ETV Bharat / sports

IPL 2020: নতুন ৰেকৰ্ডেৰে চৰ্চাত মোহাম্মদ ছিৰাজ

author img

By

Published : Oct 22, 2020, 4:18 PM IST

IPL 2020: Mohammed Siraj leaves Twitter awestruck
IPL 2020: নতুন ৰেকৰ্ডেৰে চৰ্চাত মোহাম্মদ ছিৰাজ

ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে কলকাতা নাইট ৰাইডাৰ্চক 84/8 তে বিধ্বস্ত কৰিছিল ৷ আই পি এলৰ 13তম সংস্কৰণত তেওঁলোকৰ ৭ম জয়ৰ লক্ষ্য অনুসৰন কৰি ১৩.৩ অভাৰত বিজয় সাব্যস্ত কৰে কোহলী বাহিনীয়ে ।

নিউজ ডেস্ক, 22 অক্টোবৰ: ইণ্ডিয়ান প্ৰীমিয়াৰ লীগৰ এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে ডাবল উইকেটৰ অভাৰ অৰ্জন কৰি ৰয়েল চেলেঞ্জাৰ্চ বাংগালুৰুৰ বলাৰ মোহাম্মদ ছিৰাজে বুধবাৰে সকলোকে বাৰুকৈ হতবাক কৰি তোলে ।

  • What a big win for Kohli's team in #RCBvKKR game. Match was decided the moment KKR was 3 for 3 in just 3rd over but no fightback from KKR. Well done, #mohammedsiraj 8 for 3 doesn't happen regularly even in gully cricket! Enjoy the night! #KKRvRCB #IPL2020

    — R P Singh रुद्र प्रताप सिंह (@rpsingh) October 21, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

ছিৰাজৰ প্ৰথম তিনিটা উইকেট এক ৰাণ নকৰাকৈ আহিছিল ৷ তেওঁ আই পি এলৰ ইতিহাসৰ প্ৰথম বলাৰ হিচাপে এখন খেলত দুটাকৈ মেডেইন অভাৰৰ বলিং কৰিছিল । ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে কলকাতা নাইট ৰাইডাৰ্চক 84/8 তে বিধ্বস্ত কৰিছিল ৷ ১৩.৩ অভাৰত কলকাতাই বান্ধি দিয়া লক্ষ্য অনুসৰণ কৰি বিজয় সাব্যস্ত কৰে দলটোৱে । এয়া কোহলী বাহিনীৰ সপ্তম জয় ৷

মেচখনৰ পিছত ছিৰাজে কৈছিল যে, অধিনায়ক বিৰাট কোহলীৰ নতুন বলটো হাত দিয়াৰ আচৰিত সিদ্ধান্তই তেওঁৰ আত্মবিশ্বাস বৃদ্ধি কৰিছিল । এবাৰ ক্ৰিছ মৰিছে সোনকালে দোলন সৃষ্টি কৰিছিল, ছিৰাজক উইকেট কিপাৰ এ বি ডিভিলিয়াৰ্ছৰ সৈতে হোৱা আলোচনাৰ পিছত দ্বিতীয় অভাৰ বলিং কৰিবলৈ কোৱা হৈছিল ।

লগতে পঢ়ক: আইপিএলত আজি মৰণপণ যুঁজত হায়দৰাবাদ বনাম ৰাজস্থান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.