ETV Bharat / sports

Indian Cricket Players Yo Yo test : য়ো য়ো পৰীক্ষাত বিফল হৈছিল এইসকল ভাৰতীয় ক্ৰিকেটাৰ

author img

By ETV Bharat Assamese Team

Published : Aug 28, 2023, 3:55 PM IST

য়ো য়ো পৰীক্ষাত বিফল হৈ বহুতো খেলুৱৈয়ে দলত তেওঁলোকৰ স্থান হেৰুৱাইছে । আনহাতে, এই পাঁচজন ক্ৰিকেটাৰে দলত পুনৰ স্থান পাবলৈ যথেষ্ট কষ্ট কৰিবলগা হৈছিল ।

Indian Cricket Players Yo Yo test
Indian Cricket Players Yo Yo test

স্পৰ্টছ ডেস্ক, ২৮ আগষ্ট : ভাৰতীয় ক্ৰিকেট দলত য়ো-য়ো পৰীক্ষা বিৰাট কোহলীৰ অধিনায়কত্বৰ সময়ত আৰম্ভ হৈছিল । তেতিয়াৰে পৰা ভাৰতীয় ক্ৰিকেট দলত খেলিবলৈ হ'লে য়ো-য়ো পৰীক্ষাৰ মানদণ্ড পূৰণ কৰাটো বাধ্যতামূলক কৰা হৈছে । খেলুৱৈসকলক ফিট ৰাখিবলৈ এই নিয়মবোৰ প্ৰয়োজনীয় বুলি বিবেচনা কৰা হয় । যাতে ভাৰতীয় খেলুৱৈসকলে সদায় নিজকে ফিট ৰাখিব পাৰে আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলিবলৈ সদায় নিজকে সতেজ ৰাখিব পাৰে তাৰ বাবে এই পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে ।

আনহাতে, ভাৰতীয় ক্ৰিকেট দলত খেলিব বিচৰা বহু খেলুৱৈয়ে সময়ে সময়ে য়ো-য়ো পৰীক্ষাত বিফল হোৱাৰ বাবেই দলত তেওঁলোকৰ স্থান হেৰুৱাইছে । এনে কিছু খেলুৱৈ আছিল, যিসকলে ঘৰুৱা ছিজন আৰু আইপিএলত ভাল প্ৰদৰ্শন কৰিছিল । কিন্তু যেতিয়া দললৈ বাছনি কৰাৰ কথা আহে, ক্ৰিকেটাৰসকলে তেওঁলোকৰ ফিটনেছ সঠিকভাৱে বৰ্তাই ৰাখিব নোৱাৰিলে । যাৰ বাবে য়ো-য়ো পৰীক্ষাত বিফল হ'ল । ফলত তেওঁলোকে টীম ইণ্ডিয়াত স্থান হেৰুৱাবলগা হৈছিল ।

অম্বাতি ৰায়ডু

২০১৮ চনত খেলা আইপিএলত ভাল প্ৰদৰ্শনৰ বাবে অম্বাতি ৰায়ডুৱে ভাৰতীয় দলত খেলিবলৈ আমন্ত্ৰণ লাভ কৰিছিল । কিন্তু য়ো-য়ো টেষ্টত বিফলতাৰ বাবে তেওঁক দলৰ পৰা বাদ দিয়া হৈছিল । আনহাতে, য়ো-য়ো পৰীক্ষাত উত্তীৰ্ণ হোৱা বাবেই সুৰেশ ৰাইনাই তেওঁৰ সলনি দলত স্থান লাভ কৰিছিল । ইয়াৰ পিছত তেওঁ কঠোৰ পৰিশ্ৰম কৰিবলগা হয় আৰু যেতিয়া তেওঁ এই পৰীক্ষাত উত্তীৰ্ণ হয় তেওঁ ২০১৮ চনত এছিয়া কাপ খেলিবলৈ দলত সুযোগ লাভ কৰে ।

