ETV Bharat / sports

Cricket World Cup 2023 : নিউজীলেণ্ডৰ বিৰুদ্ধে নাথাকিব হাৰ্দিক পাণ্ডিয়া; ছামী বা সূৰ্য কোনে পাব দলত স্থান

author img

By ETV Bharat Assamese Team

Published : Oct 20, 2023, 2:50 PM IST

Updated : Oct 20, 2023, 5:23 PM IST

আঘাতপ্ৰাপ্ত হাৰ্দিক পাণ্ডিয়া নিউজীলেণ্ডৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ মেচখনৰ পৰা বাহিৰ হৈছে । তেওঁৰ ঠাইত সূৰ্যকুমাৰ যাদৱ বা মহম্মদ ছামীয়ে দললৈ আমন্ত্ৰণ লাভ কৰিব পাৰে ।

নিউজীলেণ্ডৰ বিৰুদ্ধে নাথাকিব হাৰ্দিক পাণ্ডিয়া
Cricket World Cup 2023

স্পৰ্টছ ডেস্ক, ২০ অক্টোবৰ : একেৰাহে চাৰিখন মেচত জয়লাভৰ পিছত বিশ্বকাপত ভাৰতীয় দলত এইবাৰ আঘাতৰ সমস্যাই জোকাৰিছে । পুনেৰ মহাৰাষ্ট্ৰ ক্ৰিকেট এছ'চিয়েচন ষ্টেডিয়ামত বাংলাদেশৰ বিৰুদ্ধে মেচৰ সময়ত আঘাতপ্ৰাপ্ত হয় হাৰ্দিক পাণ্ডিয়া । নিজৰ বলিংত ফিল্ডিং কৰাৰ সময়ত বাঁও গোৰোহাত আঘাতপ্ৰাপ্ত টীম ইণ্ডিয়াৰ উপ-অধিনায়ক হাৰ্দিক পাণ্ডিয়াই ধৰমশালাত নিউজীলেণ্ডৰ বিৰুদ্ধে মেচখনত খেলিব নোৱাৰিব । হাৰ্দিকৰ অনুপস্থিতি ভাৰতীয় দলৰ বাবে এক গুৰুতৰ সমস্যা হিচাপে দেখা দিব পাৰে । কিয়নো বেট আৰু বলেৰে হাৰ্দিকে ভাৰতৰ হৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ।

"অলৰাউণ্ডাৰজনক স্কেনৰ বাবে লৈ যোৱা হৈছিল । তাৰ পিছত তেওঁক বিশ্ৰামৰ পৰামৰ্শ দিয়া হৈছে । তেওঁ বিচিচিআই চিকিৎসা দলৰ নিৰন্তৰ তত্ত্বাৱধানত থাকিব । ২০ অক্টোবৰত দলটোৰ সৈতে ধৰ্মশালালৈ তেওঁ নাযায় । লক্ষ্ণৌত পোনপটীয়াকৈ দলটোত যোগদান কৰিব, য'ত ভাৰতে ইংলেণ্ডৰ সৈতে খেলিব ।" বিচিচিআইৰ সচিব জয় শ্বাহে জাৰি কৰা এক বিবৃতিত কোৱা হৈছে ।

উল্লেখ্য, নিউজীলেণ্ডৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ মেচখনত হাৰ্দিক পাণ্ডিয়াৰ অনুপস্থিতি অধিনায়ক ৰোহিত শৰ্মা আৰু দল পৰিচালনাৰ বাবে বিৰাট ডাঙৰ আঘাত হ'ব । কিয়নো অলৰাউণ্ডাৰগৰাকী চলিত বিশ্বকাপত ভাৰতীয় অভিযানৰ এক গুৰুত্বপূৰ্ণ অংগ । তেওঁ হৈছে ৰোহিত শৰ্মাৰ ষষ্ঠগৰাকী বলাৰ । তেওঁ বল হাতত লৈ অপ্ৰত্যাশিত বৈচিত্ৰ্য আনি পাৰ্টনাৰশ্বিপ ভংগ কৰাৰ ক্ষমতা আছে ।

