ETV Bharat / sports

আইপিএলত আজি মৰণপণ যুঁজত হায়দৰাবাদ বনাম ৰাজস্থান

author img

By

Published : Oct 22, 2020, 10:58 AM IST

আইপিএল
হায়দৰাবাদ বনাম ৰাজস্থান

ডুবাই আন্তৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত আজি আইপিএলৰ 40 সংখ্যক মেচত মুখামুখি হ'ব ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু ৰাজস্থান ৰয়েলছ ৷ প্লে'অফত প্ৰৱেশৰ আশা সজীৱ কৰি ৰাখিবৰ বাবে আজি ৰাজস্থান দলে হায়দৰাবাদৰ বিৰুদ্ধে যুঁজত অৱতীৰ্ণ হ'ব ৷

স্পৰ্টছ ডেস্ক, 22 অক্টোবৰ : ডুবাই আন্তৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত আজি আইপিএলৰ 40 সংখ্যক মেচত মুখামুখি হ'ব ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু ৰাজস্থান ৰয়েলছ ৷ প্লে'অফত প্ৰৱেশৰ আশা সজীৱ কৰি ৰাখিবৰ বাবে আজি ৰাজস্থান দলে হায়দৰাবাদৰ বিৰুদ্ধে যুঁজত অৱতীৰ্ণ হ'ব ৷

8 পইন্টেৰে ষ্টিভ স্মিথ নেতৃত্বাধীন ৰয়েলছে ষষ্ঠ স্থানত ৰৈছে যদিও পৰৱৰ্তী ৰাউণ্ডলৈ আগবঢ়াৰ আশা অতি ক্ষীণ ৷ আনহাতে, 6 পইন্ট সংগ্ৰহেৰে সপ্তম স্থানত আছে হায়দৰাবাদ ৷

চেন্নাইৰ বিৰুদ্ধে মেচত অসফল হৈছিল ৰাজস্থান ৰয়েলছৰ টপ অৰ্ডাৰ ৷ কিন্তু জছ বাটলাৰক বেটিংক্ৰমৰ পঞ্চম স্থানত ৰখাৰ সিদ্ধান্তই ৰাজস্থান দলক যথেষ্ট সহায় কৰিছিল কিয়নো বাটলাৰে অপৰাজিত 70 ৰাণ সংগ্ৰহ কৰাৰ লগতে দলৰ জয়ত বৃহৎ ভূমিকা পালন কৰিছিল ৷

বেন ষ্টোকছ, সঞ্জু চেমছন আৰু ৰবীন উথাপ্পাৰ ওপৰত টপ অৰ্ডাৰ নিৰ্ভৰ কৰাৰ লগতে মধ্যক্ৰমৰ দায়িত্ব আছে বাটলাৰ আৰু স্মিথৰ ওপৰত ৷ যুৱ খেলুৱৈ ৰিয়ান পৰাগ আৰু ৰাহুল তেৱাটিয়াই বহু কঠিন পৰিস্থিতিত দলক উদ্ধাৰ কৰিছে যদিও টপ অৰ্ডাৰে ভাল প্ৰদৰ্শনৰ জৰিয়তে তেওঁলোকৰ ওপৰত চাপ হ্ৰাস কৰিবলৈ চেষ্টা কৰিব ৷

আইপিএল 2020
ৰাজস্থান ৰয়েলছ

ৰাজস্থানৰ সৰ্বাধিক উইকেট দখলকাৰী বলাৰ জফ্ৰা আৰ্চাৰে (39) পুনৰ দলৰ বলিঙত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ লগতে ষ্টোকছৰ পৰাও কিছু সমৰ্থন আশা কৰিব ৷

