ETV Bharat / sports

World Cup 2023 : চেষ্টা কৰিবই লাগিব; ৰাহুলৰ এই পৰামৰ্শই কোহলীক শতক অৰ্জনত সহায় কৰিছিল

author img

By ETV Bharat Assamese Team

Published : Oct 20, 2023, 5:00 PM IST

কে এল ৰাহুলে প্ৰকাশ কৰিছে যে যেতিয়া বিৰাট কোহলীয়ে চলিত বিশ্বকাপত বাংলাদেশৰ বিৰুদ্ধে তেওঁৰ ৪৮ সংখ্যক এদিনীয়া শতকৰ দিশে আগবাঢ়িল, তেতিয়া তেওঁ এক ৰাণ নোলোৱাৰ ধাৰণা আহিছিল । অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পূৰ্বৰ এখন মেচত ৰাহুলৰ এক অভিজ্ঞতা আছিল । তেওঁ প্ৰতিযোগিতাখনৰ প্ৰথম মেচত ৯৭ ৰাণত অপৰাজিত হৈ থকাৰ অভিজ্ঞতাই তেওঁক এই ধাৰণা আনি দিছিল । আনহাতে, কোহলীয়ে ব্যক্তিগত মাইলৰ খুঁটিৰ বাবে খেলি থকা বুলি কৰা সমালোচনাৰ উত্তৰত ৰাহুলে কয় যে প্ৰকৃততে মেচখন সমাপ্ত কৰাৰ পৰিৱৰ্তে শতকৰ লক্ষ্য লোৱাটো তেওঁৰেই ধাৰণা আছিল ।

ৰাহুলৰ এই পৰামৰ্শই কোহলীক শতক অৰ্জনত সহায় কৰিছিল
World Cup 2023

স্পৰ্টছ ডেস্ক, ২০ অক্টোবৰ : ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলীয়ে বৃহস্পতিবাৰে সন্ধিয়া বাংলাদেশৰ বিৰুদ্ধে শতক অৰ্জন কৰাত তেওঁৰ অনুৰাগীসকল উৎফুল্লিত হৈ পৰিছে । আনহাতে, একাংশ সমালোচক অনুৰাগীয়ে ইয়াৰ সমালোচনা কৰি কয় যে তাৰকা বেটাৰজনে তেওঁৰ স্বাভাৱিক খেলৰ পৰিৱৰ্তে বিশ্বকাপত নিজৰ ব্যক্তিগত মাইলৰ খুঁটি স্থাপন কৰিবলৈ বাছি লৈছিল ।

আনহাতে, কোহলীৰ বেটিং পাৰ্টনাৰ কে এল ৰাহুলে নন-ষ্ট্ৰাইকিং এণ্ডত নীৰৱে এক মুহূৰ্তৰ বাবে অপেক্ষা কৰি আছিল । ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ (আৰচিবি) অধিনায়কে যেতিয়া বলটো বাউণ্ডেৰী লাইনৰ ওপৰেৰে বিজয়ী শ্বটৰ বাবে ষ্টেণ্ডলৈ প্ৰেৰণ কৰিছিল, সেই সময়ত অটল ৰাহুল আনন্দিত হৈছিল । কিয়নো কোহলীয়ে তেওঁৰ শতক হেৰুৱাব পাৰে বুলিয়ে ৰাহুলে এক ৰাণ লোৱা নাছিল । উল্লেখ্য যে ভাৰতৰ প্ৰথমখন মেচৰ অন্তিম মুহূৰ্তত হাৰ্দিক পাণ্ডিয়াৰ ছয়টোৱে ৰাহুলক শতকৰ সুযোগৰ পৰা বঞ্চিত কৰিছিল । যাৰ বাবে তেওঁ সুখী হোৱাৰ আন এটা কাৰণ আছিল ।

কিন্তু ৰাহুলে ভাৰতীয় ইনিংছৰ শেষৰ ফালে সহজে উপলব্ধ এক ৰাণ নোলোৱাৰ বাবে সামাজিক মাধ্যমত চৰ্চাও হয় । কিন্তু ৰাহুলে নম্ৰভাৱে ইয়াৰ ব্যাখ্যা আগবঢ়ায় ।

উল্লেখ্য য়ে ৩৪ বছৰীয়া কোহলীয়ে তেওঁৰ ৪৮ সংখ্যক এদিনীয়া শতক অৰ্জন কৰি ভাৰতক বাংলাদেশৰ বিৰুদ্ধে সাত উইকেটৰ সহজ জয়ৰ সোৱাদ দিয়ে । ফিনিচাৰ কোহলীয়ে নচুম আহমেদক মিড-উইকেটৰ ওপৰেৰে ছয় মাৰি বিজয় উল্লাসেৰে পেভিলিয়নলৈ উভতি আহে । সেই সময়ত ভাৰতক মেচখনত জিকিবলৈ মাত্ৰ ২ ৰাণৰ প্ৰয়োজন আছিল ।

