ETV Bharat / sports

Asia Cup 2023 : এছিয়া কাপত ভাৰতক প্ৰত্যাহ্বান জনাবলৈ সাজু বাবৰ বাহিনী; নেপালৰ বিৰুদ্ধে বৃহৎ জয়ত আত্মবিশ্বাসী পাকিস্তান

author img

By ETV Bharat Assamese Team

Published : Aug 31, 2023, 5:43 PM IST

এছিয়া কাপৰ গ্ৰুপ এ-ৰ মেচখনত পাকিস্তানে নেপালক ২৩৮ ৰাণৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰি আত্মবিশ্বাসৰ তুংগত আছে বাবৰ আজম বাহিনী ।

Asia Cup 2023
Asia Cup 2023

স্পৰ্টছ ডেস্ক, ৩১ আগষ্ট : এছিয়া কাপ ২০২৩-ত সফল আৰম্ভণি কৰিছে পাকিস্তানে । বুধবাৰে চলিত এছিয়া কাপৰ উদ্বোধনী মেচত ক্ৰিকেটৰ শিশু নেপালক বৃহৎ ব্যৱধানত পৰাস্ত কৰি প্ৰবল আত্মবিশ্বাসী হৈ উঠিছে বাবৰ আজম নেতৃত্বাধীন পাক দলটো । আনহাতে, উদ্বোধনী আৰম্ভণি মেচতে শতৰাণ অৰ্জন কৰি বাবৰে যেনেদৰে সুন্দৰ ফৰ্মৰ ইংগিত দিছে, নিজৰ দুৰ্দান্ত ইনিংছেৰে ইফতিখাৰ আহমেদেও বিপক্ষলৈ সাৱধানবাণী প্ৰেৰণ কৰিছে ।

নেপালৰ বিৰুদ্ধে জয়ৰ পিছত পাকিস্তানৰ অধিনায়ক বাবৰ আজমে বুধবাৰে কয় যে এছিয়া কাপৰ উদ্বোধনী মেচত নেপালৰ বিৰুদ্ধে পাকিস্তানৰ ২৩৮ ৰাণৰ বিশাল জয়ে শনিবাৰে চিৰপ্ৰতিদ্বন্দ্বী ভাৰতৰ বিৰুদ্ধে বহু প্ৰতীক্ষিত যুঁজৰ পূৰ্বে দলটোক আত্মবিশ্বাস প্ৰদান কৰিব । উল্লেখ্য যে পাকিস্তানে গ্ৰুপ এ-ৰ প্ৰথমখন খেলত দুৰ্বল নেপালক ২৩৮ ৰাণৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰি এছিয়া কাপত বিজয় অভিযান আৰম্ভ কৰে ।

"ভাৰতৰ বিৰুদ্ধে মেচখনৰ বাবে এইটো এটা ভাল প্ৰস্তুতি আছিল । কিয়নো ই আমাক আত্মবিশ্বাস প্ৰদান কৰিছে । আমি প্ৰতিখন মেচতে ১০০ শতাংশ দিব বিচাৰোঁ । আশাকৰোঁ আমি ভাৰতৰ বিৰুদ্ধেও একেটাই কৰিম ।" বাবৰে কয় । উল্লেখ্য যে মেচখনত বাবৰে ব্যক্তিগতভাৱে অনবদ্য ১৫১ ৰাণৰ এটা ইনিংছ উপহাৰ দিয়ে । যিটো আছিল তেওঁৰ এদিনীয়া কেৰিয়াৰৰ ১৯ সংখ্যক শতক । আনহাতে, ইফতিখাৰ আহমেদে ( অপৰাজিত ১০৯) তেওঁৰ প্ৰথমটো এদিনীয়া শতক অৰ্জন কৰে । পাকিস্তানে প্ৰথমে বেটিং কৰি ছয় উইকেটৰ বিনিময়ত ৩৪২ ৰাণ সংগ্ৰহ কৰে ।

ইয়াৰ প্ৰত্যুত্তৰত নেপালৰ দলটো ২৩.৪ অ'ভাৰতে ১০৪ ৰাণত সকলো উইকেট হেৰুৱায় । "যেতিয়া মই ক্ৰীজত নামিছিলোঁ, মই কেইটামান বল পৰীক্ষা কৰিব বিচাৰিছিলোঁ । বলটো বেটছমেনলৈ একে গতিত অহা নাছিল । মই ৰিজৱানৰ সৈতে পাৰ্টনাৰশ্বিপ গঢ়িবলৈ চেষ্টা কৰিছিলোঁ । আৰু ই মেচখনত যথেষ্ট প্ৰভাৱ পেলাইছিল । ৰিজৱান আৰু মই দুয়োৱে ইজনে সিজনক উৎসাহিত কৰিছিলোঁ ।" বাবৰে কয় ।

"ইফতিখাৰ অহাৰ পিছত খেলৰ গতি সলনি হৈ যায় । তেওঁ সঁচাকৈয়ে ভাল বেটিং কৰিছিল । দুটা-তিনিটা চাৰি মাৰি তেওঁ পুনৰ ফৰ্মলৈ ঘূৰি আহিছিল । মই এই প্ৰদৰ্শনত সন্তুষ্ট ।" বাবৰে লগতে কয় । আনহাতে, বলিং সন্দৰ্ভত বাবৰে কয়, "ফাষ্ট বলাৰ আৰু স্পিনাৰসকলে তেওঁলোকৰ কাম ভালদৰে কৰিছিল ।"

লগতে পঢ়ক :132nd Durand Cup : ডুৰাণ্ড কাপৰ ফাইনেলত ইষ্ট বেংগল; প্ৰথম ছেমিত পৰাস্ত নৰ্থ-ইষ্ট ইউনাইটেড এফচি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.