সঞ্জু ছেমছন

২০১৮ বৰ্ষত ইংলেণ্ড ভ্ৰমণৰ বাবে ভাৰত এ দল ঘোষণা কৰা হৈছিল । তাত সঞ্জু ছেমছনক খেলিবলৈ এটা সুযোগ দিয়া হৈছিল । অৱশ্যে পৰৱৰ্তী সময়ত তেওঁৰ স্থান লয় ঈশান কিষাণে । কিয়নো ছেমছনে য়ো-য়ো পৰীক্ষাত বিফল হোৱাৰ বাবেই দলৰ পৰা বাহিৰ হ'বলগা হৈছিল । অৱশ্যে এমাহৰ কঠোৰ পৰিশ্ৰমৰ পিছত ছেমছনে তেওঁৰ য়ো-য়ো পৰীক্ষাত উত্তীৰ্ণ হয় আৰু ভাৰত এ দললৈ প্ৰত্যাৱৰ্তন কৰে । তাৰ পিছত তেওঁ এবছৰৰ ভিতৰতে ভাৰতীয় জ্যেষ্ঠ দললৈ উভতি আহে ।

যুৱৰাজ সিং

২০১৭ চনত শ্ৰীলংকাৰ বিৰুদ্ধে খেলিবলগীয়া শৃংখলাৰ পূৰ্বে যুৱৰাজ সিঙক আচৰিতভাৱে দলৰ পৰা বাদ দিয়া হৈছিল । সেই সময়ত এইটোও চৰ্চা হৈছিল যে ইয়াৰ আঁৰত আন কিবা কাৰণ থাকিব পাৰে । কিন্তু পিছত এইটো প্ৰকাশ পায় যে য়ো-য়ো পৰীক্ষাত বিফলতাৰ বাবেই যুৱৰাজক দলৰ পৰা বাদ দিয়া হৈছিল । আন খেলুৱৈসকলৰ দৰে যুৱৰাজ সিঙেও এই প্ৰত্যাহ্বান গ্ৰহণ কৰে আৰু পৰীক্ষাত উত্তীৰ্ণ হৈ দলত নিজৰ স্থান পুনৰ নিশ্চিত কৰে ।

মহম্মদ ছামী

য়ো-য়ো পৰীক্ষাৰ বাবে ভাৰতৰ শীৰ্ষস্থানৰ পেচ বলাৰ মহম্মদ ছামীয়েও নিজৰ স্থান হেৰুৱাবলগা হৈছিল । অন্তিম মুহূৰ্তত টীম ইণ্ডিয়াত পৰিৱৰ্তন কৰি নৱদীপ চাইনীক দলত অন্তৰ্ভুক্ত কৰা হৈছিল । ইয়াৰ পিছত মহম্মদ ছামীয়ে এমাহ পিছত আন এটা সুযোগ লাভ কৰে আৰু য়ো-য়ো পৰীক্ষাত উত্তীৰ্ণ হৈ ইংলেণ্ড শৃংখলাৰ বাবে ৰাষ্ট্ৰীয় দললৈ উভতি আহে ।

ৱাশ্বিংটন সুন্দৰ

টীম ইণ্ডিয়াৰ হৈ খেলা অফ স্পিনাৰ তথা অলৰাউণ্ডাৰ ৱাশ্বিংটন সুন্দৰে ২০১৭ চনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টি-২০ দলৰ বাবে নিৰ্বাচিত হোৱাৰ ঠিক আগতে য়ো-য়ো পৰীক্ষাত বিফল হৈছিল । ইয়াৰ পিছত তেওঁ ফিটনেছৰ ওপৰত গুৰুত্ব প্ৰদান কৰে আৰু শ্ৰীলংকাৰ বিৰুদ্ধে অনুষ্ঠিত শৃংখলাত দললৈ নিৰ্বাচিত হয় ।

এছিয়া কাপ, ২০২৩ খেলিবলৈ যোৱা দলটোৰ বাবেও একে ধৰণৰ এক প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে । য'ত ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীৰ শিবিৰৰ সকলো খেলুৱৈকে য়ো-য়ো পৰীক্ষাৰ লগতে আন বহুতো ছেছন কৰোৱা হৈছে ।

লগতে পঢ়ক :World Athletics Championships 2023 : বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত স্বৰ্ণ জয় নীৰজ চোপ্ৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.