ETV Bharat / sports

বিজয় হাজাৰেৰ নিৰ্বাচিত খেলুৱৈৰ তালিকাত শ্ৰেয়াছ আয়াৰ, পৃথ্বী শ্ব', অৰ্জুন তেণ্ডুলকাৰ

author img

By

Published : Jan 31, 2021, 12:54 PM IST

বিজয় হাজাৰেৰ নিৰ্বাচিত খেলুৱৈৰ তালিকাত শ্ৰেয়াছ আয়াৰ, পৃথ্বী শ্ব', অৰ্জুন তেণ্ডুলকাৰ
বিজয় হাজাৰেৰ নিৰ্বাচিত খেলুৱৈৰ তালিকাত শ্ৰেয়াছ আয়াৰ, পৃথ্বী শ্ব', অৰ্জুন তেণ্ডুলকাৰ

চৈয়দ মুস্তাক আলী টি-২০ৰ সফল সমাপ্তিৰ পিছত এইবাৰ বিচিচিআইয়ে আয়োজন কৰিব সীমিত অভাৰৰ ভিনো মানকাদ ট্ৰফী, বিজয় হাজাৰে আৰু জ্যেষ্ঠ মহিলাৰ এক দিনীয়া প্ৰতিযোগিতা ।

স্পৰ্টছ ডেস্ক , 31 জানুৱাৰী : চৈয়দ মুস্তাক আলী টি-20 প্ৰতিযোগিতা সফলতাৰে আয়োজন কৰাৰ পিছত এইবাৰ বিচিচিআইয়ে সীমিত অভাৰৰ 19 বছৰ অনুৰ্দ্ধৰ ভিনো মানকাদ ট্ৰফীৰ লগতে বিজয় হাজাৰে আৰু জ্যেষ্ঠ মহিলাৰ এক দিনীয়া টুৰ্ণামেণ্ট আয়োজন কৰিবলৈ সাজু হৈছে । বিচিচিআইৰ সচিব জয় শ্বাহে সংবাদ মাধ্য়মক জনোৱা মতে ক'ভিড-19 আৰু ৰাজ্যিক সংস্থাবোৰৰ মতামতৰ ভিত্তিত এই সিদ্ধান্ত লোৱা হৈছিল । ইফালে শুকুৰবাৰে নিশা ৰাজ্যিক সংস্থাসমূহলৈ পত্ৰযোগে তেওঁলোকক প্ৰতিযোগিতাৰ বিষয়েও অৱগত কৰিছে বিচিচিআইয়ে । তেওঁ পত্ৰখনত উল্লেখ কৰা মতে কৰ'ণা মহামাৰীৰ বাবে ক্ৰিকেট প্ৰতিযোগিতাসমূহ বহু পিছুৱাই গৈছে । কিন্তু ৰাজ্য়িক পৰ্যায়ৰ পৰা মতামত লাভ কৰাৰ পিছত অৱশেষত এই প্ৰতিযোগিতা কেইখন আয়োজন কৰিবলৈ সিদ্ধান্ত লৈছে বিচিচিআইয়ে ।

সমান্তৰালকৈ বিজয় হাজাৰে ট্ৰফী 2021 ৰ বাবে সম্ভাৱ্য খেলুৱৈৰ শিবিৰৰ বাবে মুম্বাই ক্ৰিকেট এছোচিয়েচনে (এমচিএ) বাছনি কৰা 100 জন খেলুৱৈৰ ভিতৰত আছে শ্ৰেয়াছ আয়াৰ, পৃথ্বী শ্ব', সূৰ্য্য কুমাৰ যাদৱ । এইকেইগৰাকী তাৰকা খেলুবৈৰ উপৰিও শিবিৰত অন্তৰ্ভূক্ত হৈছে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰৰ পুত্ৰ অৰ্জুন তেণ্ডুলকাৰৰ নাম । তেওঁলোকৰ লগতে এই তালিকাত মুঠ 100 গৰাকী খেলুৱৈক বাচনি কৰা হৈছে ।

