ETV Bharat / sports

WTC Final 2023 Day 2 : ডব্লিউটিচি ফাইনেলত ৩১ সংখ্যক টেষ্ট শতক; অভিলেখৰ আন এটা নাম ষ্টিভ স্মিথ

author img

By

Published : Jun 8, 2023, 8:26 PM IST

অষ্ট্ৰেলিয়াৰ সোঁহতীয়া তাৰকা বেটছমেন ষ্টিভ স্মিথে ইংলেণ্ডৰ 'দ্য অ'ভেল'ত অনুষ্ঠিত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত নিজৰ টেষ্ট কেৰিয়াৰৰ ৩১ সংখ্যক শতক অৰ্জন কৰে (Steve Smith scored 31st test century) । এই শতকটো সম্পূৰ্ণ কৰাৰ লগে লগে স্মিথে বহু অভিলেখ তেওঁৰ নামৰ বিপৰীতে লিপিবদ্ধ কৰে ।

WTC Final 2023 Day 2
WTC Final 2023 Day 2

স্পৰ্টছ ডেস্ক, ৮ জুন : দ্বিতীয় দিনটো বিশেষ এটা উল্লেখনীয় নহ'লেও বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত (WTC final 2023) অষ্ট্ৰেলিয়ান বেটাৰ ষ্টিভ স্মিথে কেৰিয়াৰৰ ৩১ সংখ্যক শতকটো অৰ্জন কৰে (Steve Smith scored 31st test century) । কেংগাৰু দলৰ সোঁহতীয়া বেটছমেন ষ্টিভ স্মিথে ভাৰতৰ বিৰুদ্ধে চলিত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ দ্বিতীয়দিনা তেওঁৰ টেষ্ট কেৰিয়াৰৰ ৩১ সংখ্যক শতকটো অৰ্জন কৰে । আনহাতে, এই শতকৰ লগতে স্মিথে ভাৰতৰ ফাইনেলত জয়ৰ সম্ভাৱনাত বহু পৰিমাণে বাধাৰ সৃষ্টি কৰে (India Australia WTC final) ।

  • 4⃣4⃣!

    That didn't take long! Steve Smith loves batting at The Oval #WTCFinal

    — cricket.com.au (@cricketcomau) June 8, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য, প্ৰথমদিনাৰ খেলৰ অন্তত স্মিথে ৯৫ ৰাণ সংগ্ৰহ কৰিছিল । আনহাতে, বৃহস্পতিবাৰে দ্বিতীয় দিনটোত ভাৰতৰ বেগী বলাৰ মহম্মদ চিৰাজে প্ৰথম অ'ভাৰটোত বল কৰে । স্মিথে তেওঁৰ অ'ভাৰটোৰ দ্বিতীয় আৰু তৃতীয় বলত একেৰাহে দুটাকৈ চাৰি কোবাই শতক সম্পূৰ্ণ কৰে । কেৱল শতক অৰ্জন কৰাই নহয়, স্মিথে তেওঁৰ নামত কেইবাটাও অভিলেখ গঢ়ে ।

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ফাইনেল, ২০২৩-ত ভাৰতৰ বিৰুদ্ধে চিত্তাকৰ্ষক শতক অৰ্জন কৰাৰ লগে লগে ষ্টিভ স্মিথ ইংলেণ্ডৰ তাৰকা বেটছমেন জো ৰুটৰ সৈতে যুটীয়াভাৱে ভাৰতৰ বিৰুদ্ধে সৰ্বাধিক টেষ্ট শতক অৰ্জন কৰা খেলুৱৈ হিচাপে পৰিগণিত হৈছে (Steve Smith highest test century against India) । আনহাতে, ভাৰতৰ বিৰুদ্ধে ষ্টিভ স্মিথৰ এইটো হৈছে নৱম টেষ্ট শতক । ইয়াৰ উপৰি স্মিথে ৰিকি পণ্টিং, ছাৰ ভিভ ৰিচাৰ্ডছ আৰু ছাৰ গাৰফিল্ড ছোবাৰ্ছৰ ভাৰতৰ বিৰুদ্ধে ৮ টা টেষ্ট শতক অৰ্জনৰ অভিলেখ ভংগ কৰে ।

উল্লেখ্য, ২০২৩ চনৰ WTC ফাইনেলত ৩১ সংখ্যক শতক সম্পূৰ্ণ কৰাৰ লগে লগে ষ্টিভ স্মিথ অষ্ট্ৰেলিয়াৰ হৈ তৃতীয় সৰ্বাধিক টেষ্ট শতক অৰ্জন কৰা খেলুৱৈ হৈ পৰে । বৰ্তমান কেৱল ৰিকি পণ্টিং আৰু ষ্টিভ ৱ'হে তেওঁতকৈ আগবাঢ়ি আছে । তেওঁলোক দুয়োৰে টেষ্ট শতকৰ সংখ্যা হৈছে ক্ৰমান্বয়ে ৪৫ আৰু ৩২ । আনহাতে, ইয়াৰ লগে লগে স্মিথে মেথিউ হেডেন (৩০) আৰু ছাৰ ডন ব্ৰেডমেনৰ (২৯) টেষ্ট শতকৰ সংখ্যাকো অতিক্ৰম কৰে ।

আনহাতে, ইংলেণ্ডত দ্বিতীয় সৰ্বাধিক টেষ্ট শতক অৰ্জন কৰা আলহী বেটছমেন হিচাপেও পৰিগণিত হয় স্মিথ । ইংলেণ্ডত ষ্টিভ স্মিথৰ এইটো হৈছে সপ্তম টেষ্ট শতক । তেওঁ নিজ দেশৰে ষ্টিভ ৱ'ৰ সৈতে ইংলেণ্ডত দ্বিতীয় সৰ্বাধিক টেষ্ট শতক সংগ্ৰহকাৰী হিচাপে পৰিগণিত হৈছে । ১১ টা টেষ্ট শতকেৰে কেৱল ছাৰ ডন ব্ৰেডমেনহে বৰ্তমান তেওঁতকৈ আগত আছে । আনহাতে, ভাৰতৰ প্ৰাক্তন বেটছমেন তথা বৰ্তমান টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড় এই তালিকাৰ তিনি নম্বৰত আছে । দ্ৰাবিড়ে ইংলেণ্ডৰ মাটিত ৬ টা শতক অৰ্জন কৰিছিল ।

লগতে পঢ়ক :WTC Final 2023 : প্ৰথমদিনাই সবল স্থিতিত অষ্ট্ৰেলিয়া; দ্বিতীয়দিনা কি ৰণনীতিৰে নামিব ভাৰত ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.