আনহাতে, হায়দৰাবাদে প্লে' অফত প্ৰৱেশৰ আশা তেনেই ক্ষণ যদিও দলটোৱে আজিৰ মেচত জয় সাব্যস্ত কৰাৰ চেষ্টা কৰিব ৷ 2016 চনৰ চেম্পিয়ন দলটোৱে বিশেষকৈ দলৰ শীৰ্ষ স্থানৰ খেলুলৈ জনী বেয়াৰষ্ট', ৱাৰ্ণাৰ, মনিষ পাণ্ডে আৰু কেন উইলিয়ামছনৰ ওপৰত নিৰ্ভৰ কৰিব ৷

মিডল অৰ্ডাৰত দলটোৱে বৰ্তমানলৈকে এজন ফিনিছাৰ বিচাৰি উলিয়াবলৈ অসমৰ্থ হৈছে ৷ উইলিয়ামছনৰ আঘাতৰ বাবে কলকাতাৰ বিৰুদ্ধে মেচত ৱাৰ্ণাৰে দলৰ মধ্যক্ৰমৰ ফালে বেটিঙত নামিছিল ৷ ইয়াৰ জৰিয়তে তেওঁ মেচখন ছুপাৰ অ'ভাৰ পৰ্যায়লৈ নিবলৈ সক্ষম হৈছিল ৷

আইপিএল 2020
ছানৰাইজাৰ্ছ হায়দৰাবাদ

ভূৱনেশ্বৰ কুমাৰ আৰু অল ৰাউণ্ডাৰ মিটচেল মাৰ্চ আঘাতৰ বাবে দলৰ পৰা বাহিৰ হোৱাৰ ফলত সন্দীপ শৰ্মা আৰু টি. নটৰাজনে তেওঁলোকৰ খালী স্থান পূৰণ কৰিব বুলি আশা কৰা হৈছে ৷

হায়দৰাবাদৰ সৰ্বাধিক উইকেট দখলকাৰী বলাৰ ৰছিদ খানে (66) পুনৰবাৰ দলৰ বলিঙৰ দায়িত্ব গ্ৰহণ কৰিব ৷

স্কোৱাড :

ছানৰাইজাৰ্ছ হায়দৰাবাদ : জনী বেয়াৰষ্ট' কেন উইলিয়ামছন, প্ৰিয়ম গাৰ্গ, ডেভিদ ৱাৰ্ণাৰ, মনিষ পাণ্ডে, বিজয় শংকৰ, আব্দুল ছামাদ, ৰছিদ খান, সন্দীপ শৰ্মা, টি. নটৰাজন, বাছিল থাম্পা, ঋধিমান ছাহা, শ্ৰীবটছ গোস্বামী, সিদ্ধাৰ্থ কৌল, মহম্মদ নবী, শ্বাহবাজ নদীম, জেছন হল্ডাৰ, বাভানকা সন্দীপ, বিল্লী ষ্টেনলেক, ফেবিয়ান এলেন, বিৰাট সিং, খলিল আহমেদ, সঞ্জয় যাদৱ, অভিষেক শৰ্মা, পৃথ্বী ৰাজ য়াৰা ৷

ৰাজস্থান ৰয়েলছ : জছ বাটলাৰ, বেন ষ্টোকছ, সঞ্জু চেমছন, এন্দ্ৰিউ টায়ে, কাৰ্তিক ত্যাগী, ষ্টিভেন স্মিথ, অংকিত ৰাজপুত, শ্ৰেয়াস গোপাল, ৰাহুল তেৱাটিয়া, জয়দেৱ উনাদকাট, মায়ংক মাৰ্কান্দে, মহিপাল লোমৰোৰ, অশ্বানে থমাছ, ৰিয়ান পৰাগ, য়শস্বী জয়ছৱাল, অনুজ ৰাৱট, আকাশ সিং, ডেভিদ মিলাৰ, মনন বোহৰা, শশাংক সিং, বৰুণ অৰুণ, টম কাৰান, ৰবীন উথাপ্পা, অনিৰুদ্ধ জোশী, জফ্ৰা আৰ্চাৰ ৷

লগতে পঢ়ক : IPL 2020: 8 উইকেট হেৰুৱাই 84 ৰাণত বিধ্বস্ত কে. কে. আৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.