ETV Bharat / sports

India Sri Lanka ODI Series : আজি শ্ৰীলংকাৰ বিৰুদ্ধে অন্তিম এদিনীয়া, পদ্মনাভস্বামী মন্দিৰত প্ৰাৰ্থনা টীম ইণ্ডিয়াৰ

author img

By

Published : Jan 15, 2023, 1:14 PM IST

ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ চলিত এদিনীয়া শৃংখলাৰ তৃতীয়খন এদিনীয়া দেওবাৰে তিৰুৱন্তপুৰমৰ গ্ৰীণফিল্ড আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হ'ব । ইয়াৰ পূৰ্বে দলটোৱে পদ্মনাভস্বামী মন্দিৰত প্ৰাৰ্থনা জনাই মেচখনত বিজয়ৰ আশীৰ্বাদ বিচাৰে (Indian cricketers at padmanabhaswamy temple) ।

India
India

স্পৰ্টছ ডেস্ক, ১৫ জানুৱাৰী : ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত তিনিখনীয়া এদিনীয়া শৃংখলাৰ (India vs Sri Lanka 3rd odi) তৃতীয় তথা অন্তিমখন মেচ দেওবাৰে তিৰুৱন্তপুৰমৰ গ্ৰীণফিল্ড আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হ'ব । ইতিমধ্যে শৃংখলাটোৰ প্ৰথম দুখন মেচত বিজয়ৰ পিছত ভাৰতীয় দলটোৱে 2-0-ৰ অগ্ৰগতি লাভ কৰিছে । আজি তৃতীয়খন মেচৰৰ পূৰ্বে ভাৰতীয় দলটোৱে তিৰুৱন্তপুৰমৰ পদ্মনাভস্বামী মন্দিৰ দৰ্শন কৰে । টীম ইণ্ডিয়াৰ সকলো খেলুৱৈয়ে মন্দিৰত ভগৱানৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰে আৰু এক উজ্জ্বল ভৱিষ্যতৰ কামনা কৰে ।

তিৰুৱন্তপুৰমত শ্ৰীলংকাৰ বিৰুদ্ধে তৃতীয়খন এদিনীয়া মেচ খেলিবলৈ অহা ভাৰতীয় ক্ৰিকেট দলৰ সদস্যসকলে শনিবাৰে শ্ৰী পদ্মনাভস্বামী মন্দিৰত প্ৰাৰ্থনা জনায় (Team India in Padmanabhaswamy Temple) । দলটোৰ সদস্যসকলৰ ভিতৰত আছিল যজুবেন্দ্ৰ চহল, সূৰ্যকুমাৰ যাদৱ, হাৰ্দিক পাণ্ডিয়া, ৱাশ্বিংটন সুন্দৰ, কুলদীপ যাদৱ, অক্ষৰ পেটেল, শ্ৰেয়াছ আয়াৰ আৰু বলিং প্ৰশিক্ষক পৰেশ মাম্ব্ৰে । BCCI-ৰ বিষয়া আৰু খেলুৱৈসকল শনিবাৰে পুৱা প্ৰায় ১০ বজাত মন্দিৰটোত গৈ উপস্থিত হয় ।

বিচিচিআইৰ বিষয়া আৰু মন্দিৰৰ বিষয়াসকলৰ সৈতে ক্ৰিকেটাৰসকলৰ এখন ফটো ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰা হৈছে । উল্লেখ্য, শৃংখলাত ৩-০-ৰ ব্যৱধানত বিজয়ৰ উদ্দেশ্যে তৃতীয় এদিনীয়াত দেওবাৰে ভাৰত অৱতীৰ্ণ হ'ব শ্ৰীলংকাৰ বিৰুদ্ধে । অৱশ্যে মন্দিৰটো দৰ্শনৰ সময়ছোৱাত ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মা, বিৰাট কোহলী আৰু বহুতো তাৰকা খেলুৱৈ উপস্থিত নাছিল । টীম ইণ্ডিয়াৰ খেলুৱৈসকলৰ বহুতো ফটো ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে । এই ফটোবোৰত দেখা গৈছে যে ভাৰতীয় ক্ৰিকেটাৰসকলে কেৰালাৰ বিখ্যাত ধূতি পৰিধান কৰি আছে । ভাৰতীয় দলটো কেৰালাৰ জাতীয় সাজত সম্পূৰ্ণভাৱে উজলি উঠা দেখা গৈছে ।

উল্লেখ্য, টীম ইণ্ডিয়াই দেওবাৰে তিৰুৱন্তপুৰমত শ্ৰীলংকাক এদিনীয়া শৃংখলাত পোনপটীয়া ব্যৱধানত পৰাস্ত কৰাৰ উদ্দেশ্যৰে খেলপথাৰত অৱতীৰ্ণ হ'ব । ভাৰতে চলিত এদিনীয়া শৃংখলাৰ প্ৰথম দুখন মেচত বিজয় সাব্যস্ত কৰিছে । এদিনীয়া শৃংখলাৰ প্ৰথমখন খেল গুৱাহাটীত অনুষ্ঠিত হৈছিল আৰু দ্বিতীয়খন খেল কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হৈছিল । প্ৰথম মেচখন সম্পূৰ্ণ একপক্ষীয়ভাৱে ভাৰতে নিজৰ দখললৈ নিয়াৰ বিপৰীতে দ্বিতীয় মেচখন অতি ৰোমাঞ্চকৰ আছিল ।

প্ৰথম দুখন মেচত বিজয় সাব্যস্ত কৰাৰ পিছত অধিনায়ক ৰোহিত শৰ্মাই তৃতীয়খন মেচত দলটোৰ অন্যান্য যুৱ খেলুৱৈসকলৰ শক্তি বৃদ্ধি কৰিবলৈ প্লেয়িং ইলেভেন সলনি কৰিব পাৰে । ঈশান কিষাণ আৰু সূৰ্যকুমাৰ যাদৱে শৃংখলাটোৰ এই অন্তিমখন মেচত খেলাৰ সুযোগ পাব পাৰে । উল্লেখ্য, শ্ৰীলংকাৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ অন্তিমখন মেচত সূৰ্যকুমাৰ যাদৱে শতক অৰ্জন কৰিছিল । আনহাতে, ঈশান কিষাণে বাংলাদেশ ভ্ৰমণৰ সময়ত দ্ৰুততম দ্বিশতক অৰ্জন কৰাৰ অভিলেখ গঢ়িছে ।

লগতে পঢ়ক :Hockey World Cup 2023: হকী বিশ্বকাপ: স্পেইনক ২-০ গ’লত পৰাস্ত টীম ইণ্ডিয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.