ETV Bharat / sports

প্ৰথম কোৱালিফায়াৰ : মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে দিল্লী কেপিটেলছ

author img

By

Published : Nov 5, 2020, 4:55 PM IST

প্ৰথম কোৱালিফায়াৰ
মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে দিল্লী কেপিটেলছ

আইপিএল, 2020 ৰ প্ৰথমখন কোৱালিফায়াৰ আজি ডুবাই আন্তৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ৷ প্ৰথম কোৱালিফায়াৰত তীব্ৰ প্ৰতিদ্বন্দিতা আগবঢ়াব ডিফেণ্ডিং চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছ আৰু দিল্লী কেপিটেলছে ৷

স্পৰ্টছ ডেস্ক, 5 নৱেম্বৰ : আইপিএল, 2020 ৰ প্ৰথমখন কোৱালিফায়াৰ আজি ডুবাই আন্তৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ৷ প্ৰথম কোৱালিফায়াৰত তীব্ৰ প্ৰতিদ্বন্দিতা আগবঢ়াব ডিফেণ্ডিং চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছ আৰু দিল্লী কেপিটেলছে ৷

আজিৰ মেচত পৰাস্ত হোৱা দলটোৱে এক লাইফলাইন লাভ কৰিব ৷ সেয়েহে দুয়ো দলে অতিৰিক্ত মেচত অৱতীৰ্ণ হোৱাৰ পৰা বিৰত থকাৰ উদ্দেশ্যে আজিৰ মেচত জয় লাভ কৰাৰ চেষ্টা চলাব ৷

পূৰ্বৰ ছিজনসমূহৰ দৰে এইবাৰৰ ছিজনতো মুম্বাই দল খিতাপ দখল কৰাৰ শক্তিশালী দাবীদাৰ ৷ সকলো দিশৰ পৰা লক্ষ্য কৰিলে ৰোহিত শৰ্মা নেতৃত্বাধীন দলটোৱেই আজিৰ মেচত ফেভাৰেট হিচাপে গণ্য হৈছে ৷

উল্লেখ্য যে, ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে পূৰ্বৰ মেচত পৰাজয়ৰ সন্মুখীন হৈছিল মুম্বাই দল ৷ সেই মেচত মুম্বাই দলে মুখ্য বলাৰ জছপ্ৰীত বুমৰাহ আৰু ট্ৰেন্ট বল্টক বিশ্ৰাম দিছিল ৷ ইয়াৰ ফলত হায়দৰাবাদৰ এটা উইকেটো দখল কৰিবলৈ সক্ষম হোৱা নাছিল মুম্বাই দল ৷

মুম্বাইৰ বেটছমেন ডি কক, ইশান কিষান আৰু সূৰ্যকুমাৰ যাদৱে ভাল প্ৰদৰ্শন অব্যাহত ৰাখিছে ৷ ৰোহিতৰ প্ৰত্যাৱৰ্তনে দলটোলৈ শক্তি বৃদ্ধি কৰিছে যদিও পূৰ্বৰ মেচত হায়দৰাবাদৰ বিৰুদ্ধে ৰোহিতৰ প্ৰদৰ্শন আছিল দূৰ্বল ৷

কেইৰন পোলাৰ্ড, হাৰ্ডিক পাণ্ডিয়া আৰু ক্ৰুনাল পাণ্ডিয়াই লৱাৰ অৰ্ডাৰত ভাল প্ৰদৰ্শন অব্যাহত ৰাখিব বুলি আশা কৰা হৈছে ৷ ৰাহুল চাহাৰ, পোলাৰ্ড আৰু ক্ৰুনালেও বলিঙত ভাল প্ৰদৰ্শন কৰি বুমৰাহ আৰু বল্টৰ চাপ কিছু পৰিমাণে হ্ৰাস কৰিছে ৷

