CSK VS DC IPL 2023 : দিল্লীক পৰাজিত কৰি প্লে-অফত স্থান চেন্নাই চুপাৰ কিংছৰ

author img

By

Published : May 21, 2023, 10:28 AM IST

CSK VS DC IPL 2023
দিল্লীক পৰাজিত কৰি প্লে অফত স্থান চেন্নাই চুপাৰ কিংছৰ ()

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৩ত প্লে-অফৰ বাবে যোগ্যতা অৰ্জন চেন্নাই চুপাৰ কিংছৰ (CSK qualify for play off in IPL 2023)। দিল্লীৰ বিৰুদ্ধে লীগ মেচৰ অন্তিম খেলত ৭৭ ৰাণত জয়ী হয় ধোনী বাহিনী । দিল্লীৰ হৈ ৱাৰ্ণাৰে সৰ্বাধিক ৮৬ ৰাণ সংগ্ৰহ কৰে ।

স্পৰ্টছ ডেস্ক,২১ মে' : আকৌ এবাৰ প্লে-অফৰ বাবে যোগ্যতা অৰ্জন কৰিলে আই পি এল ইতিহাসৰ অন্যতম সফল দল চেন্নাই চুপাৰ কিংছে (CSK qualify for play off in IPL 2023)। শনিবাৰে দিল্লী কেপিটেলছৰ বিৰুদ্ধে হোৱা খেলখনত বৃহৎ জয়েৰে মুঠ ১৭ পইণ্ট লাভ কৰি এম এছ ধোনীৰ দলটোৱে প্লে-অফৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হয় ।

দিল্লী কেপিটেলছৰ হৈ অধিনায়ক ডেভিদ ৱাৰ্ণাৰে ত্ৰাণকৰ্তাৰ ভূমিকা লৈছিল যদিও খেলখনত নিজ দলক জয়ী কৰাব নোৱাৰিলে । ৱাৰ্ণাৰে ৮৬ ৰাণ কৰাৰ পাচতো চেন্নাই চুপাৰ কিংছে দিল্লী কেপিটেলছৰ বিৰুদ্ধে ৭৭ ৰাণৰ বৃহৎ ব্যৱধানত জয়ী হৈ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৩ ৰ প্লে-অফৰ বাবে যোগ্যতা অৰ্জন কৰে (CSK beat DC in IPL)। চেন্নাইৰ দীপক চাহাৰ আৰু মহীষ থিকছানাৰ জ্বলন্ত স্পেলত একপ্ৰকাৰ ধৰাশায়ী হয় দিল্লী কেপিটেলছৰ বেটছমেনসকল । খেলখনত দীপক চাহাৰে ৩ টা আৰু থিকছানাই ২ টা উইকেট দখল কৰে ।

এই জয়ৰ লগে লগে চেন্নাইৰ দলটোৱে পইণ্ট তালিকাত দ্বিতীয় স্থানলৈ উন্নীত হয় (CSK in IPL points table)। ধোনী বাহিনীয়ে ১৪ খন খেলৰ লীগ অভিযান ১৭ পইণ্টৰ সৈতে সমাপ্ত কৰে । চেন্নাই চুপাৰ কিংছে প্ৰথমে বেটিং কৰি ২২৩ ৰাণ সংগ্ৰহ কৰে ।

প্ৰথমে বেটিং কৰা চিএছকে ক অপেনিং বেটছমেন ডেভন কনৱে আৰু ৰিতুৰাজ গায়কোৱাডে সুন্দৰ আৰম্ভণি দিয়ে । কনৱেয়ে ৮৭ ৰাণ আৰু গায়কোৱাডে ৭৯ ৰাণ সংগ্ৰহ কৰি দলটোক এক শক্তিশালী স্থিতিলৈ লৈ যায় । তাৰ পাছতে শিৱম ডুৱেই আহি আক্ৰমণাত্মক কেইটামান বাউণ্ডেৰীৰ সৈতে দলটোক আৰু শক্তিশালী স্থিতিলৈ লৈ যায় । দিল্লীৰ সন্মুখত ২২৪ ৰাণৰ বৃহৎ লক্ষ্য আছিল যাৰ বাবে চাপ সহিব নোৱাৰি দলটোৱে শেষ মুহূৰ্তলৈ যুঁজ দিও পৰাজয় স্বীকাৰ কৰিলে ।

দিল্লীয়ে এইটো ছিজনৰ ১৪ খন খেলৰ ৯ খনতে পৰাজিত হৈছে আৰু ১০ পইণ্টৰ সৈতে পইণ্ট তালিকাৰ অন্তিম দ্বিতীয় স্থানত আছে (DC in IPL 2023 points table)।

লগতে পঢ়ক :IPL 2023 PBKS vs RR: ৰাজস্থানৰ বিৰুদ্ধে পৰাস্ত পঞ্জাব; শংকামুক্ত নহয় ৰাজস্থান ৰয়েলছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.