ETV Bharat / sports

টী 20 বিশ্বকাপ : আজি সমুখ সমৰত চিৰবৈৰী ভাৰত-পাকিস্তান

author img

By

Published : Oct 24, 2021, 8:52 AM IST

50 অভাৰৰ বিশ্বকাপৰ দৰে টী 20 বিশ্বকাপতো আজিপৰ্যন্ত পাকিস্তানৰ বিৰুদ্ধে অজেয় হৈ আছে ভাৰত ৷ টী 20 বিশ্বকাপত ইয়াৰ পূৰ্বেও পাঁচবাৰ দুয়োটা দল মুখামুখি হৈছে, য’ত ভাৰতে প্ৰতিখন মেচতে জয় লাভ কৰি আহিছে ৷

T20 World Cup, India vs Pakistan
টি20 বিশ্বকাপ : আজিৰ মেছত মুখামুখী হ’ব চিৰবৈৰী ভাৰত-পাকিস্তান

স্প’ৰ্টছ ডেস্ক, 24 অক্টোবৰ : দেওবাৰে চিৰবৈৰী পাকিস্তানৰ বিপৰীতে পথাৰত নামি টী 20 বিশ্বকাপৰ যাত্ৰা আৰম্ভ কৰিব ভাৰতীয় দলে ৷ প্ৰায় দুটা বছৰৰ অন্তত ডুবাই আন্তঃৰাষ্ট্ৰীয় খেলপথাৰত পুনৰ মুখামুখি হ’ব দুয়োটা দল ৷

50 অভাৰৰ বিশ্বকাপৰ দৰে টী 20 বিশ্বকাপতো পাকিস্তানৰ বিৰুদ্ধে অজেয় হৈ আছে ভাৰত ৷ টী 20 বিশ্বকাপত ইয়াৰ পূৰ্বেও পাঁচবাৰ দুয়োটা দল ইটোৱে আনটোৰ মুখামুখি হৈছে, য’ত ভাৰতে প্ৰতিখন মেচতে জয় লাভ কৰি আহিছে ৷

টী-২০ বিশ্বকাপত মুখামুখি হোৱাৰ সময়ত দুয়োটা দলে কেনে প্ৰদৰ্শন কৰিছে সেয়া জানো আহক :

1. দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত টী 20 বিশ্বকাপৰ উদ্বোধনী সংস্কৰণত গ্ৰুপ D ভাৰত-পাকিস্তানৰ মুখামুখি হৈছিল ৷ ভাৰতে প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত 20 অভাৰত 141 ৰাণ সংগ্ৰহ কৰিছিল ৷ সমান্তৰালকৈ পাকিস্তানেও 20 অভাৰত 141 ৰাণ সংগ্ৰহ কৰে ৷ যাৰ বাবে মেচখন bowl-out হয় ৷ এই bowl-out ত জয় লাভ কৰে ভাৰতে ৷

2. সেই একে শৃংখলাৰে ফাইনেলত পুনৰ মুখামুখি হয় দুয়োটা দল ৷ সেই মেচখনত গৌতম গম্ভীৰে 75 ৰাণ সংগ্ৰহ কৰে আৰু ভাৰতে 20 অভাৰত 5 টা উইকেট হেৰুৱাই 157 ৰাণ সংগ্ৰহ কৰে ৷ ইয়াৰ প্ৰত্যুত্তৰত মিছবাহ-উল-হকে পাকিস্তানক বিজয়ীৰ খিতাপ প্ৰদান কৰিবলৈ সক্ষম হ’ব যেন ধাৰণা হৈছিল যদিও অভাৰৰ তৃতীয় ডেলিভাৰীত এটা mishit পোনপটীয়াকৈ এছ শ্ৰীশান্তৰ হাতত পৰিছিল আৰু যুৱ ধোনীৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে বিজয় খিতাপ দখল কৰিছিল ৷

3. ইয়াৰ পাঁচবছৰ পিছত 2012 চনত দুয়োটা দল পুনৰ মুখামুখি হয় ৷ এই খেলখনত পাকিস্তানে 19.4 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই 128 ৰাণহে মাত্ৰ সংগ্ৰহ কৰিছিল ৷ এই মেচখনত বিৰাট কোহলীয়ে 78 ৰাণ সংগ্ৰহ কৰে আৰু অৱশেষত শেষৰ তিনিটা অভাৰৰ পূৰ্বেই ভাৰতে নিৰ্ধাৰিত লক্ষ্যত উপনীত হ’বলৈ সক্ষম হয় ৷

4. ইয়াৰ পিছৰ সংস্কৰণতো ভাৰতে নিজৰ বলিঙৰ উন্নত প্ৰদৰ্শনেৰে পাকিস্তানক 130/7 তে স্তব্ধ কৰি ৰাখিবলৈ সক্ষম হয় ৷ সেই শৃংখলাত ভাৰতৰ শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী তিনিওগৰাকী বলাৰেই চলিত টী 20 শৃংখলাতো দলটোৰ সদস্য ৷ ভূৱনেশ্বৰ কুমাৰ, ৰবিচন্দ্ৰন অশ্বিন আৰু মহম্মদ শামীয়ে সেই খেলখনত একেলগে তিনিটা উইকেট দখল কৰিছিল ৷ বিৰাট কোহলী-সুৰেশ ৰাইনাৰ যুটিয়ে 66 ৰাণ সংগ্ৰহ কৰে আৰু ভাৰতে মেচখনত জয় লাভ কৰে ৷

5. ২০১৬ চনত কলকাতাৰ আইকনিক ইডেন গাৰ্ডেনত অনুষ্ঠিত মেচতো চাপত পৰি পাকিস্তানে পৰাজয় বৰণ কৰিবলগীয়া হয় । বৰষুণৰ বাবে এই খেলখনত প্ৰতিটো দলক 18 অভাৰ প্ৰদান কৰা হৈছিল । 18 অভাৰত পাকিস্তানে কেৱল ১১৮ ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল । ইয়াৰ প্ৰত্যুত্তৰত কোহলীয়ে পুনৰ বেট ধৰি অপৰাজিত অৰ্ধশতক অৰ্জন কৰে আৰু ভাৰতে মেচখন ছয় উইকেট আৰু ১৩ টা বল বাকী থকা অৱস্থাত জয় লাভ কৰে ৷

লগতে পঢ়ক : টী 20 বিশ্বকাপ : ৱেষ্ট ইণ্ডিজক 6 উইকেটত পৰাস্ত কৰিলে ইংলেণ্ডে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.