অৱশ্যে এতিয়ালৈকে হাৰ্দিক পাণ্ডিয়াক ভাৰতৰ বেটিং ভাগ্য ৰক্ষা কৰাৰ প্ৰয়োজন হোৱা নাই । কিয়নো শীৰ্ষ চাৰিওজন বেটাৰে তেওঁলোকৰ দায়িত্ব সঠিকভাৱে পালন কৰি আহিছে । কিন্তু জয়ৰ সময়ত প্ৰয়োজন হোৱা তেওঁৰ বেটিং দক্ষতা আৰু প্ৰয়োজনত সুন্দৰ ফিনিশ্বিং কৰাৰ তেওঁৰ কৌশলৰ পৰা ভাৰত বঞ্চিত হ'ব ।

আনহাতে, ৰোহিত শৰ্মাৰ বাবে পুনেত যথেষ্ট ৰাণ খৰচ কৰা শাৰ্দুল ঠাকুৰৰ পৰিৱৰ্তে মহম্মদ ছামীৰ দিশে যোৱাৰ বিকল্প আছে । আনহাতে, ধৰ্মশালাত মূল একাদশত পূৰ্ণকালীন বেটাৰ সূৰ্যকুমাৰ যাদৱক অন্তৰ্ভুক্ত কৰাৰ বিকল্প আছে ।

উল্লেখ্য যে কিৱি বাহিনীয়ে ২০১৯ চনৰ বিশ্বকাপৰ ছেমি ফাইনেলত টীম ইণ্ডিয়াক প্ৰতিযোগিতাৰ পৰা বাহিৰ কৰিছিল । অৱশ্যে শাৰ্দুল ঠাকুৰক এজন অলৰাউণ্ডাৰ হিচাপে ব্যৱহাৰ কৰাটো আন এটা বিকল্প হ'ব । তেনে ক্ষেত্ৰত মহম্মদ ছামীক বলিং ইউনিটত সংযোগ কৰিব পাৰে । দুয়োটা ক্ষেত্ৰতে টীম ইণ্ডিয়াই বিজয়ী সংমিশ্ৰণৰ দিশে যোৱাৰ সিদ্ধান্তত কোনো আপোচ নকৰে ।

অৱশ্যে নেটত নিৰন্তৰ অনুশীলন কৰি থকা সূৰ্যকুমাৰ যাদৱৰ বাবে এইটো এটা সোণালী সুযোগ হ'ব । কাৰণ তেওঁ বিশ্বকাপত প্ৰথমখন মেচত অংশগ্ৰহণ কৰাৰ বাবে সুযোগৰ অপেক্ষা কৰি আছে । অৱশ্যে অভিযান আৰম্ভ কৰাৰ পূৰ্বে বলিং প্ৰশিক্ষক পাৰস মাম্ব্ৰেয়ে ইংগিত দিছিল যে যদি সুযোগ আহে তেন্তে সূৰ্যকুমাৰ যাদৱ নিশ্চিতভাৱে এটা বিকল্প হ'ব ।

ভাৰত বৰ্তমান এক শক্তিশালী বেটিং বিভাগৰ সৈতে অধিক সুৰক্ষিত হৈ আছে । আনহাতে, ৩৬০ ডিগ্ৰী বেটাৰ হিচাপে জনাজাত সূৰ্যকুমাৰ যাদৱে এই ক্ষেত্ৰত কেৱল বেটিং গভীৰতা সংযোগ কৰাই নহয়, দৃঢ়তাও প্ৰদান কৰিব আৰু লাইন-আপ শক্তিশালী কৰি তুলিব । আনহাতে, মহম্মদ ছামীয়েও বিশ্বকাপত খেলিবলৈ অপেক্ষা কৰি আছে । তেওঁৰো কঠিন সময়ত উইকেট লাভ কৰাৰ অপৰিসীম ক্ষমতা আছে । যশপ্ৰীত বুমৰাহৰ দৰে তেৱোঁ ডেথ অভাৰত অতি ঘাতক বলাৰ ।

লগতে পঢ়ক :CWC 2023 : বিৰাট কোহলীৰ ৪৮ সংখ্যক এদিনীয়া শতকত কে এল ৰাহুলৰ গুৰুত্বপূৰ্ণ ভূমিকা

Last Updated : Oct 20, 2023, 5:23 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.