ETV Bharat / sports

IPL 2023 FINAL: আই পি এল 2023 ৰ ট্ৰফী চেন্নাই ছুপাৰ কিংছৰ হাতত; পঞ্চমবাৰলৈ খিতাপ দখল চেন্নাইৰ

author img

By

Published : May 29, 2023, 9:57 PM IST

Updated : May 30, 2023, 1:57 AM IST

Chennai Super Kings vs Gujarat Titans
IPL 2023 FINAL

পঞ্চমবাৰলৈ আই পি এলৰ খিতাপ দখল কৰিলে চেন্নাই ছুপাৰ কিংছে । তীব্ৰ উত্তেজনাপূৰ্ণ খেলখনত ৰবীন্দ্ৰ জাদেজা চেন্নাইৰ বাবে জয়ৰ নায়ক হৈ পৰে (CSK wins TATA IPL 2023 Final)।

নিউজ ডেস্ক, 29 মে’: অবিশ্বাস্য বিজ সাব্যস্ত কৰিলে চেন্নাই ছুপাৰ কিংছে । আই পি এল 2023 ৰ ফাইনেল খেলখন অন্তিমটো বললৈকে আছিল তীব্ৰ উত্তেজনাপূৰ্ণ । কোন জয়ী হভ সেয়া নিৰ্ধাৰণ কৰাতো সহজ নাছিল কাৰো বাবে । কিন্তু সকলোকে আচৰিত কৰি চেন্নাই ছুপাৰ কিংছৰ অল ৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাই এটা 4 কোবাই চেন্নাইৰ নামত লিপিবদ্ধ কৰিলে পঞ্চমটো আই পি এল খিতাপ (IPL 2023 winner CSK) ।

প্ৰথম ইনিংছৰ অন্তত দ্বিতীয় ইনিংছ আৰম্ভ হওঁতেই বৰষুণে বিধি-পথালি দিয়াত ডি এল এছ পদ্ধতি ব্যৱহাৰ কৰি খেলখন অভাৰলৈ সীমিত কৰা হয় আৰু চেন্নাইৰ বাবে 171 ৰাণৰ টাৰ্গেট নিৰ্ধাৰণ কৰা হয় । দুই অপেনাৰ গাউকোৱাড আৰু কনৱেয়ে সুন্দৰ আৰম্ভণি কৰে । গাইকোৱাডে 26, কনৱেয়ে 47, ডুবেয়ে 32, ৰাহানেয়ে 27, ৰায়ুডুৱে 19 আৰু জাডেজাই 15 ৰাণ কৰে । অন্তিম অভাৰত 14 ৰাণৰ প্ৰয়োজন হোৱা অৱস্থাত প্ৰথম চাৰিটা বলত চাৰি ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় শিৱম ডুৱে আৰু জাডেজাই । কিন্তু শেষৰ দুটা বলত এটা ছিক্সাৰ আৰু এটা চাৰি কোবাই জাডেজাই চেন্নাইক বিজয় উপহাৰ দিয়ে (CSK wins TATA IPL 2023 Final)।

প্ৰথমে বেটিং কৰি গুজৰাটে নিৰ্ধাৰিত 20 অভাৰত 4 টা উইকেট হেৰুৱাই 214 ৰাণ সংগ্ৰহ কৰে ৷ দুই অপেনাৰ ঋদ্ধিমান সাহা আৰু শুভমন গিলে সুন্দৰ আৰম্ভণি কৰে খেলখনৰ ৷ সাহাই 39 টা বলত 5 টা বাউণ্ডেৰী আৰু 1 টা অভাৰ বাউণ্ডেৰী কোবাই মুঠ 54 ৰাণ সংগ্ৰহ কৰে ৷ গিলে 20 টা বলত 7 টা বাউণ্ডেৰী কোবাই মুঠ 39 ৰাণ কৰি আউট হয় (CSK vs GT match report) ৷

