ETV Bharat / sports

Virat Kohli on Google Search : গুগলত সৰ্বাধিক ছাৰ্চ কৰা এছিয়াৰ ব্যক্তি বিৰাট কোহলী

author img

By ETV Bharat Assamese Team

Published : Sep 18, 2023, 6:31 PM IST

ক্ৰিকেট খেলপথাৰত চাৰি আৰু ছয়েৰে বলাৰক সংহাৰ কৰা ভাৰতৰ তাৰকা বেটছমেন বিৰাট কোহলীও গুগলত সক্ৰিয় হৈ আছে । বিৰাট কোহলী বৰ্তমান ২০২৩ চনত গুগলত এছিয়াৰ আটাইতকৈ বেছি ছাৰ্চ কৰা ব্যক্তি হৈ পৰিছে ।

Virat Kohli on Google Search
Virat Kohli on Google Search

স্পৰ্টছ ডেস্ক, ১৮ ছেপ্টেম্বৰ : প্ৰতিভা আৰু সাফল্যৰ তুলনা নহয় বিৰাট কোহলীৰ । নিতৌ এটাৰ পিছত আন এটা বিশ্ব অভিলেখ গঢ়ি গৈছে ভাৰতৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে । মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰৰ বহুকেইটা অভিলেখ ভংগ কৰাৰ লগতে ৰচনা কৰিছে ক্ৰিকেটৰ বহু নতুন ইতিহাস । যাৰ বাবে বিৰাট কোহলীৰ অনুৰাগী কেৱল ভাৰততে নহয় সমগ্ৰ বিশ্বতে বিয়পি আছে । বিৰাটক ক্ৰিকেটৰ ৰজা বুলিও গণ্য কৰা হয় । কিন্তু বৰ্তমান তেওঁ এছিয়াত গুগলৰো ৰজা হৈ পৰিছে ।

২০২৩ চনত গুগলত আটাইতকৈ বেছি ছাৰ্চ কৰা এছিয়াৰ যিসকল ব্যক্তি আছে, তাৰ ভিতৰত বিৰাট কোহলী হৈছে অন্যতম । এক কথাত ক'বলৈ গ'লে গুগলত সৰ্বাধিক ছাৰ্চ কৰা এছিয়াৰ ব্যক্তিসকলৰ ভিতৰত বিৰাট কোহলী হৈছে অন্যতম । তেওঁৰ পিছতে আছে টিকটক তাৰকা বিটিএছ জাংকু । অৱশ্যে দুয়োগৰাকী শীৰ্ষ ছাৰ্চ কৰা লোকৰ তালিকাত স্থান তল-ওপৰ হৈ থাকে ।

উল্লেখ্য যে বিৰাট কোহলীৰ অনুৰাগী চুবুৰীয়া দেশ আৰু ভাৰতৰ চিৰ প্ৰতিদ্বন্দ্বী পাকিস্তানতো আছে । কেৱল ভাৰততে নহয়, পাকিস্তানতো বিৰাট কোহলীৰ এনে কিছু মহিলা অনুৰাগী আছে যিসকলে বিৰাট কোহলীক পাকিস্তানী খেলুৱৈতকৈও বেছি ভালপায় । আনহাতে, কোহলীয়েও পাকিস্তানী খেলুৱৈসকলক প্ৰশংসা কৰাত কৃপণালি নকৰে । আনকি কোহলীলৈ অনুৰাগীয়ে নিজৰ ৰক্তেৰে লিখা এখন পত্ৰও আছে । এই কথা কিং কোহলীয়ে নিজেই এটা সাক্ষাৎকাৰত উল্লেখ কৰি গৈছে ।

কোহলীৰ এটা উপনামো আছে, সেইটো হৈছে চিকু । এই নামটো তেওঁৰ প্ৰশিক্ষকে শৈশৱতে তেওঁক দিছিল । ক্ৰিকেট খেলাৰ লগতে কোহলী এতিয়া বহুতো ভাৰতীয় ব্ৰেণ্ডৰ তাৰকা প্ৰচাৰক । কোহলীয়ে ২০১৭ চনত অভিনেত্ৰী অনুষ্কা শৰ্মাৰ পাণি গ্ৰহণ কৰে । বিৰুষ্কাৰ ভামিকা নামৰ এটি কন্যাশিশুও আছে ।

  • The GOAT Virat Kohli now has:

    - ODI World Cup.
    - Champions Trophy.
    - U-19 World Cup.
    - 5 Test Maces.
    - 3 Asia Cup Trophies.
    - ICC Cricketer of the Decade.
    - ICC ODI Cricketer of the Decade.
    - 2 ICC Cricketer of the Year.
    - 3 ICC ODI Cricketer of the Year.
    - ICC Test Cricketer of… pic.twitter.com/he3H7DJSkn

    — CricketMAN2 (@ImTanujSingh) September 18, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে ক্ৰিকেট বিশ্বত বিৰাট কোহলীক শচীন তেণ্ডুলকাৰৰ উত্তৰাধিকাৰী হিচাপে জনা যায় । বিৰাট কোহলীৰ ৫০৬ খন আন্তঃৰাষ্ট্ৰীয় খেলত ৭৭ টা শতক আছে । শচীন তেণ্ডুলকাৰৰ পিছতে তেওঁ বিশ্বৰ সৰ্বাধিক শতক অৰ্জন কৰা দ্বিতীয়গৰাকী ক্ৰিকেটাৰ । আনহাতে, অনুৰাগীৰ আশা কৰে যে বিৰাট কোহলীয়ে নিশ্চিতভাৱে শচীন তেণ্ডুলকাৰৰ মহান শতকৰ অভিলেখ ভংগ কৰিব । এই মুহূৰ্তত বিৰাট অতি ভাল ফৰ্মতো আছে । তেওঁ শ্ৰীলংকাত সদ্যসমাপ্ত এছিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে দুৰ্দান্ত শতক অৰ্জন কৰে । বিৰাট কোহলীৰ পৰা অনুৰাগীয়ে আগন্তুক আইচিচি বিশ্বকাপত উজ্জীৱিত প্ৰদৰ্শন আশা কৰিছে ।

  • Top 3 Most searched Asians on Google in 2023:

    1. Virat Kohli.
    2. BTS's JungKook.
    3. BTS's V.

    King Kohli at the Top - The GOAT...!!! pic.twitter.com/wN4Tg7Ys1b

    — CricketMAN2 (@ImTanujSingh) September 18, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

লগতে পঢ়ক :Asia Cup final 2023: অষ্টম বাৰলৈ এছিয়া কাপৰ খিতাপ দখল ভাৰতৰ; 10 উইকেটত পৰাস্ত শ্ৰীলংকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.