যেতিয়া কোহলীক তেওঁৰ শতকৰ মাইলৰ খুঁটি স্থাপন কৰিবলৈ ১৯ ৰাণৰ প্ৰয়োজন হৈছিল, ভাৰতকো মেচখন জিকিবলৈ সিমান ৰাণৰে প্ৰয়োজন আছিল । ৰাহুলে তাৰ মাজতে কোহলীৰ সৈতে কথা পাতে আৰু তাৰ পিছত কোহলীয়ে উপলব্ধ এক ৰাণ নোলোৱাকৈ অস্বাভাৱিকভাৱে খেলিবলৈ আৰম্ভ কৰে । তেওঁ বল বাউণ্ডেৰী লাইন পাৰ কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিয়ে । কিন্তু যেতিয়া তেওঁ বাউণ্ডেৰী লাইনৰ পৰিৱৰ্তে ফিল্ডাৰ বিচাৰি পাইছিল তেতিয়া তেওঁ নিজৰ ওপৰতে অসন্তুষ্ট হোৱা দেখা গৈছিল । অৱশ্যে তেওঁ ষ্ট্ৰাইকতে আছিল ।

কিন্তু বাংলাদেশী বলাৰসকলে অনুশাসনহীন বলিঙে কোহলীৰ শতকলৈ ভাবুকিও আনিছিল । কিয়নো স্ক'ৰবোৰ্ডত তেতিয়া অতিৰিক্ত ৰাণ যোগ হোৱাৰ সম্ভাৱনা আছিল ।

তাৰ মাজতে আম্পায়াৰ ৰিচাৰ্ড কেটেলবৰোৱে এটা ৱাইড বল ঘোষণা কৰা নাছিল । নচুমে বলটো লেগছাইডলৈ পঠিওৱাৰ সময়ত কোহলী ৯৭ ৰাণত আছিল । কিন্তু অৱশেষত কোহলীয়ে জয়লাভ কৰিছিল ধৈৰ্যশীল হৈ থাকি । অৱশেষত তেওঁ শতক অৰ্জন কৰে ।

"তেওঁ প্ৰকৃততে বিভ্ৰান্ত হৈছিল । তেওঁ কৈছিল, 'এটাও ৰাণ নল'লে ভাল নালাগিব, যিহেতু এইখন বিশ্বকাপৰ খেল । এইটো এক ডাঙৰ মঞ্চ আৰু মই এনে কৰিব নিবিচাৰোঁ যেন মই এক মাইলৰ খুঁটিহে স্থাপন কৰিব বিচাৰোঁ' । কিন্তু মই ক'লোঁ, 'আমি এতিয়াও মেচখন অতি সহজে জিকিম, গতিকে যদি আপুনি মাইলৰ খুঁটিটো পাব পাৰে, তেনেহ'লে কিয় নকৰিব । আপুনি চেষ্টা কৰিবই লাগিব' । আৰু তেওঁ শেষত সেইটো কৰিছিল আৰু মই এক ৰাণ দৌৰিবলৈ যোৱা নাছিলোঁ !" ৰাহুলে কয় ।

উল্লেখ্য, মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰৰ দ্বাৰা স্থাপিত ৪৯ টা এদিনীয়া শতকৰ বিশ্ব ৰেকৰ্ডৰ সমতুল্য হোৱাৰ পৰা বৰ্তমান কোহলী মাত্ৰ এটা শতক দূৰৈত আছে । বাংলাদেশৰ বিৰুদ্ধে এই শতকীয় ইনিংছৰ সৈতে তেওঁ বিশ্ব ক্ৰিকেট ইতিহাসৰ চতুৰ্থ সৰ্বাধিক আন্তৰ্জাতিক ৰাণ সংগ্ৰহ কৰা খেলুৱৈ হৈ পৰিছে । ইনিংছৰ ৭৭ সংখ্যক ৰাণ সংগ্ৰহৰ সৈতে তেওঁ আন্তৰ্জাতিক ক্ৰিকেটত তেওঁৰ ২৭,০০০ ৰাণো সম্পূৰ্ণ কৰে ।

আনহাতে, এই বিজয়ৰ সৈতে ভাৰতে চাৰিখন মেচৰ পৰা আঠ পইণ্ট লাভ কৰি পইণ্ট তালিকাত দ্বিতীয় স্থানত আছে । ভাৰতে এতিয়ালৈকে চলিত বিশ্বকাপত খেলা প্ৰতিখন মেচত জয়লাভ কৰিলেও গড় ৰান ৰেটৰ বাবে নিউজীলেণ্ডতকৈ পিছপৰি আছে ।

লগতে পঢ়ক :Cricket World Cup 2023 : নিউজীলেণ্ডৰ বিৰুদ্ধে নাথাকিব হাৰ্দিক পাণ্ডিয়া; ছামী বা সূৰ্য কোনে পাব দলত স্থান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.