ETV Bharat / sports

IND vs SL 2023 : এতিয়াও সম্পূৰ্ণ সুস্থ নহয় শুভমন গিল

author img

By ETV Bharat Assamese Team

Published : Nov 3, 2023, 4:38 PM IST

IND vs SL 2023
এতিয়াও সম্পূৰ্ণ সুস্থ নহয় শুভমন গিল

শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰতৰ বৃহৎ জয় । ৩০২ ৰাণৰ ব্যৱধানত ভাৰতীয় দলটো জয়ী হয় । গিলৰ মতে তেওঁ এতিয়াও সম্পূৰ্ণ সুস্থ হোৱা নাই । তথাপিও খেলখনত নিজৰ প্ৰদৰ্শনক লৈ সন্তুষ্ট গিল ।

স্পৰ্টছ ডেস্ক,৩ নৱেম্বৰ : চলিত বিশ্বকাপত শক্তিশালী স্থিতিত আছে ভাৰতীয় দল । এতিয়ালৈ এখনো খেলত পৰাস্ত হোৱা নাই ভাৰত । বৃহস্পতিবাৰে শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰতে পুনৰ এবাৰ দুৰ্দান্ত প্ৰদৰ্শন দেখুৱায় । খেলখনত শুভমন গিলৰ ইনিংছটোও আকৰ্ষণীয় আছিল । ৯২ টা বলত ৯২ ৰাণ সংগ্ৰহ কৰে যুৱ ক্ৰিকেটাৰগৰাকীয়ে । ডেংগুত আক্ৰান্ত হোৱাৰ পাছত প্ৰথম দুখন খেল খেলিব নোৱাৰিলেও গিলে বাকী খেলকেইখনত আকৰ্ষণীয় প্ৰদৰ্শন দেখুৱাইছে । অৱশ্যে শ্ৰীলংকাৰ বিৰুদ্ধে বিশ্বকাপৰ প্ৰথমটো শতকৰ পৰা বঞ্চিত হয় খেলুৱৈগৰাকী ।

  • Shubman Gill lost 5-6 kg due to dengue, he is still not completely fit but giving everything for Team India in the World Cup.

    - Take a bow, Gill. 👌 pic.twitter.com/XPf6cWi56P

    — Johns. (@CricCrazyJohns) November 2, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

খেলখনৰ পাছত গিলে কয় যে তেওঁ সম্পূৰ্ণৰূপে ফিট নহয় । ডেংগুত আক্ৰান্ত হোৱাৰ পাছত তেওঁৰ ৪ কিলো ওজন হ্ৰাস হৈছে । গিলৰ মতে তেওঁ শ্ৰীলংকাৰ দলৰ ওপৰত চাপ সৃষ্টি কৰিবলৈ শান্তভাৱে বেটিং কৰিব বিচাৰিছিল ।

গিলৰ মতে কিছুমান বল চিম হৈ আছিল আৰু তেওঁ সেইবোৰ কোবাইছিল । তেওঁ বলাৰসকলৰ ওপৰত হেঁচা দিবলৈ চেষ্টা কৰি আছিল । গিলৰ মতে তেওঁ অন্তিমখন খেলৰ বাহিৰে সকলোবোৰ খেলতে ভাল আৰম্ভণি কৰিছিল । তেওঁৰ মতে শ্ৰীলংকাৰ বিৰুদ্ধে ষ্ট্ৰাইক ৰেট বৃদ্ধি কৰিব বুলি ভাবিছিল । সঁচা অৰ্থত তেওঁ ভবা নাছিল যে মুম্বাইৰ পিটছখন ৪০০ ৰাণৰ উইকেট হ'ব । ভাৰতে ভাল বেটিং কৰিছিল আৰু ৩৫০ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় বুলি বুলিও তেওঁ উল্লেখ কৰে ।

গিলে ভাৰতীয় ফাষ্ট বলাৰসকল আৰু শ্ৰেয়াছকো প্ৰশংসা কৰে । দলটোৱে আশা কৰা ধৰণেই বলাৰসকলে বলিং কৰিছিল । চিৰাজে প্ৰতিদিনে আক্ৰমণাত্মক বলিং কৰে বুলিও তেওঁ উল্লেখ কৰে । বলাৰসকলে দলটোৰ কাম সহজ কৰি তুলিছিল । শ্ৰেয়স খেলখনত অতি গুৰুত্বপূৰ্ণ আছিল । শ্ৰেয়সে সুন্দৰ বেটিং কৰিছিল বুলিও গিলে প্ৰশংসা কৰে ।

উল্লেখ্য যে শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰতে ৩০২ ৰাণত জয়ী হয় । লগে লগে ভাৰতীয় দলটো ছেমিফাইনেলটো প্ৰৱেশ কৰে । গিলৰ উপৰিও বিৰাট কোহলীয়ে ৮৮ ৰাণ আৰু শ্ৰেয়স আয়াৰে ৮২ ৰাণ কৰে ।

লগতে পঢ়ক :CWC ২০২৩: টিম ইণ্ডিয়াৰ জয়ত উৎফুল্লিত অনুষ্কা শৰ্মা, আনহাতে এই জয়ত বিগ বিয়ে শ্বেয়াৰ কৰিলে এক ডাঙৰ বাৰ্তা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.