আনহাতে, ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰৰ বিৰুদ্ধে আজিংকা ৰাহানেই 46 বলত 60 ৰাণ সংগ্ৰহ কৰাটো দিল্লী দলৰ বাবে এক ইতিবাচক দিশ ৷ দিল্লী দলে বেটিং লাইনআপত ধাৰাবাহিকতা অনা অতিকৈ প্ৰয়োজন যিহেতু দলটোয়ে আজি বিশ্বৰ দুই শীৰ্ষ বলাৰ বুমৰাহ আৰু বল্টৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব ৷ অপেনাৰ পৃথ্বী শ্ব' তথা আঘাতৰ পৰা প্ৰত্যাৱৰ্তন কৰা ঋষভ পন্তৰ প্ৰদৰ্শন উন্নত মানৰ নহয় ৷

অধিনায়ক শ্ৰেয়াস আয়াৰে (421 ৰাণ) দলৰ বেটিঙত পুনৰবাৰ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব লাগিব ৷ কিন্তু দলটোৰ বলিঙত আছে দুৰ্ধৰ্ষ বলাৰ কাগিছো ৰাবাডা (25 উইকেট) আৰু এনৰিক নৰ্টজে (19 উইকেট) ৷ দক্ষিণ আফ্ৰিকান বলাৰগৰাকীক সহযোগিতা আগবঢ়াব অভিজ্ঞ স্পীনাৰ ৰবিচন্দ্ৰন অশ্বিন (10 উইকেট) আৰু অক্সৰ পেটেলে (8 উইকেট) ৷

আইপিএলৰ চলিত ছিজনত পূৰ্বৰ মুখামুখিত দুয়োবাৰেই মুম্বাই দলে দিল্লী দলক পৰাস্ত কৰিবলৈ সক্ষম হৈছিল ৷ আনহাতে, দিল্লী দলে মুম্বাইৰ বিৰুদ্ধে জয় সাব্যস্ত কৰিবলৈ সম্পূৰ্ণ শক্তিৰে খেলপথাৰত নামিব ৷

স্কোৱাড :

মুম্বাই ইণ্ডিয়ানছ : ৰোহিত শৰ্মা, আদিত্য তাৰে, অনমোলপ্ৰীত সিং, অনুকূল ৰয়স ক্ৰিছ লিন, ধৱল কূলকাৰ্ণী, দ্বিগ্বিজয় দেশমুখ, হাৰ্ডিক পাণ্ডিয়া, ইশান কিষান, জেমছ পেটিনছন, জছপ্ৰীত বুমৰাহ, জয়ন্ত যাদৱ, কেইৰন পোলাৰ্ড, ক্ৰুনাল পাণ্ডিয়া. মিটছেল মেকক্লেনাঘান, মহছিন খান, নাথান কল্টাৰ নাইল, প্ৰিন্স বলৱন্ত ৰায়, কুইন্টন ডি কক, ৰাহুল চাহাৰ, সৌৰভ তিৱাৰী, শ্বেৰফানে ৰাডাৰফৰ্ড, সূৰ্যকুমাৰ যাদৱ, ট্ৰেন্ট বল্ট ৷

দিল্লী কেপিটেলছ : শ্ৰেয়াস আয়াৰ, কাগিছো ৰাবাডা, মাৰ্কাছ ষ্টইনিছ, সন্দীপ লেমিছানে, আজিংকা ৰাহানে, ৰবিচন্দ্ৰন অশ্বিন, শিখৰ ধাৱান, শিমৰন হেথমেয়াৰ, এলেক্স কেৰী, মোহিত শৰ্মা, পৃথ্বী শ্ব', ললিত যাদৱ, অভেশ খান, অক্সৰ পেটেল, তুষাৰ দেশপাণ্ডে, ঋষভ পন্ত, হৰ্ষল পেটেল, কিমো পল, এনৰিক নৰ্টজে, ডেনিয়েল চেমছ ৷

লগতে পঢ়ক : শক্তিশালী MI ৰ বিৰুদ্ধে জয়ে আত্মবিশ্বাস বৃদ্ধি কৰিছেঃ নদীম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.