ETV Bharat / sports

ৰবি শাস্ত্ৰীৰ দৃষ্টিকোণেৰে: শেহতীয়া দুয়োখন মেচৰ দৰে প্ৰদৰ্শন কৰিলেই বিশ্বকাপত জয়ী হ’ব ভাৰত

author img

By ETV Bharat Assamese Team

Published : Nov 17, 2023, 8:29 PM IST

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া আইচিচি ক্ৰিকেট বিশ্বকাপ ২০২৩ৰ ফাইনেলত ভাৰতে অতিশয় ফেভাৰিট হিচাপে পৰিগণিত হ’ব বুলি শুকুৰবাৰে দলটোৰ প্ৰাক্তন মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰীয়ে মন্তব্য কৰে ৷ আয়োজক দলটোক নিজৰ খেল পৰিকল্পনাত অটল থাকিবলৈ আহ্বান জনায় শাস্ত্ৰীয়ে । অহা ১৯ নৱেম্বৰ দেওবাৰে আহমেদাবাদৰ মোটেৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া ফাইনেলখন ২০১১ চনৰ বিশ্বকাপৰ ফাইনেলৰ পুনৰাবৃত্তি হ’ব বুলিও তেওঁ কয় ।

World Cup 2023
World Cup 2023

স্প’ৰ্টছ ডেস্ক, ১৭ নৱেম্বৰ: দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া আই চি চি পুৰুষ ক্ৰিকেট বিশ্বকাপ ২০২৩ ৰ ফাইনেলত ভাৰত মুখামুখি হ’ব অষ্ট্ৰেলিয়াৰ ৷ এই হাই ভল্টেজ খেলখনক লৈ শুকুৰবাৰে নিজৰ মতামত প্ৰকাশ কৰে প্ৰাক্তন ক্ৰিকেটাৰ তথা প্ৰখ্যাত ধাৰাভাষ্যকাৰ ৰবি শাস্ত্ৰীয়ে ।

১৯৮৩ চনৰ বিশ্বকাপ বিজয়ী ভাৰতীয় দলটোৰ অংশ হিচাপে থকা ৰবি শাস্ত্ৰীয়ে কয় যে ৰোহিত শৰ্মাৰ নেতৃত্বত গঠিত দলটোৱে বিশ্বকাপ জয়ৰ বাবে দৰ্শকৰ প্ৰিয় হিচাপে বিবেচিত হ’ভ ৷ বিগত দুখন খেলত যিদৰে খেলিছিল, সেইদৰে খেলা-ধূলা কৰি যাব লাগিব ট্ৰফী জয়ৰ বাবে ।

তেওঁ কয় যে ভাৰতে যেতিয়া চূড়ান্ত খেলখনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলপথাৰত নামিব তেতিয়া ফেভাৰিট হিচাপে আৰম্ভণি কৰিব । তেওঁলোকে বেলেগ একো কৰিব নালাগে, মাত্ৰ যোৱা দুখন খেলত যি কৰি আছে তাক আগবঢ়াই নিব লাগিব । মই বিচাৰো দলটো সুসংগঠিত হওক আৰু শান্তভাৱে চাপৰ মোকাবিলা কৰক ।’’ পেট কামিন্সৰ নেতৃত্বত কেংগাৰু দলটোৰ বিৰুদ্ধে খিতাপ দখলৰ যুঁজৰ পূৰ্বে ভাৰতৰ প্ৰাক্তন প্ৰশিক্ষক শাস্ত্ৰীয়ে কয় ।

শাস্ত্ৰীয়ে হিচাপ কৰি কয় যে দলৰ সকলোৱে প্ৰতিযোগিতাখনত নিজৰ শ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়াইছে যিটো এক ডাঙৰ লক্ষণ ।

এতিয়ালৈকে ভাৰত এই সন্মানীয় টুৰ্ণামেণ্টত একমাত্ৰ অপৰাজিত দল আৰু নিউজীলেণ্ডক ৰোমাঞ্চকৰ ছেমি ফাইনেলত পৰাস্ত কৰাৰ মূল কাৰণ হৈছে তেওঁলোকৰ বেটছমেনসকলে দ্ৰুত গতিত স্ক’ৰ কৰা ৰান আৰু পেচাৰ মহম্মদ শ্বামীয়ে মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত বলিং আক্ৰমণেৰে দখল কৰা উইকেট ৷

আনখন ছেমি ফাইনেলত অষ্ট্ৰেলিয়াই বৃহস্পতিবাৰে কলকাতাৰ ইডেন গাৰ্ডেনত দক্ষিণ আফ্ৰিকাক তিনিটা উইকেটত পৰাস্ত কৰে । দেওবাৰে আহমেদাবাদত অনুষ্ঠিত হ’বলগীয়া ফাইনেলত দুয়োটা দলে খেলিব ।

লগতে পঢ়ক: ভাৰতীয় বলাৰৰ প্ৰদৰ্শন সকলোৰে আলোচ্য বিষয়ত পৰিণত হৈছে; মঃ শ্বামীৰ প্ৰশিক্ষক বদৰুদ্দিন ছিদ্দিকি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.