ETV Bharat / sports

১৯ ছেপ্তেম্বৰৰ পৰা আৰৱত IPLৰ পৰৱৰ্তী খেল

author img

By

Published : Jun 10, 2021, 2:21 PM IST

Remainder of IPL 2021
১৯ ছেপ্তেম্বৰৰ পৰা আৰৱত হ'ব IPLৰ বাকী অংশ

আঠটা ফ্ৰেঞ্চাইজিৰ চাৰিটা শিবিৰত ক'ভিড আক্ৰান্ত ধৰা পৰাৰ পিছতে ৪ মে'ত স্থগিত ৰখা হৈছিল আইপিএল (IPL)। এতিয়াও প্ৰতিযোগিতাৰ ৩১ খন খেল খেলিবলৈ বাকী আছে ।

স্প’ৰ্টছ ডেস্ক,১০ জুন: আৰৱত হ'ব ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ (IPL) বাকী অংশ । অহা ১৯ ছেপ্তেম্বৰৰ পৰা ১৫ অক্টোবৰৰ ভিতৰত আৰৱ(UAE) ত অনুষ্ঠিত হ'ব IPLৰ বাকী কেইখন খেল । বুধবাৰে এই কথা প্ৰকাশ কৰিলে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ (BCCI) উপ-সভাপতি ৰাজীৱ শুক্লাই । আঠটা ফ্ৰেঞ্চাইজিৰ চাৰিটাৰ শিবিৰত ক'ভিড আক্ৰান্ত ধৰা পৰাৰ পিছতে ৪ মে'ত প্ৰতিযোগিতাখন স্থগিত ৰখা হৈছিল । এতিয়াও প্ৰতিযোগিতাৰ ৩১ খন খেল বাকী ।

আইপিএল শেষ হোৱাৰ লগে লগে আৰম্ভ হ'ব টি-২০ বিশ্ব কাপ(T-20 World Cup)। আন্তৰ্জাতিক ক্ৰিকেট পৰিষদে (ICC) আনুষ্ঠানিকভাৱে টি-২০ বিশ্বকাপৰ তাৰিখ ঘোষণা কৰা নাই যদিও বিভিন্ন মহলত ১৮ অক্টোবৰৰ পৰা অনুষ্ঠিত হ'ব বুলি এক চৰ্চা চলিছে । ইফালে টি-২০ বিশ্বকাপ সম্ভৱতঃ আৰৱৰ লগতে আন এখন উপ সাগৰীয় ৰাষ্ট্ৰ ওমানত অনুষ্ঠিত হ'ব । ২৮ জুনৰ ভিতৰত বিচিচিআইয়ে ভাৰতত খেল অনুষ্ঠিত কৰিব পাৰিব নে নাই সেই বিষয়ে আইচিচিক জনাব লাগিব ।

আইচিচিৰ এগৰাকী বিষয়াই জনোৱা মতে জুলাই মাহতহে টি-২০ বিশ্ব কাপৰ স্থান আৰু তাৰিখ মুকলি কৰা হ'ব । খেলুৱৈসকলে আইপিএলৰ পৰা টি-২০ বিশ্বকাপৰ মাজত সময়ৰ ব্যৱধান অতি কম হ'ব নেকি বুলি সোধাত শুক্লাই কয় যে কম ব্যৱধানটো সমস্যা হ'ব নালাগে কিয়নো টি-২০ বিশ্ব কাপৰ প্ৰাৰম্ভিক পৰ্যায়ত কোৱালিফায়াৰ খেলবোৰ হ'ব, যাৰ বাবে ভাৰতৰ দৰে মুখ্য দলবোৰে সাজু হ'বলৈ যথেষ্ট সময় পাব । টি-২০ বিশ্ব কাপত আছে ১৬ টা দল য'ত ৫ খন আছে নন-টেষ্ট খেলুৱৈ ৰাষ্ট্ৰ(non-Test playing nations) ।

লগতে পঢ়ক: ফ্ৰেন্স অপেনৰ ছেমি ফাইনেলত প্ৰৱেশ ৰাফেল নাডাল(Rafael Nadal)ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.