ETV Bharat / sports

বিশ্বকাপ 2011ৰ কোৱাৰ্টাৰ ফাইনেলৰ পুনৰাবৃত্তিৰ ওপৰত চকু ৰাখিছে ভাৰতে, যুৱৰাজ সিঙৰ দৰেই নিজৰ ভূমিকা পালন কোহলীৰ

author img

By ETV Bharat Assamese Team

Published : Nov 17, 2023, 10:59 PM IST

World Cup 2023 Final : ২০১১ চনৰ বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত কেংগাৰু দলক পৰাস্ত কৰি ট্ৰফী লাভ কৰা ভাৰতীয় দলে, 19 নৱেম্বৰত মটেৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া আই চি চি পুৰুষ ক্ৰিকেট বিশ্বকাপ ২০২৩ৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিব ৰোহিত শৰ্মাৰ নেতৃত্বত ৷ বৰ্তমানৰ দলটোৰ শক্তি বিশ্লেষণ কৰি মীনাক্ষী ৰাৱে লিখিছে যে ভাৰতীয় দলৰ পূৰ্বৰ প্ৰজন্মই ২০১১ চনৰ সংস্কৰণত কেনেকৈ অষ্ট্ৰেলিয়াক পৰাস্ত কৰিবলৈ সক্ষম হৈছিল।

World Cup 2023 Final
ফাইনেলত ভাৰত-অষ্ট্ৰেলিয়াৰ যুঁজ

স্পৰ্টছ ডেস্ক, 17 নৱেম্বৰ : অন্তিমবাৰৰ বাবে ঘৰুৱা বিশ্বকাপৰ নক আউট ৰাউণ্ডত ভাৰতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিছিল মটেৰাত, য’ত এম এছ ধোনীৰ নেতৃত্বত দলটোৱে কোৱাৰ্টাৰ ফাইনেলত জয়লাভ কৰিছিল ৷ অৱশ্যে এইবাৰ ফাইনেলত সম্পূৰ্ণ বেলেগ মটেৰাত মুখামুখি হ’ব, বেলেগ বেলেগ অধিনায়ক, কৌশল আৰু মানসিকতাৰে ৷

ৱাংখেড়ে বা চিন্নাস্বামীৰ তুলনাত তেতিয়া মটেৰা আছিল ধূলিময়, সৰু আৰু দূৰৱৰ্তী স্থান ৷ আজিৰ দৰে ডাঙৰ নাছিল ৷ সেই সময়ত ইয়াৰ ক্ষমতা আছিল 40,000 আজিৰ দৰে গৰ্জন কৰা 1.32 লাখ নহয়- যাৰ নাম খোদ প্ৰধানমন্ত্ৰীৰ নামেৰে নামাকৰণ কৰা হয় ৷ গতিকে 19 নৱেম্বৰত যেতিয়া পেট কামিন্সে নিজৰ দলটোক খেলপথাৰৰ মাজলৈ লৈ যাব তেতিয়া ভাৰতীয় সমৰ্থকৰ কোলাহল শুনিব ৷

  • India vs Australia 2011 World Cup Quarter Final at Motera, Ahmedabad. I've watched so many matches in the stadium, will have to create a thread pic.twitter.com/fuybHWDlsM

    — Vishwamitra (@Vishwamitra24) September 24, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

2011 চনত অষ্ট্ৰেলিয়াই নতুন ভাৰতৰ সন্মুখীন হৈছিল, যিটো কমপেক্ট ইউনিটে শেষলৈকে কঠোৰ যুঁজ দিছিল, ভাল বলিং কৰিছিল আৰু ভাল ফিল্ডিং কৰিছিল আৰু তাৰ পিছত কঠিন বেটিং কৰিছিল ৷ সেয়া যুৱৰাজ আৰু ৰাইনা হওক বা তেণ্ডুলকাৰ আৰু গম্ভীৰ হওক ৷

  • India vs Australia quarter final match in world cup on this day 2011 ❤️ Memorable match 🥰 pic.twitter.com/Eby5AwcTHa

    — 𝚃𝙰𝚁𝚄𝙻𝙰𝚃𝙰 𝚂𝙰𝚁𝙺𝙰𝚁 (@Taru_10_18) March 24, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

