ETV Bharat / sports

উইকেটক অধ্যয়ন কৰিবলৈ অসমৰ্থ হ'লো : শ্ৰেয়াস আয়াৰ

author img

By

Published : Oct 31, 2020, 9:05 PM IST

Shreyas Iyer
শ্ৰেয়াস আয়াৰ

মুম্বাইৰ বিৰুদ্ধে পৰাজয়ৰ পাচত দিল্লীৰ অধিনায়ক শ্ৰেয়াস আয়াৰৰ মন্তব্য ৷ উইকেটক অধ্যয়ন কৰিবলৈ অসমৰ্থ হোৱা বুলি মন্তব্য কৰে আয়াৰে ৷

স্পৰ্টছ ডেস্ক, 31 অক্টোবৰ : শনিবাৰে ডুবাই আন্তৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে 9 উইকেটত পৰাস্ত হয় দিল্লী কেপিটেলছ ৷ পৰাজয়ৰ পিছতে মেচ সম্পৰ্কত মন্তব্য আগবঢ়ায় দিল্লী কেপিটেলছৰ অধিনায়ক শ্ৰেয়াস আয়াৰে ৷ তেওঁ কয় যে, দিল্লী দলে উইকেট অধ্যয়ন কৰিবলৈ অসমৰ্থ হোৱা বাবে পৰাজয়ৰ সন্মুখীন হ'বলগা হয় ৷

প্ৰথমে বেটিঙৰ আমন্ত্ৰণ লাভ কৰি দিল্লী দলে ধাৰাবাহিকভাৱে উইকেট হেৰুৱায় আৰু এজনো বেটছমেনে দৃঢ় প্ৰদৰ্শন কৰিবলৈ সক্ষম নহয় ৷ দলটোৰ হৈ সৰ্বাধিক 25 ৰাণ সংগ্ৰহ কৰে অধিনায়ক আয়াৰে ৷

Shreyas Iyer
শ্ৰেয়াস আয়াৰ

জশপ্ৰীট বুমৰাহ, কল্টাৰ নাইল আৰু ট্ৰেন্ট ব'ল্টে একেলগে ছয় উইকেট সংগ্ৰহ কৰে ৷ ফলত দলটোৱে 9 টা উইকেট হেৰুৱাই কেৱল 110 ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷ বুমৰাহ আৰু ব'ল্টে তিনিটাকৈ উইকেট দখল কৰে ৷

আয়াৰে কয়, "নিশ্চয়কৈ, আমি উইকেট অধ্যয়ন কৰিব নোৱাৰিলো ৷ প্ৰাৰম্ভিক অৱস্থাৰ পৰাই আমি খেলৰ মানদণ্ড উন্নত কৰিব নোৱাৰিলো আৰু পাৱাৰপ্লে'ত উইকেট হেৰুওৱা বাবে মেচখন আমাৰ হাতৰ পৰা গুচি গ'ল ৷ সেই সময়ত আমাৰ খেলুৱৈয়ে খেলপথাৰত নামি ভাল প্ৰদৰ্শন কৰাৰ প্ৰয়োজন আছিল যদিও সেয়া কৰিব নোৱাৰিলো ৷ বহু ভুল কৰিলো যদিও আমি সকাৰাত্মক চিন্তা আৰু সঠিক মানসিকতাৰে আগবাঢ়িম ৷ মেচৰ প্ৰথমৰ পৰাই কি হ'ব তাৰ পূৰ্বানুমান কৰিব নোৱাৰি ৷"

উল্লেখ্য যে, দিল্লী দলে পৰৱৰ্তী মেচত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰৰ বিৰুদ্ধে 2 নৱেম্বৰত জায়েদ ক্ৰিকেট ষ্টেডিয়ামত এখন মেচত অৱতীৰ্ণ হ'ব ৷ আনহাতে, দিল্লীৰ বিৰুদ্ধে জয়েৰে মুম্বাই দলে 13 খন মেচৰ পৰা 18 পইন্ট সংগ্ৰহেৰে পইন্ট তালিকাৰ শীৰ্ষ স্থান দখল কৰিছে ৷ দিল্লী দলে 14 পইন্টেৰে দ্বিতীয় স্থান অধিকাৰ কৰিছে ৷

লগতে পঢ়ক : প্লে' অফত প্ৰৱেশৰ লক্ষ্যৰে মুম্বাই আৰু বেংগালুৰৰ প্ৰতিদ্বন্দিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.