ETV Bharat / sports

KKR vs RCB : টছত জয়ী হৈ বেটিঙৰ সিদ্ধান্ত বেংগালুৰৰ

author img

By

Published : Oct 12, 2020, 7:36 PM IST

টছত জয়ী হৈ বেটিঙৰ সিদ্ধান্ত বেংগালুৰৰ
কলকাতা বনাম বেংগালুৰ

আইপিএলৰ 28 সংখ্যক মেচত আজি মুখামুখি হৈছে কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰ ৷ শ্বাৰজাহ ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা মেচত টছত জয়ী হৈ বেটিঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিৰাট কোহলী নেতৃত্বাধীন বেংগালুৰ দলে ৷

স্পৰ্টছ ডেস্ক, 12 অক্টোবৰ : আইপিএলৰ 28 সংখ্যক মেচত আজি মুখামুখি হৈছে কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰ ৷ শ্বাৰজাহ ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা মেচত টছত জয়ী হৈ বেটিঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিৰাট কোহলী নেতৃত্বাধীন বেংগালুৰ দলে ৷

আজিৰ মেচত কলকাতাৰ হৈ আইপিএলত অভিষেক ঘটালে টম বেন্টনে ৷ ইয়ান মৰ্গানে তেওঁৰ হাতত দলৰ টুপী প্ৰদান কৰে ৷ সুনীল নাৰায়নৰ স্থানত দলত অন্তৰ্ভূক্ত কৰা হৈছে টম বেন্টনক ৷ আনহাতে, বেংগালুৰ দলত গুৰকিৰত সিং মানৰ স্থানত দলত অন্তৰ্ভূক্ত কৰা হৈছে মহম্মদ ছিৰাজক ৷

পূৰ্বৰ ছিজনৰ তুলনাত এইবাৰ ভাল প্ৰদৰ্শন আগবঢ়াইছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰে ৷ আনহাতে, জয়ৰ ধাৰা অব্যাহত ৰাখি চাৰিখন মেচ জয়েৰে কলকাতা দলে শীৰ্ষ চাৰিটা দলৰ মাজত স্থান লাভ কৰিছে ৷

পূৰ্বৰ মেচত বেংগালুৰ দলে চেন্নাই দলক পৰাস্ত কৰাৰ বিপৰীতে কলকাতাই 2 ৰাণত পাঞ্জাৱ দলক পৰাস্ত কৰিছিল ৷

উল্লেখ্য যে, ছয়খন মেচৰ পৰা দুয়োটা দলে 8 পইন্টকৈ সংগ্ৰহ কৰিছে ৷ আইপিএলৰ ইতিহাসত দুয়োটা দলে 24 বাৰৰ বাবে মুখামুখি হৈছে আৰু কলকাতা দলে 14 বাৰ আৰু বেংগালুৰ দলে 10 বাৰৰ বাবে জয় সাব্যস্ত কৰিছে ৷

স্কোৱাড :

কলকাতা নাইট ৰাইডাৰ্ছ : ৰাহুল ত্ৰিপাঠী, শুভমান গিল, নিতীশ ৰানা, ইয়ন মৰ্গান, দিনেশ কাৰ্তিক, টম বেন্টন, আন্দ্ৰে ৰাছেল, পেট কামিনছ, কমলেশ নাগৰকোটি, প্ৰসিদ্ধ কৃষ্ণ, বৰুণ চক্ৰৱৰ্তী ৷

ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰ : দেৱদত্ত পাডিক্কল, এৰন ফিন্স, বিৰাট কোহলী, এবিডি ভিলিয়াৰ্ছ, ৱাশ্বিংটন সুন্দৰ, শিৱম ডুবে, ক্ৰিছ মৰিছ, ইছুৰু উদানা, নৱদীপ ছাইনী, মহম্মদ ছিৰাজ, য়ুজবেন্দ্ৰ চাহাল ৷

লগতে পঢ়ক : কেৰিয়াৰৰ 20 সংখ্যক গ্ৰেণ্ড শ্লামৰ বাবে নাডালক প্ৰশংসা ফেডাৰাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.