ETV Bharat / sports

TATA IPL 2023 : RCB ৰ 24 ৰাণত জয়; 150 ৰাণত অল আউট PBKS

author img

By

Published : Apr 20, 2023, 4:37 PM IST

Updated : Apr 20, 2023, 7:55 PM IST

TATA IPL 2023
পঞ্জাৱ আৰু বেংগালুৰুৰ মাজত IPLৰ গুৰুত্বপূৰ্ণ খেল

IPL 2023 ৰ আজিৰ প্ৰথমখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু মুখামুখি পঞ্জাৱ কিংছৰ (RCB vs PBKS)। RCB ৰ হাতত 24 ৰাণত পৰাস্ত PBKS ৷

স্পৰ্টছ ডেস্ক,২০ এপ্ৰিল : PBKS ৰ বিৰুদ্ধে 24 ৰাণত জয়লাভ RCB ৰ ৷ প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত 20 অভাৰত 4 টা উইকেট হেৰুৱাই 174 ৰাণ সংগ্ৰহ কৰে RCB য়ে ৷ আঘাতৰ বাবে আজিৰ খেলখনত বেটিং কৰিলেও অধিনায়কৰ দায়িত্ব পালনৰ পৰা বিৰত থাকে ডু প্লেছিছ ৷ বিৰাট কোহলীয়ে আজিৰ খেলত RCB ক নেতৃত্ব দিয়ে ৷ দুই অপেনাৰ কোহলী আৰু ডু প্লেছিছে বিস্ফোৰক বেটিঙেৰে প্ৰথম উইকেটৰ যুটিত 137 ৰাণ সংগ্ৰহ কৰে ৷ কোহলীয়ে 47 টা বলত 59 ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে ডু প্লেছিছে 56 টা বলত 84 ৰাণ কৰে ৷ পাঁচটা বাউণ্ডেৰী আৰু 5 টা অভাৰ বাউণ্ডেৰী কোবাই ডু প্লেছিছে ৷ ইফালে কোহলীয়ে 5 টা বাউণ্ডেৰী আৰু 1 টা অভাৰ বাউণ্ডেৰী কোবায় (Punjab Kings vs Royal Challengers Bangalore) ৷

175 ৰাণৰ লক্ষ্য আগত লৈ বেটিং কৰা PBKS প্ৰথমৰ পৰাই বেটিং বিপৰ্যয়ৰ সন্মুখীন হয় ৷ প্ৰভসিমৰণে 46 আৰু জিতেশ শৰ্মাই 41 ৰাণ কৰাৰ বাহিৰে বাকীসকল খেলুৱৈৰ প্ৰদৰ্শন আছিল যথেষ্ট দুৰ্বল ৷ প্ৰভসিমৰণে 30 বলত 4 টা অভাৰ বাউণ্ডেৰী আৰু 3 টা বাউণ্ডেৰী কোবায় ৷ জিতেশ শৰ্মায়ো 3 টা অভাৰ বাউণ্ডেৰী আৰু 2 টা বাউণ্ডেৰী কোবাই দলক বিজয় কৰোৱাৰ চেষ্টা কৰে যদিও বাকী খেলুৱৈৰ দুৰ্বল প্ৰদৰ্শনৰ বাবে 18.2 অভাৰত 150 ৰাণত অল আউট হয় দলটো ৷ আঘাতৰ বাবে আজিৰ খেলৰ পৰা বাহিৰত থাকে PBKS ৰ অধিনায়ক শিখৰ ধাৱন ৷ RCB ৰ মঃ চিৰাজে 4 টাকৈ উইকেট দখল কৰে (Punjab vs Bangalore IPL live blog) ৷

ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ দল (Royal Challengers Bangalore Playing XI): বিৰাট কোহলী (অধিনায়ক), ফাফ ডু প্লেচিছ, মহিপাল লোমৰোৰ, গ্লেন মেক্সৱেল, শ্বাহবাজ আহমেদ, দিনেশ কাৰ্তিক (উইকেট কীপাৰ), ৱানিন্দু হাচাৰাংগা, সুয়াশ প্ৰভুদেশাই, হৰ্ষল পেটেল, ৱেইন পাৰনেল, মহম্মদ চিৰাজ ।

পঞ্জাৱ কিংছৰ দল (Punjab Kings Playing XI): অথৰ্ব টাইডে, মেথিউ শ্বৰ্ট, হৰপ্ৰীত সিং ভাটিয়া, লিয়াম লিভিংষ্টোন, ছেম কৰণ (অধিনায়ক), জিতেশ শৰ্মা (উইকেট কীপাৰ), শ্বাহৰুখ খান, হৰপ্ৰীত ব্ৰাৰ, নাথান এলিছ, ৰাহুল চাহাৰ, আৰ্শদীপ সিং ।

লগতে পঢ়ক :IPL 2023: জয়পুৰৰ মেচৰ পিচত ৰিয়ান পৰাগৰ বেটিঙৰ ওপৰত প্ৰশ্ন ৰবি শাস্ত্ৰীৰ

Last Updated :Apr 20, 2023, 7:55 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.