ETV Bharat / sports

ডেভিদ ৱাৰ্ণাৰে ভংগ কৰিলে বিৰাট কোহলীৰ অভিলেখ

author img

By

Published : Oct 19, 2020, 9:08 PM IST

আইপিএলত সৰ্বাধিক 5000 ৰাণ সংগ্ৰহ কৰা ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলীৰ অভিলেখ ভংগ কৰিলে অষ্ট্ৰেলিয়ান অপেনাৰ ডেভিদ ৱাৰ্ণাৰে ৷ তেওঁ নিজৰ 135 তম ইনিংছত 5000 ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷

ডেভিদ ৱাৰ্ণাৰে ভংগ কৰিলে বিৰাট কোহলীৰ অভিলেখ
ডেভিদ ৱাৰ্ণাৰে ভংগ কৰিলে বিৰাট কোহলীৰ অভিলেখ

স্পৰ্টছ ডেস্ক, 19 অক্টোবৰ: অষ্ট্ৰেলিয়ান অপেনাৰ ডেভিদ ৱাৰ্ণাৰে ভংগ কৰে বিৰাট কোহলীৰ অভিলেখ ৷ আইপিএলত সৰ্বাধিক 5000 ৰাণ সংগ্ৰহ কৰা ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলীৰ এই অভিলেখ ভংগ কৰিলে অষ্ট্ৰেলিয়াল ক্ৰিকেটাৰ গৰাকীয়ে ৷

দেওবাৰে হৈ যোৱা ছান ৰাইজাৰ্ছ হাইদৰাবাদ বনাম কলকাতা নাইট ৰাইডাৰ্ছ খেলখনত এই কৃত্তিত্ব অৰ্জন কৰে ৱাৰ্ণাৰে ৷ যদিও, শ্বেইখ জায়েদ ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত ছুপাৰ অভাৰত তেওঁৰ দল পৰাজয় হয় ৷

আইপিএলৰ ইতিহাসত 5000 ৰাণ সংগ্ৰহ কৰা ৱাৰ্ণাৰ হৈছে চতুৰ্থ গৰাকী খেলুৱৈ ৷ তেওঁ নিজৰ 135 তম ইনিংছত 5000 ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷ আনহাতে বিৰাট কোহলীয়ে এই অভিলেখ সৃষ্ট কৰিছিল তেওঁৰ 157 তম ইনিংছত ৷ এই তালিকাৰ তৃতীয় স্থানত আছে চেন্নাই চুপাৰ কিংছ দলৰ সুৰেশ ৰাইনা, যিয়ে আইপিএলত তেওঁৰ 173 তম ইনিংছত 5000 ৰাণ সংগ্ৰহ কৰিছিল ৷ ইয়াৰ পাচতে আহে মুম্বাই ইণ্ডিয়ানছৰ কেপ্তেইন ৰোহিত শৰ্মাৰ (187 ইনিংছ) ৰ স্থান ৷

বাঁওহতীয়া অষ্ট্ৰেলিয়ান খেলুৱৈ গৰাকীয়ে বৰ্তমানলৈ 135 টা আইপিএল ইনিংছত 5,037 ৰাণ সংগ্ৰহ কৰিছে ৷ যাৰ ভিতৰত চাৰিটা শতক আৰু 46 অৰ্ধ-শতক সন্নিবিষ্ট হৈ আছে ৷

লগতে পঢ়ক: আইপিএল 13 : বিৰাট কোহলীৰ নতুন মাইলষ্টোন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.