ETV Bharat / sports

ৰাজস্থানৰ বিৰুদ্ধে পৰাস্ত হোৱাৰ পাচতে ধোনীৰ প্ৰতিক্ৰিয়া

author img

By

Published : Oct 20, 2020, 8:06 AM IST

আইপিএল
মহেন্দ্ৰ সিং ধোনী

লীগৰ বাকী 4 খন মেচত যুৱ খেলুৱৈসকলক সুযোগ প্ৰদান কৰাৰ ইংগিত ধোনীৰ ৷

স্পৰ্টছ ডেস্ক, 20 অক্টোবৰ : ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে 7 উইকেটত পৰাস্ত হোৱাৰ পাচতে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিছে চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে ৷ 10 খন মেচৰ 7 খনতে পৰাস্ত হৈ কেৱল 6 পইন্টহে সংগ্ৰহ কৰা দলটোৱে পইন্ট তালিকাৰ অন্তিম স্থানত অধিষ্ঠিত হোৱাৰ পাচত ধোনীয়ে কয় যে, এইবাৰৰ ছিজনত আমি বাস্তৱতে ফৰ্মত নাই ৷

আইপিএল
মহেন্দ্ৰ সিং ধোনী

মেচৰ অন্তত ধোনীয়ে কয়, "সদায় মেচ আপোনাৰ পক্ষত নাথাকে ৷ সেয়েহে আমি প্ৰক্ৰিয়াটোলৈ উভতি গৈ কি ভুল হৈছে সেয়া পৰীক্ষা কৰো ৷ এই প্ৰক্ৰিয়াৰ দ্বাৰাহে ফলাফল লাভ কৰা হয় ৷ ইয়াৰ পৰা আপুনি ধনাত্মক চিন্তা কৰিবলৈ সুযোগ পায় ৷"

তেওঁ কয়, "আমি মিলিয়ন লোকৰ সন্মুখত খেলো সেয়েহে লুকুৱাব লগা একো নাই ৷ এই প্ৰক্ৰিয়াটোৰ সৈতে জড়িত হৈ থাকিলে ফলাফলক লৈ ড্ৰেছিং ৰুমত কোনো প্ৰভাৱ নপৰে ৷ আমি বহু চেষ্টা কৰিলো ৷"

ধোনীয়ে লগতে জানিবলৈ দিয়ে যে, লীগৰ বাকী 4 খন মেচত যুৱ খেলুৱৈসকলক সুযোগ প্ৰদান কৰা হ'ব ৷

লগতে পঢ়ক : ডেভিদ ৱাৰ্ণাৰে ভংগ কৰিলে বিৰাট কোহলীৰ অভিলেখ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.