তেতিয়াৰ চাৰিবাৰৰ বিশ্ব চেম্পিয়ন অষ্ট্ৰেলিয়াক উৎখাত কৰাৰ লক্ষ্যৰে এটা শ্ব’ আছিল, যিটোৰ চিত্ৰনাট্যই তেওঁলোকক ম’হালীত অপেক্ষা কৰি থকা আন এখন ব্লকবাষ্টাৰ ছবিলৈ লৈ গৈছিল - চিৰ প্ৰতিদ্বন্দ্বী পাকিস্তানৰ বিৰুদ্ধে সপোনৰ ছেমি ফাইনেল ৷

আজিও ভাৰতীয় বাস্তৱতাৰ কোনো পৰিৱৰ্তন হোৱা নাই ৷ ইয়াক কেৱল উন্নীত কৰা হৈছে ৷ 2011 চনৰ দলৰ অংশ নোহোৱা ৰোহিত শৰ্মা এতিয়া এনে এটা গোটৰ নেতা, যিয়ে সামূহিকভাৱে বিপক্ষক চিকাৰ আৰু বন্দী কৰে আৰু ইয়াক এক অপৰিহাৰ্য কাম বুলি গণ্য কৰে ৷

ধোনীৰ খেলুৱৈসকলে নিজৰ দক্ষতাতকৈ মগজুৰে খেলত জয়ী হোৱা প্ৰকৃত যোদ্ধা হিচাপে দেখা দিয়াৰ বিপৰীতে শৰ্মাই নেতৃত্ব দিয়ে এটি ভোকাতুৰ দলক, যিসকলক নিৰ্দেশ অনুসৰি কাম সম্পূৰ্ণ কৰিবলৈ শিকোৱা হৈছে ৷

সেই সময়ত যুৱৰাজ সিঙেই নিজৰ জীৱন বাজিত পৰাৰ দৰে বেটিং কৰিছিল আৰু অষ্ট্ৰেলিয়াৰ বেগী বলাৰসকলৰ সৈতে সাহসেৰে মুখামুখি হৈছিল ৷ 2023 চনৰ লীগ মেচত যেতিয়া ভাৰতে প্ৰথমবাৰৰ বাবে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিছিল, তেতিয়া কোহলীয়েও একে কাম কৰিছিল ৷ চেন্নাইত অনুষ্ঠিত লীগ মেচত যেতিয়া শীর্ষ তিনিটা উইকেট এক ৰাণৰ ব্যৱধানত হেৰুৱাই পৰাস্ত হোৱাৰ ভয়াৱহ সংকটত ভুগিছিল, তেতিয়া কোহলীয়ে দলটোক বিপদৰ পৰা মুক্ত কৰিছিল ৷

যেতিয়া ভাৰতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথমখন খেলত চেপকত অধিনায়ক ৰোহিত শৰ্মাক শূণ্য ৰাণতে হেৰুৱাইছিল, 2011 চনত কোৱাৰ্টাৰ ফাইনেলৰ আৰম্ভণিতে ছেহৱাগে আউট হোৱাৰ সময়তো একেধৰণৰ আতংকৰ সৃষ্টি হৈছিল ৷

ভাৰতৰ বাবে ই বিশেষ আছিল কাৰণ তেতিয়া ই সহজ নাছিল আৰু এইবাৰ অধিক কঠিন আছিল ৷ এতিয়া সেইখন আছিল কোৱাৰ্টাৰ ফাইনেল, এইখন ফাইনেল য’ত আৰম্ভণিৰ ব্যৰ্থতাৰ পৰা মূৰ দাঙি উঠা অষ্ট্ৰেলিয়াক পৰাস্ত কৰিবলগীয়া হ’ব ভাৰতে৷

পেট কামিন্স হৈছে আটাইতকৈ অ-অষ্ট্ৰেলিয়ান ব্যক্তি, যাৰ পণ্টিঙৰ দৰে অহংকাৰ নাই ৷ অৱশ্যে ইয়াৰ অৰ্থ এইটো নহয় যে তেওঁ বিপক্ষৰ বাবে ভাবুকি হ’ব নোৱাৰে ৷

