ETV Bharat / sports

KKR vs LSG 2023 : প্লে-অফত স্থান নিশ্চিত লক্ষ্ণৌ চুপাৰ জায়েণ্টছৰ

author img

By

Published : May 21, 2023, 11:28 AM IST

KKR vs LSG 2023
প্লে অফৰ তৃতীয় স্থানত লক্ষ্ণৌ চুপাৰ জায়েণ্টছ

কলকাতাৰ বিৰুদ্ধে ১ ৰাণত জয়ী লক্ষ্ণৌ চুপাৰ জায়েণ্টছ (LSG won against KKR)। পইণ্ট তালিকাত তৃতীয় স্থান দখলেৰে প্লে-অফত স্থান নিশ্চিত কৰিলে লক্ষ্ণৌৱে । কলকাতাৰ হৈ ৰিংকু সিঙৰ সৰ্বাধিক ৬৭ ৰাণ ।

স্পৰ্টছ ডেস্ক,২১ মে': আইপিএল ২০২৩ ছিজনৰ বাবে শনিবাৰৰ দিনটো আছিল অতি গুৰুত্বপূৰ্ণ । কাৰণ একেদিনাই দুটাকৈ দলে প্লে-অফৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হয় । প্ৰথমে চেন্নাই চুপাৰ কিংছ আৰু তাৰ পাছত লক্ষ্ণৌ চুপাৰ জায়েণ্টছে প্লে-অফৰ বাবে যোগ্যতা অৰ্জন কৰে (CSK qualify for play off in IPL 2023)। লক্ষ্ণৌ চুপাৰ জায়াণ্টছে ১ ৰাণৰ ব্যৱধানত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে ৰোমাঞ্চকৰ জয় সাব্যস্ত কৰিবলৈ সক্ষম হয় ।

আই পি এল ২০২৩ৰ ৬৮ সংখ্যক খেলখন কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হৈছিল (TATA IPL 2023)। য'ত ক্ৰুণাল পাণ্ডিয়াৰ অধিনায়কত্বত লক্ষ্ণৌৱে নীতিশ ৰাণাৰ কেকেআৰক ১ ৰাণত পৰাস্ত কৰে । এই মেচখন জয়ী হোৱাৰ লগে লগে লক্ষ্ণৌ প্লে-অফত উপনীত হোৱা তৃতীয়টো দল হৈ পৰিছে (LSG qualify for play off in IPL 2023)। প্ৰথমে বেটিং কৰি লক্ষ্ণৌৱে ৮ উইকেটত ১৭৬ ৰাণ সংগ্ৰহ কৰে ।

নিকোলাছ পুৰাণে লক্ষ্ণৌৰ হৈ ৩০ টা বলত সৰ্বাধিক ৫৮ ৰাণ সংগ্ৰহ কৰে । পুৰাণৰ এই ইনিংছত ৪ টা চাৰি আৰু ৫ টা ছয় অন্তৰ্ভুক্ত আছিল । ১৭৭ ৰাণৰ লক্ষ্যত উপনীত হ'বলৈ কেকেআৰ দলটোৱে যথেষ্ট কষ্ট কৰে যদিও ৭ উইকেটত মাত্ৰ ১৭৫ ৰাণ হে সংগ্ৰহ কৰিবলৈ সক্ষম হয় (LSG vs KKR 2023)। একে সময়তে, ৰিংকু সিঙে কেকেআৰৰ হৈ ৬ টা চাৰি আৰু ৪ টা ছয়ৰ সৈতে ৩৩ টা বলত অপৰাজিত ৬৭ ৰাণ সংগ্ৰহ কৰে ।

জেচন ৰয়ে ২৮ টা বলত ৪৫ ৰাণ সংগ্ৰহ কৰে । কলকাতাৰ হৈ বৈভৱ অৰোৰা, শাৰ্দুল ঠাকুৰ আৰু সুনীল নাৰাইন প্ৰত্যেকেই ২ টাকৈ উইকেট দখল কৰে । লক্ষ্ণৌৰ হৈ ৰবি বিষ্ণোই আৰু যশ ঠাকুৰে ২ টাকৈ উইকেট দখল কৰে । আনহাতে কৃষ্ণাপ্পা গৌতম আৰু ক্ৰুণাল পাণ্ডিয়াই ১ টাকৈ উইকেট দখল কৰে ।

লক্ষণীয়ভাৱে খেলখনত ৰিংকু সিঙৰ প্ৰদৰ্শন অতি ৰোমাঞ্চকৰ আছিল । অন্তিম অভাৰটো আছিল আটাইতকৈ লক্ষণীয় । খেলখনত জয়ী হ'বলৈ অন্তিম অভাৰত কেকেআৰক দৰকাৰ আছিল ২১ ৰাণৰ । ৰিংকু সিঙে ২টা ছয় আৰু ১ টা চাৰি মাৰিছিল যদিও মুঠ ১৯ ৰাণ হে সংগ্ৰহ কৰিবলৈ সক্ষম হয় । খেলখনত পৰাজিত হৈ ১৪ খন মেচত ১২ পইণ্ট লাভ কৰি কেকেআৰ দলটোৱে প্লে অফৰ দৌৰৰ পৰা বাহিৰ হয় (KKR in IPL points table)। ইফালে লক্ষ্ণৌ দলটোৱে ১৪ খন খেলত ১৭ পইণ্ট লাভ কৰি পইণ্ট তালিকাত তৃতীয় স্থান লাভ কৰিছে ।

লগতে পঢ়ক :CSK VS DC IPL 2023 : দিল্লীক পৰাজিত কৰি প্লে-অফত স্থান চেন্নাই চুপাৰ কিংছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.