ETV Bharat / sports

আইপিএল: মুম্বাইৰ বিৰুদ্ধে সহজ জয় পঞ্জাৱৰ

author img

By

Published : Apr 24, 2021, 12:06 PM IST

আইপিএল: মুম্বাইৰ বিৰুদ্ধে সহজ জয় পঞ্জাৱৰ
আইপিএল: মুম্বাইৰ বিৰুদ্ধে সহজ জয় পঞ্জাৱৰ

শক্তিশালী মুম্বাইৰ বিৰুদ্ধে জয় লাভ পঞ্জাৱ কিংছৰ ৷ পঞ্জাৱৰ অধিনায়ক কে এল ৰাহুল মেচৰ শ্ৰেষ্ঠ ৷

স্প’ৰ্টচ ডেস্ক,24 এপ্ৰিল: শুকুৰবাৰে অনুষ্ঠিত হোৱা আইপিএলৰ 17 সংখ্যক মেচত পূৰ্বৰ 5 বাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছক 9 উইকেটত পৰাস্ত কৰে পঞ্জাৱ কিংছে ৷ পঞ্জাৱৰ বেগী বলাৰ মহম্মদ শামী আৰু স্পীনাৰ ৰবি বিঞ্চুইৰ বিধ্বংসী বলিঙৰ সন্মুখত ধৰাশায়ী হয় মুম্বাইৰ মিডল অৰ্ডাৰৰ প্ৰতিগৰাকী বেটচমেন ৷

আইপিএল: মুম্বাইৰ বিৰুদ্ধে সহজ জয় পঞ্জাৱৰ
মুম্বাইৰ বিৰুদ্ধে সহজ জয় পঞ্জাৱৰ

ৰোহিত শৰ্মাৰ বাহিৰে বাকী কেইগৰাকী বেটচমেনে ৰাণ সংগ্ৰহ কৰাত ব্যৰ্থ হয় ৷ মুম্বাই ইণ্ডিয়ানছৰ এইটো ক্ৰমাগত দ্বিতীয় পৰাজয় ৷ উল্লেখ্য যে, মুৰুগন অশ্বিনৰ ঠাইত এইটো বৰ্ষৰ আইপিএলত প্ৰথমবাৰৰ বাবে মূল একাদশত স্থান লাভ কৰি দলৰ বাবে সুন্দৰ প্ৰদৰ্শন কৰে লেগ স্পীনাৰ ৰবি বিঞ্চুইয়ে ৷ মাত্ৰ 131 ৰ লক্ষ্য বান্ধি দিয়া মু্ম্বাই দলৰ বিৰুদ্ধে মাত্ৰ এটা উইকেট হেৰুৱাই জয়ত উপনীত হয় পঞ্জাৱ ৷

পঞ্জাৱ তথা বিশ্ব ক্ৰিকেটত "ইউনিভাৰ্চ বছ" হিচাবে পৰিচিত ক্ৰিছ গেইলে ফৰ্মত উভতি অহাৰ বাবে পঞ্জাৱৰ অনুৰাগীৰ মাজত আনন্দই বিৰাজ কৰিছে ৷ মুম্বাই ইণ্ডিয়াৰ বিৰুদ্ধে ক্ৰিছ গেইলে নট আউটেৰে তিনিটা বিশাল ছিক্সৰ সহায়ত 43 ৰাণ সংগ্ৰহ কৰে ৷

লগতে পঢ়ক : আনুষ্ঠানিকতা ৰক্ষা কৰি আটাছুৰ কেন্দ্ৰীয় ব’হাগী সন্মিলন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.