2011 চনৰ কোৱাৰ্টাৰ ফাইনেলত অষ্ট্ৰেলিয়াই প্ৰথমে বেটিং কৰি 260 ৰাণৰ শক্তিশালী স্ক’ৰ কৰিছিল আৰু তাৰ পিছত নিজৰ পেচ বলিঙেৰে আক্ৰমণ কৰিছিল ৷ য’ত ভাৰতে পৰাস্ত হ’বলৈ অস্বীকাৰ কৰি 47.4 অভাৰতে বিজয় লক্ষ্যত উপনীত হয় ৷ যেতিয়া মেন অৱ দ্য মমেণ্ট, মেন অৱ দ্য মেচ আৰু মেন অৱ দ্য টুৰ্ণামেণ্ট যুৱৰাজ সিঙে অৱশেষত ব্ৰেট লীৰ বলত বিজয়সূচক এটা চাৰি কোবাই ৷

এই দিনটো এনেকুৱা এটা দিন আছিল যাৰ বিষয়ে ধোনীয়ে সদায়েই কথা পাতিছিল ৷ যিদিনা বলাৰেই হওক বা বেটছমেনেই হওক সকলোৱে নিজৰ নিজৰ ভূমিকাক সাধ্য অনুসৰি পালন কৰিছিল ৷ এইয়া এক দীঘলীয়া দৌৰ আছিল, অষ্ট্ৰেলিয়াই 260 ৰাণ সংগ্ৰহ কৰিছিল আৰু ছেহৱাগৰ উইকেট আগতীয়াকৈ পতন ঘটাৰ ফলত ইয়াক কঠিন মিছন যেন লাগিছিল, যিটো অধিক প্ৰত্যাহ্বানজনক হৈ পৰিছিল যেতিয়া তেণ্ডুলকাৰে হেডেইনৰ হাতত কেছ তুলি দিছিল আৰু 53 ৰাণত আউট হৈছিল ৷

শচীন যেতিয়া পেভিলিয়নলৈ উভতি আহিছিল, তেতিয়া ভাৰতৰ স্ক’ৰ আছিল 94 ৰাণ ৷ তাৰ পাছত দলক বিপৰ্যয়ৰ পৰা উদ্ধাৰ কৰাৰ দায়িত্ব কোহলীৰ ওপৰত পৰিল (যিজনে দলটোৰ দুৰ্বল ইনিংছৰ বোজা কান্ধত লৈ জয়ৰ দিশে লৈ গৈছিল আৰু এই 12 বছৰত বহুখিনি অৰ্জন কৰিছে) ৷

কোহলীয়ে গম্ভীৰৰ সৈতে ভাল অংশীদাৰিত্ব গঢ়ি তুলিছিল, বুদ্ধিমানৰূপে খেলিছিল আৰু ষ্ট্ৰাইক ঘূৰাইছিল, যেতিয়ালৈকে বৃদ্ধি পোৱা ৰাণ ৰেটে তেওঁক ধৰিব পৰা নাছিল আৰু তেওঁ ডেভিদ হাছিৰ বলত মিড উইকেটত মাইকেল ক্লাৰ্কৰ হাতত কেছ তুলি দিছিল ৷

তাৰ পিছত আহিল যুৱৰাজ আৰু মেচখনৰ আটাইতকৈ উত্তেজনাপূৰ্ণ পৰ্যায় ৷ সুৰেশ ৰাইনাই যুৱৰাজক দিয়া ষ্টেণ্ড ইনৰ দৰেই 2023 চনত কোহলীক বচাবলৈ কে এল ৰাহুলে এই ভূমিকা পালন কৰিছে ৷

বৰ্তমান ৰোহিতৰ অধীনত 2011 চনৰ সংস্কৰণৰ মাত্ৰ দুগৰাকী খেলুৱৈ দলটোত আছে - বিৰাট কোহলী আৰু আৰ অশ্বিন ৷ অষ্ট্ৰেলিয়াৰ সেই কোৱাৰ্টাৰ ফাইনেলৰ দলটোৰ পৰা এটা প্ৰজন্ম আঁতৰি গৈছে আৰু সেই দলটোৰ মাত্ৰ এজন সদস্য বাকী আছে ষ্টিভ স্মিথ ৷

লগতে পঢ়ক : ফাইনেলত কেনে হ’ব মহম্মদ শ্বামীৰ ভূমিকা ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.