ETV Bharat / sports

IPL 2023 PBKS vs RR: ৰাজস্থানৰ বিৰুদ্ধে পৰাস্ত পঞ্জাব; শংকামুক্ত নহয় ৰাজস্থান ৰয়েলছ

author img

By

Published : May 20, 2023, 2:06 AM IST

ipl 2023 pbks vs rr
ipl 2023 pbks vs rr match

আই পি এল 2023 ৰ শুকুৰবাৰৰ মেচখনত পঞ্জাব কিংছক 4 উইকেটত পৰাস্ত কৰে ৰাজস্থান ৰয়েলছে (IPL 2023 PBKS vs RR)।

নিউজ ডেস্ক, 20 মে': পৰাস্ত হোৱা দলটো বাহিৰ হোৱাটো নিশ্চিত । বৰ্তমানৰ আই পি এলত যিটো দল জয়ী হ’ব তেওঁলোকৰ যাত্ৰা দীঘলীয়া হ’ব নে নহয় সেয়া নিশ্চিত হ’ব পৰা হোৱা নাই । অৱশ্যে প্লে অফৰ দৌৰত আৰু কেইটামান ক্ষণ তিষ্ঠি থাকিব বিজয়ী দল । এনে পৰিস্থিতিত শুকুৰবাৰে হিমাচল প্ৰদেশৰ ধৰমশালাত পঞ্জাব কিংছ আই পি এল লীগৰ অন্তিমখন খেলত ৰাজস্থান ৰয়েলছৰ মুখামুখি হয় (RR vs PBKS match report)।

লীগ পৰ্যায়ৰ অন্তিমখন খেলত ঘৰুৱা দৰ্শকৰ সহযোগত শিখৰ ধাৱন নেতৃত্বাধীন পঞ্জাবে জয়লাভ কৰি প্লে অফৰ দৌৰত তিষ্ঠি থাকিবলৈ সক্ষম নহল । পঞ্জাব কিংছৰ বিৰুদ্ধে ৪ উইকেটত জয়লাভ কৰাৰ পাচতো ৰয়েলছ প্লে অফত অন্তৰ্ভুক্তিৰ বাবে দোমোজাত ৰৈ গ’ল । দুটা বল বাকী থকা অৱস্থাত ১৮৭ ৰাণৰ লক্ষ্য অনুসৰণ কৰি সঞ্জু চেমচন নেতৃত্বাধীন গুলপীয়া দলটোৱে মেচখনত জয়লাভ কৰে (IPL 2023 PBKS vs RR match)।

সুন্দৰ বেটিং প্ৰদৰ্শনেৰে ৰাজস্থান ৰয়েলছৰ জয়ৰ নায়ক হৈ পৰা খেলুৱৈ দুগৰাকী হ’ল যশস্বী জয়ছৱাল আৰু দেৱদুত পাড়িক্কাল । ৮ টা চাৰিৰ সহায়ত ৩৬ টা বল খেলি মুঠ ৫০ ৰাণ সংগ্ৰহ কৰে যশস্বীয়ে । ইফালে পাড়িক্কলে ৩০টা বলত ৫ টা চাৰি আৰু ৩ টা ছয় কোবাই ৫১ ৰাণ সংগ্ৰহ কৰে । টপ অৰ্ডাৰ বেটছমেন দুগৰাকীৰ বাহিৰেও ৰাজস্থানৰ জয়ৰ আন এজন নায়ক আছিল কেৰিবিয়ান পিঞ্চ হিটাৰ শ্বিমৰন হেটমায়াৰ । মাত্ৰ ২৮টা বলত তেওঁ ৪৬ ৰাণ সংগ্ৰহ কৰে । অৱশ্যে অন্তিম অভাৰত ছয় ৰাণ কৰি ধ্ৰুৱ জুৰেলে ৰাজস্থান ৰয়েলছৰ জয় নিশ্চিত কৰে (IPL 2023 live score)।

খেলখনত টছত জয়লাভ কৰি ৰাজস্থানৰ অধিনায়ক সঞ্জু চেমছনে প্ৰথমে বলিঙ কৰাৰ সিদ্ধান্ত লয় । প্ৰথমে বেটিং কৰা পঞ্জাব কিংছৰ অধিনায়ক শিখৰ ধাৱনকে ধৰি টপ অৰ্ডাৰ বেটচমেনকেইজন ৰাণ কৰাত ব্যৰ্থ হয় । ছেম কুৰান, জীতেশ শৰ্মা আৰু শ্বাহৰুখ খানে সুন্দৰ বেটিঙেৰে পঞ্জাবৰ হৈ বিপক্ষ দলটোক ১৮৮ ৰাণৰ লক্ষ্য বান্ধি দিয়ে (IPL 2023 match updates)।

৩১ টা বলত ৪৯ ৰাণ কৰি অপৰাজিত হৈ থাকে কুৰাণ । শ্বাহৰুখে ২৩ টা বলত ৪১ ৰাণ সংগ্ৰহ কৰে । জীতেশে ২৮ টা বলত ৪৪ ৰাণ কৰে । মুঠ ২০ অভাৰত ৫ উইকেটত ১৮৭ ৰা সংগ্ৰহ কৰে পঞ্জাব কিংছে । ৰাজস্থানৰ নৱদীপ ছাইনীয়ে ৪০ ৰাণত ৩ টা উইকেট দখল কৰে । ১৪ খন খেলৰ পৰা ১৪ পইণ্ট সংগ্ৰহ কৰা ৰাজস্থান ৰয়েলছে এতিয়া মুম্বাই, বেংগালুৰু, কলকাতাৰ হবলগীয়া খেলৰ ফলাফললৈ বাট চাব লাগিব ।

লগতে পঢ়ক: IPL 2023 RCB vs SRH: কোহলীৰ শতকেৰে বেংগালুৰুৰ জয়; আই পি এলৰ যাত্ৰা সমাপ্ত হায়দৰাবাদৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.