ETV Bharat / sports

ICC ODI WC 2023 : ৰোহিতৰ মতে এইবাৰৰ বিশ্বকাপ হ'ব অধিক প্ৰতিযোগিতামূলক

author img

By

Published : Jun 27, 2023, 5:45 PM IST

ভাৰতে এদিনীয়া বিশ্বকাপৰ তৃতীয়টো খিতাপৰ বাবে যুঁজ দিব । আনহাতে গৃহভূমিত দ্বিতীয়টো খিতাপ জয়ৰ লক্ষ্য আগত ৰাখিছে ভাৰতে । অধিনায়ক ৰোহিত শৰ্মাৰ মতে এইবাৰৰ সংস্কৰণ অধিক প্ৰতিযোগিতামূলক হ'ব ।

ICC ODI WC 2023
ৰোহিতৰ মতে এইবাৰৰ বিশ্বকাপ হ'ব অধিক প্ৰতিযোগিতামূলক

স্পৰ্টছ ডেস্ক,২৭ জুন : ভাৰতৰ অধিনায়ক ৰোহিত শৰ্মাই আশা কৰিছে যে দেশখনত অনুষ্ঠিত হ'বলগীয়া এদিনীয়া বিশ্বকাপ অত্যন্ত প্ৰতিযোগিতামূলক হ'ব কিয়নো এই খেল দ্ৰুত হৈ গৈছে । টি-২০ সংস্কৰণে ক্ৰিকেটৰ সকলো ফৰ্মেটত প্ৰভাৱ পেলাইছে । তাৰ ভিতৰত ৫ দিনীয়া টেষ্ট মেচ অন্যতম ।

ভাৰতে ৮ অক্টোবৰত চেন্নাইত ৫ বাৰৰ চেম্পিয়ন অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বিশ্বকাপ অভিযান আৰম্ভ কৰিব । এই অভিযান আৰম্ভ কৰাৰ সময়ত ভাৰতে এদিনীয়া বিশ্বকাপৰ তৃতীয় খিতাপ আৰু ভাৰতত দ্বিতীয়টো খিতাপ অৰ্জনৰ লক্ষ্য আগত ৰাখিব । ভাৰতে ৯ খন লীগ মেচ বিভিন্ন স্থানত খেলিব । তাৰ ভিতৰত আছে কলকাতা, মুম্বাই, নতুন দিল্লী, লক্ষ্ণৌ আৰু বেংগালুৰু । আইচিচিৰ এক বিজ্ঞপ্তিত উদ্ধৃতি দি ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মাই কয় যে এই বিশ্বকাপ যথেষ্ট প্ৰতিযোগিতামূলক হ'ব কিয়নো ক্ৰিকেট এতিয়া বহু আগবাঢ়ি গৈছে । দলবোৰেও পূৰ্বতকৈ অধিক ইতিবাচকভাৱে খেলি আছে ।

তেওঁ লগতে কয় যে এই দিশবোৰ বিশ্বৰ ক্ৰিকেট অনুৰাগীসকলৰ বাবে ভাল । কিয়নো তেওঁলোকে বহুতো ৰোমাঞ্চকৰ মুহূৰ্তৰ সাক্ষী হ'ব । ৰোহিত শৰ্মাৰ মতে অক্টোবৰ-নৱেম্বৰৰ এই প্ৰতিযোগিতাৰ বাবে দলটোৱে ভালদৰে প্ৰস্তুতি কৰিব আৰু খিতাপ অৰ্জনৰ বাবে যুঁজ দিব । অষ্ট্ৰেলিয়াৰ সৈতে মুখামুখি হোৱাৰ পাছত ভাৰতীয় দলটো ১১ অক্টোবৰত আফগানিস্তানৰ বিৰুদ্ধে খেলিবলৈ দিল্লীলৈ যাব ।

আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত ১৫ অক্টোবৰত পাকিস্তানৰ মুখামুখি হ'ব ভাৰতীয় দলটো । ভাৰত আৰু পাকিস্তানে বৰ্তমান কেৱল আইচিচি আৰু এচিচি ইভেণ্টত হে ইটোৱে সিটোৰ সন্মুখত খেলে । কিয়নো কূটনৈতিক উত্তেজনাৰ বাবে দ্বিপাক্ষিক ক্ৰিকেট স্থবিৰ হৈ পৰিছে । দুয়োখন দেশৰ মাজত অন্তিম খেলখন যোৱা বছৰ অষ্ট্ৰেলিয়াত অনুষ্ঠিত টি-২০ বিশ্বকাপত অনুষ্ঠিত হৈছিল ।

১৯৯২, ১৯৯৬, ১৯৯৯, ২০০৩, ২০১১, ২০১৫ আৰু ২০১৯ চনত এদিনীয়া বিশ্বকাপত ভাৰত আৰু পাকিস্তানে ৭ বাৰ কৈ মুখামুখি হৈছে । ২০০৭ চনত দুয়োটা দলে আৰম্ভণিৰ ৰাউণ্ডত প্ৰতিযোগিতাৰ পৰা বাহিৰ হোৱাত তেওঁলোকে বিশ্বকাপত মুখামুখি হোৱা নাছিল ।

এইবাৰৰ বিশ্বকাৰ যোৱাবাৰৰ ৰাউণ্ড-ৰবিন ফৰ্মেটতে অনুষ্ঠিত হ'ব । সকলো দলৰ মাজত মুঠ ৪৫ খন লীগ মেচ অনুষ্ঠিত হ'ব । প্ৰতিযোগিতাখনৰ ৬ খন খেলৰ বাহিৰে বাকী বোৰ মেচ দিবা-নৈশ হ'ব ।

শীৰ্ষ চাৰিটা দলে ১৫ নৱেম্বৰত মুম্বাইত আৰু ১৬ নৱেম্বৰত কলকাতাত খেলিবলগীয়া ছেমিফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিব । ছেমিফাইনেল আৰু ফাইনেলত এটাকৈ দিন সংৰক্ষিত থাকিব । যদি ভাৰতে ছেমিফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰে । তেনেহ'লে মুম্বাইত দলটোৱে অন্তিম পৰ্যায়ৰ খেল খেলিব ।

ভাৰতৰ সূচী :

ভাৰত বনাম অষ্ট্ৰেলিয়া, অক্টোবৰ ৮, চেন্নাই

ভাৰত বনাম আফগানিস্তান, অক্টোবৰ ১১, দিল্লী

ভাৰত বনাম পাকিস্তান, অক্টোবৰ ১৫, আহমেদাবাদ

ভাৰত বনাম বাংলাদেশ, অক্টোবৰ ১৯, পুনে

ভাৰত বনাম নিউজিলেণ্ড, অক্টোবৰ ২২, ধৰ্মশালা

ভাৰত বনাম ইংলেণ্ড, অক্টোবৰ ২৯, লক্ষ্ণৌ

ভাৰত বনাম কোৱালিফায়াৰ ২, নৱেম্বৰ ২, মুম্বাই

ভাৰত বনাম দক্ষিণ আফ্ৰিকা, নৱেম্বৰ ৫, কলকাতা

ভাৰত বনাম কোৱালিফায়াৰ ১, নৱেম্বৰ ১১, বেংগালুৰু

লগতে পঢ়ক :ICC ODI World Cup 2023 : প্ৰকাশ পালে বিশ্বকাপৰ সূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.