ETV Bharat / sports

আইপিএল 2020 : চেন্নাইৰ বিৰুদ্ধে 16 ৰাণত জয়ী ৰাজস্থান ৰয়েলছ

author img

By

Published : Sep 23, 2020, 12:19 AM IST

Updated : Sep 25, 2020, 6:00 PM IST

চলিত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ত্ৰয়োদশ সংস্কৰণৰ চতুৰ্থখন মেচত 16 ৰাণত জয়ী হয় ৰাজস্থান ৰয়েলছ দলটো ৷ চলিত আইপিএলত ৰাজস্থান ৰয়েলছ হৈছে প্ৰথমটো দল যিয়ে 200 ৰাণৰ স্ক'ৰ অতিক্ৰম কৰিবলৈ সক্ষম হৈছে ৷

চেন্নাইৰ বিৰুদ্ধে 16 ৰাণত জয়ী ৰাজস্থান ৰয়েলছ
চেন্নাইৰ বিৰুদ্ধে 16 ৰাণত জয়ী ৰাজস্থান ৰয়েলছ

স্পৰ্টছ ডেস্ক, 22 ছেপ্টেম্বৰ : চলিত আইপিএলৰ চতুৰ্থখন মেচত চেন্নাইৰ বিৰুদ্ধে জয়ী হয় ৰাজস্থান ৰয়েলছ ৷ টছত জিকি প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত হয় ধোনী নেতৃত্বাধীন চেন্নাই দলটোৱে ৷ ষ্টিভ স্মিথ নেতৃত্বাধীন ৰাজস্থান ৰয়েলছে প্ৰথমে বেটিং কৰি 7টা উইকেট হেৰুৱাই 20 অভাৰত সংগ্ৰহ কৰে 216 ৰাণ ৷

চেন্নাইৰ বিৰুদ্ধে 16 ৰাণত জয়ী ৰাজস্থান ৰয়েলছ
চেম কুৰাণ

ডুবাইৰ শ্বাৰজাহত অনুষ্ঠিত হোৱা খেলখনত ৰাজস্থানৰ হৈ অপেনিং কৰে সঞ্জু চেমচন আৰু ষ্টিভ স্মিথে ৷ চেমচনে 32টা বলত সৰ্বমুঠ 74 ৰাণ সংগ্ৰহ কৰাৰ লগতে মাত্ৰ 19 টা বলতে অৰ্ধশতক অৰ্জন কৰে ৷ স্মিথে 47টা বলত সৰ্বমুঠ 69 ৰাণ সংগ্ৰহ কৰে ৷ খেলখনত ৰাহুল টেৱটিয়াই 4 অভাৰত 37 ৰাণ খৰচ কৰি 3টা উইকেট দখল কৰাৰ লগতে জোফ্ৰা আৰ্চাৰ শ্ৰেয়াছ গোপাল আৰু টম কুৰাণে এটাকৈ উইকেট দখল কৰে ৷

চেন্নাইৰ বিৰুদ্ধে 16 ৰাণত জয়ী ৰাজস্থান ৰয়েলছ
ষ্টিভ স্মিথ

আনহাতে 217 ৰাণৰ লক্ষ্য লৈ চেন্নাই চুপাৰ কিংছে 20 অভাৰত 200 ৰাণ সংগ্ৰহ কৰে ৷ চেন্নাইৰ হৈ ফাফ-ডু প্লেছিয়ে 37টা বলত সৰ্বাধিক 72 ৰাণ সংগ্ৰহ কৰে ৷ মহেন্দ্ৰ সিং ধোনীয়ে 17টা বলত 29 ৰাণ কৰিবলৈ সক্ষম হয় ৷ চেন্নাইৰ হৈ চেম কুৰাণে 4 অভাৰত 33 ৰাণ খৰচ কৰি 3টা উইকেট দখল কৰাৰ লগতে দীপক চাহাৰ আৰু পীয়ুছ চাৱলাই এটাকৈ উইকেট দখল কৰে ৷

চেন্নাইৰ বিৰুদ্ধে 16 ৰাণত জয়ী ৰাজস্থান ৰয়েলছ
সঞ্জু চেমচন

খেলখনত কেবাটাও বিষ্ফোৰক ছয় কোবাবলৈ সক্ষম হয় ফাফ-ডু প্লেছি আৰু মহেন্দ্ৰ সিং ধোনীয়ে ৷ মহেন্দ্ৰ সিং ধোনীৰ এটা ছয়ত বল গৈ ষ্টেডিয়ামৰ বাহিৰৰ পথত পৰেগৈ ৷

চলিত আইপিএলত ৰাজস্থান ৰয়েলছে জয়েৰে নিজৰ যাত্ৰা আৰম্ভ কৰে ৷ খেলখনত ৰাজস্থান ৰয়েলছে 7টা উইকেট হেৰুৱাই 20 অভাৰত 216 ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে চেন্নাই চুপাৰ কিংছে 20 অভাৰত 6টা উইকেট হেৰুৱাই সংগ্ৰহ কৰিবলৈ সক্ষম হয় 200 ৰাণ ৷

লগতে পঢ়ক : আইপিএল 2020 : 10 ৰানত জয়ী ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰ

Last Updated : Sep 25, 2020, 6:00 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.