, গতিকে তেওঁ এটা মাইলৰ খুঁটি স্থাপন কৰা উচিত ।" অৱশ্যে এইটো প্ৰথমবাৰৰ বাবে নহয় যে ৰাহুলক কোহলীৰ তাৰকা শক্তি আৰু এজন অধ্যৱসায়ী ৰান-চেজাৰ হিচাপে খ্যাতিৰ দ্বাৰা আখ্যায়িত কৰা হৈছে । চেন্নাইত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ উদ্বোধনী মেচখনত আৰম্ভণিৰ অভাৰত তিনিটাকৈ উইকেট শূন্য ৰাণতে হেৰুওৱাৰ পিছত ৰাহুল-বিৰাট যুটিটোৱেই ভাৰতৰ বিজয়ৰ ভেটি গঢ়িছিল । অৱশ্যে মাত্ৰ তিনি ৰাণৰ বাবে শতকৰ পৰা বঞ্চিত হৈ ৰাহুল অপৰাজিত হৈ থাকে ।

লগতে পঢ়ক :World Cup 2023: বাংলাদেশৰ বিৰুদ্ধে 7 উইকেটত জয়ী মেন ইন ব্লু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.