ইফালে সাই সুদৰ্শনে মেছখনত বিস্ফোৰক বেটিঙেৰে চেন্নাইৰ বলাৰক দিশহাৰা কৰি তোলে ৷ সুদৰ্শনে 47 টা বলত 8 টা বাউণ্ডেৰী আৰু 6 টা অভাৰ বাউণ্ডেৰী কোবাই মুঠ 96 ৰাণ কৰে ৷ দুৰ্ভাগ্যজনকভাৱে শতক সম্পূৰ্ণ কৰিবলৈ 4 ৰাণ বাকী থকা অৱস্থাত 19.3 অভাৰত এল বি ডব্লিউ হয় সুদৰ্শন ৷ অধিনায়ক হাৰ্দিক পাণ্ডিয়াই 12 বলত 21 ৰাণ কৰি অপৰাজিত হৈ থাকে ৷ চেন্নাইৰ হৈ পাথিৰানাই অন্তিম অভাৰত দুটা উইকেট দখল কৰে ৷ কিন্তু দ্বিতীয় ইনিংছ আৰম্ভ হওঁতেই পুনৰ ধাৰাষাৰ বৰষুণ অহাত খেলখনত ব্যাঘাত জন্মে (IPL 2023 Final) ৷

হাৰ্দিক পাণ্ডিয়া: প্ৰথমেও বলিং কৰিলোহেঁতেন ৷ কিন্তু মোৰ মনে বেটিং কৰিব বিচাৰিছিল, গতিকে টছত হৰাত মোৰ আপত্তি নাই । বতৰৰ সম্পৰ্কে আমি কথা পাতিছিলোঁ ৷ ই আমাৰ নিয়ন্ত্ৰণৰ বাহিৰৰ বিষয় । যিটো দলে ভাল খেলিব সিয়েই খিতাপ দখল কৰিব । খেলুৱৈসকলক শান্ত কৰি ৰাখি ভাল পাওঁ, আৰু তেওঁলোকে মোক প্ৰতিদান দিয়ে । আমাৰ দলত কোনো সাল সলনি হোৱা নাই (CSK vs GT live blog)।

এম এছ ধোনী : বৰষুণৰ পূৰ্বাভাস থকাৰ বাবে আমি প্ৰথমে বলিং কৰিম । কালি আমি ড্ৰেছিং ৰুমত আছিলো । ক্ৰিকেটাৰ হিচাপে আপুনি সদায় খেলিব বিচাৰে । ভিৰটোৱেই আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছিল । আশাকৰোঁ, আমি তেওঁলোকক মনোৰঞ্জন দিব পাৰিম । দীৰ্ঘদিন ধৰি পিটচখন আণ্ডাৰকাভাৰ হৈ আছে যদিও গোটেই টুৰ্ণামেণ্টখনতে ইয়াত পিটচখনে ভাল আচৰণ কৰিছে । যথেষ্ট সুখী যে আমি ২০ অভাৰৰ খেল খেলিম ৷ আমাৰ দলত কোনো সাল-সলনি ঘটোৱা নাই (GT vs CSK IPL final match) ।

গুজৰাট টাইটানছ (প্লেয়িং একাদশ): ঋদ্ধিমান সাহা(W), শুভমন গিল, সাই সুদৰ্শন, হাৰ্দিক পাণ্ডিয়া(C), বিজয় শংকৰ, ডেভিদ মিলাৰ, ৰাহুল তেৱাটিয়া, ৰছিদ খান, মোহিত শৰ্মা, নূৰ আহমদ, মহম্মদ ছামি ৷

চেন্নাই ছুপাৰ কিংছ (প্লেয়িং একাদশ): ঋতুৰাজ গাইকৱাড, ডেভন কনৱে’, অজিংক্য ৰাহানে, ময়েন আলী, অম্বতি ৰায়ুডু, ৰবীন্দ্ৰ জাদেজা, এম এছ ধোনি(w/c), দীপক চহৰ, মথিছা পাথিৰানা, তুষাৰ দেশপাণ্ডে, মহীশ থিকশানা ৷

লগতে পঢ়ক: IPL 2023 Grand Finale : গুৰু-শিষ্যৰ সমুখ সমৰত কোনে মাৰিব শেষ হাঁহি ?

Last Updated :May 30, 2023, 1:57 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.