ETV Bharat / sports

টী 20 বিশ্বকাপ : ৱেষ্ট ইণ্ডিজক 6 উইকেটত পৰাস্ত কৰিলে ইংলেণ্ডে

author img

By

Published : Oct 24, 2021, 7:52 AM IST

England beat West Indies by 6 wickets
টি20 বিশ্বকাপ : ৱেষ্ট ইণ্ডিজক 6 উইকেটত পৰাস্ত কৰিলে ইংলেণ্ডে

চলিত টী 20 বিশ্বকাপৰ চুপাৰ 12 ৰ গ্ৰুপ প্ৰথমখন মেচত শনিবাৰে ৱেষ্ট ইণ্ডিজক 6 উইকেট পৰাস্ত কৰে ইংলেণ্ডে ৷ ৱেষ্ট ইণ্ডিজে আটাইকেইটা উইকেট হেৰুৱাই 55 ৰাণ সংগ্ৰহ কৰে ৷

স্প’ৰ্টছ ডেস্ক, 24 অক্টোবৰ : শনিবাৰে চলিত টী 20 বিশ্বকাপৰ চুপাৰ 12 ৰ গ্ৰুপ প্ৰথম মেচত ডিফেণ্ডিং চেম্পিয়ন ৱেষ্ট ইণ্ডিজক 6 উইকেটত পৰাস্ত কৰে ইংলেণ্ডে ৷ ইংলেণ্ডে 8.2 অভাৰতে 56 ৰ নিৰ্ধাৰিত লক্ষ্যত উপনীত হয় ৷

দলটোৰ হৈ আটাইতকৈ বেছি অৰ্থাৎ 24 ৰাণ (নট আউট) সংগ্ৰহ কৰে জোশ বাটলাৰে ৷ ৱেষ্ট ইণ্ডিজৰ আকিল হোছেইনে দুটা উইকেট আৰু ৰবি ৰামপালে এটা উইকেট দখল কৰে ৷

প্ৰথমে বেটিং কৰা ৱেষ্ট ইণ্ডিজে 14.2 অভাৰত 55 ৰাণ সংগ্ৰহ কৰি আটাইকেইটা উইকেট হেৰুৱায় ৷ দলটোৰ বেটছমেনসকলে যথেষ্ট নিৰাশাদায়ক প্ৰদৰ্শন আগবঢ়ায় ৷ কেৱল ক্ৰিছ গেইলে 13 ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷

বিস্তৃত স্ক’ৰ :

ৱেষ্ট ইণ্ডিজ : 14.2 অভাৰত 55 ৰাণত অল আউট (ক্ৰিছ গেইল 13 : আদিল ৰাছিদ 4/2)

ইংলেণ্ড : 8.2 অভাৰত 4 টা উইকেট হেৰুৱাই 56 ৰাণ (জোশ বাটলাৰ 24 নট আউট : আকিল হোছেইন 2/24)

লগতে পঢ়ক : সাঁতোৰত ৰাষ্ট্ৰীয় অভিলেখ গঢ়িছে শিৱসাগৰৰ আস্থাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.