বাছনি কৰা আন খেলুৱৈ সমূহ হৈছে ক্ৰমে শ্বিবম ডুবে, আদিত্য় টাৰে , সিদ্ধেশ লাদ, ধৱল কুলকাৰ্ণী, যশাস্বী জয়চৱাল, সৰফৰাজ খান, অকৰশিত গোমেল, ভূপেন লালৱানী, আৰমান জাফৰ, প্ৰয়াগ ভাটি, অখিল হাৰ্ৱাদকাৰ, দিব্যাংশ সাক্সেনা, কেভিন আলমেইদা, ব্ৰাভিছ ছেট্টী, অখিল ৰাজপুত, বৈদিক মুৰ্কাৰ, চিন্ময় সুতাৰ, হাশিৰ দাফেদাৰ, জয়েশ পোখৰে, নিখিল পাটিল (জুনিয়ৰ), অগ্নি চোপ্ৰা, গৌৰীশ যাদৱ, সুৱেদ পাৰকাৰ, নিখিল পাটিল (চাব জুনিয়ৰ), সিদ্ধাৰ্থ আকৰে, জপজিৎ ৰন্ধৱা, প্ৰগ্নেশ কাংপিল্লেৱাৰ, কৌশিক চিখলিকাৰ, বৰুণ লৱাণ্ডে, অথৰ্ব আনকোলেকাৰ, শামছ মুলানী, সুজিত নায়ক, ধৰুমিল মতকাৰ, আসিফ শ্বেইখ, কৰশ কোঠাৰী, কুনাল থোৰাট, সাগৰ মিশ্ৰ, শ্ৰেয়াছ গুৰৱ, বিনায়ক ভোইৰ, বিজয় গোহিল, যশ দিচোলকাৰ, যশ চৱন, আদিত্য ধুমল, নেহাল কটকধোন্দ, ৰাহুল সাৱন্ত ।

সমান্তৰালকৈ নিৰ্বাচিত কৰা হৈছে প্ৰসাদ পাটিল, গৌৰৱ জথাৰ, ৰৌনক শৰ্মা, খিজাৰ দাফেদাৰ, প্ৰশান্ত সোলাঙ্কি, পৰীক্ষিত ভালচাংকাৰ, পাৰদীপ চাহু, তনুশ কোতিয়ান, শশাঙ্ক আতাৰদে, চলমান খান, অংকুশ জয়চৱাল, অক্ষয় ঘোৰপাদে, কল্পেশ সাৱন্ত, আকাশ পাৰকাৰ, আমান খান, চাইৰাজ পাটিল, শুভম ৰঞ্জনে, হাৰ্ডিক তামোৰ, প্ৰসাদ পাৱাৰ, আকাশ আনন্দ, আজিঙ্কা পাটিল, বৈভৱ কালামকাৰ, সিদ্ধন্ত অদাত্ৰো, আদিব উস্মণি, তুষাৰ দেশপাণ্ডে, মোহিত আৱাস্থী , ৰবি সোলাঙ্কি, ক্ৰুথিক হানাগাৱাড়ী, মিনাদ মঞ্জৰেকাৰ, প্ৰথমেশ দাকে, আতিফ আত্তাৰৱালা, বিকাশ সিং, সক্ষম ঝা,অবুল কালাম, ৰয়স্তান দিয়াস, আকুইব কুৰেশী, সিদ্ধাৰ্থ ৰাৱত, ডেনিশ শেখ, ৰুথিক কাম্বলে, নিখিল ডেট, নদীম শেখ, অঞ্জদ্বীপ লাড, আতিফ শেখ, দীপক ছেট্টী, হৰ্ষ তন্না, স্নপনীল সাল্বি , প্ৰসাদ পাটিল, স্বপনীল প্ৰধান, পৰাগ খানাপুৰকাৰ, সুমিত ঘাদিগাওকাৰ আৰু ৰুগবেদ কুলকাৰ্ণী ।

মুম্বাই ক্ৰিকেট এছোচিয়েচনৰ সচিব সঞ্জয় নায়ক আৰু যুটীয়া সচিব শ্বাহলাম শ্বেইখে এক বিবৃতি যোগে ওপৰোক্ত আটাইকেইগৰাকী নিৰ্বাচিত খেলুৱৈক ১ ফেব্ৰুৱাৰী অৰ্থাৎ সোমবাৰে পুৱা ৮ বজাত এমচিএ শৰদ পাৱাৰ ক্ৰিকেট একাডেমী, বান্দ্ৰা কুৰ্লা কমপ্লেক্সত উপস্থিত হ'বলৈ অনুৰোধ জনাইছে ।

লগতে পঢ়ক :পাকিস্তানৰ বিৰুদ্ধে দক্ষিণ আফ্ৰিকা মহিলা ক্ৰিকেট দলৰ জয়ৰ ধাৰা অব্য়াহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.