ETV Bharat / sports

IPL 2023 : ছান ৰাইজাৰ্ছৰ হায়দৰাবাদৰ বিৰুদ্ধে 7 উইকেটত জয়লাভ লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ

author img

By

Published : May 13, 2023, 4:39 PM IST

Updated : May 13, 2023, 8:00 PM IST

IPL 2023
IPL 2023

চলিত ছিজনৰ আইপিএলৰ ৫৮ সংখ্যক মেচত শনিবাৰে দুপৰীয়া ছানৰাইজাৰ্ছ হায়দৰাবাদক লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে 7 উইকেটত পৰাস্ত কৰে । বৰ্তমান পইন্ট তালিকাৰ চতুৰ্থস্থানলৈ উন্নীত হৈছে লক্ষ্ণৌ (IPL 2023 SRH vs LSG match) ।

স্পৰ্টছ ডেস্ক, ১৩ মে ' : শনিবাৰে অনুষ্ঠিত আই পি এলৰ এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েন্টেছে ছান ৰাইজাৰ্ছ হায়দৰাবাদক 7 উইকেটত পৰাস্ত কৰে । 183 ৰাণৰ লক্ষ্য আগত লৈ বেটিং আৰম্ভ কৰা লক্ষ্ণৌ ছুপাৰ জায়েন্টেছে 12 ৰাণতে প্ৰথমটো উইকেট হেৰুৱাই যদিও ডি ককৰ 29, প্ৰেৰক মনকাডৰ অপৰাজিত 64, মাৰ্কাচ ষ্টইনিছৰ 40 আৰু নিকোলাচ পুৰাণৰ বিস্ফোৰক 44 ৰাণৰ সহায়ত বিজয় সাব্যস্ত কৰে । মনকাডে 45 টা বলত 64, ষ্টইনিছে 25 টা বলত 40 আৰু পুৰাণে মাত্ৰ 13 টা বলত 44 ৰাণ কৰে (LSG beats SRH)।

ইয়াৰ পূৰ্বে টছত জিকি প্ৰথমে বেটিং কৰি হায়দৰাবাদে 20 অভাৰত 6 টা উইকেট হেৰুৱাই 182 ৰাণ সংগ্ৰহ কৰে । ক্লাচেনে সৰ্বাধিক 47, চামাদে 37, অনমোলপ্ৰীতে 36 আৰু অধিনায়ক মাৰ্ক্ৰামে 28 ৰাণ কৰে । বৰ্তমান পইন্ট তালিকাত লক্ষ্ণৌ তৃতীয় স্থানত আৰু হায়দৰাবাদ নৱম স্থানত আছে (SRH vs LSG IPL match) ।

টছৰ পিচত দল দুটাৰ অধিনায়ক দুগৰাকীয়ে মেচখন সন্দৰ্ভত নিজৰ মন্তব্য প্ৰকাশ কৰে (IPL 2023 LIVE update) ।

টছত পৰাজিত হৈ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ অধিনায়ক ক্ৰুণাল পাণ্ডিয়াই কয় (LSG captain Krunal Pandya), "টছত জয়ী হ'লে আমিও প্ৰথমে বেটিং কৰিলোঁহেঁতেন । কিন্তু মই বলিঙো বেয়া নাপাওঁ । এইটো হৈছে আমাৰ বাবে এক উত্থান-পতনৰ ছিজন । ভাল ক্ৰিকেট খেলিব লাগিব, সেইটোৱেই হৈছে গুৰুত্বপূৰ্ণ । উইকেট ভাল দেখা গৈছে আৰু ই পৰৱৰ্তী সময়তো একেদৰেই খেলিব । আমাৰ দলত কেইটামান পৰিৱৰ্তন হৈছে । প্ৰেৰক আৰু যুধবীৰ দলটোত আছে ।"

আনহাতে, ছানৰাইজাৰ্ছৰ অধিনায়ক এইডেন মাৰক্ৰমে কয় (SRH captain Aiden Markram), "আমি প্ৰথমে বেটিং কৰিবলৈ গৈ আছোঁ, এক ভাল উইকেট দেখা গৈছে । উইকেট শুষ্ক হৈয়ে থাকিব । আশাকৰো আমি এক ভাল স্ক'ৰ কৰিম আৰু স্ক'ৰ বোৰ্ডৰ চাপ বিপক্ষৰ ওপৰত ৰাখিম । পৰিস্থিতি আৰু দলটোৰ বাবে কি কাম কৰি আছে তাৰ ভাৰসাম্য ৰাখিব লাগিব । দিনৰ খেলবোৰত পিটচ অত্যধিক পৰিৱৰ্তন হোৱা দেখা নাপায় । আমি এক ৰোমাঞ্চকৰ স্থিতিত আছোঁ । আশাকৰো ইয়াত আমাৰ সৰ্বশ্ৰেষ্ঠখিনি দিব পাৰিম । আমাৰ এজন বেটিং অলৰাউণ্ডাৰ আছে, তেওঁ দলত আছে ।

দল দুটা

লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ (প্লেয়িং ইলেভেন) : কুইণ্টন ডি কক (উইকেটৰক্ষক), কাইল মেয়াৰ্ছ, ক্ৰুণাল পাণ্ডিয়া (অধিনায়ক), প্ৰেৰক মানকাড, মাৰ্কাছ ষ্টইনিছ, নিকোলাছ পুৰাণ, অমিত মিশ্ৰা, যশ ঠাকুৰ, ৰবি বিষ্ণই, যুধবীৰ সিং চাৰক, আবেশ খান ।

ছানৰাইজাৰ্ছ হায়দৰাবাদ (প্লেয়িং ইলেভেন) : অভিষেক শৰ্মা, আনমোলপ্ৰীত সিং, ৰাহুল ত্ৰিপাঠী, এইডেন মাৰক্ৰাম (অধিনায়ক), হেনৰিখ ক্লাছেন (উইকেটৰক্ষক), গ্লেন ফিলিপছ, আব্দুল চামাদ, টি নটৰাজন, মায়াংক মাৰ্কাণ্ডে, ভুৱনেশ্বৰ কুমাৰ, ফজল হক ফাৰুকী ।

এলএছজি ইমপেক্ট পৰিৱৰ্ত খেলুৱৈ : স্বপ্নিল সিং, ডেনিয়েল চামছ, আয়ুষ বাডোনি, দীপক হুডা, অৰ্পিত গুলেৰিয়া ।

এছআৰএইচ ইমপেক্ট পৰিৱৰ্ত খেলুৱৈ : ভিভৰান্ত শৰ্মা, সংবীৰ সিং, মায়াংক ডাগৰ, নীতিশ কুমাৰ ৰেড্ডী, মাৰ্কো জানচেন ।

লগতে পঢ়ক :IPL 2023 GT vs MI: গুজৰাটৰ বিৰুদ্ধে মুম্বাইৰ জয়; সূৰ্যকুমাৰৰ শতক; অথলে গ'ল ৰছিদৰ চেষ্টা

Last Updated :May 13, 2023, 8:00 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.