ETV Bharat / sports

আবু ধাবিৰ উইকেট বেটিঙৰ বাবে শ্ৰেষ্ঠ নহয় : ষ্টিভ স্মিথ

author img

By

Published : Oct 20, 2020, 10:21 AM IST

চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে 7 উইকেটত জয়ী হোৱাৰ পাচতে আবু ধাবিৰ উইকেট সম্পৰ্কত মন্তব্য আগবঢ়াইছে ৰাজস্থান ৰয়েলছৰ অধিনায়ক ষ্টিভ স্মিথে ৷ স্মিথে কয় যে, আবু ধাবিৰ উইকেট বেটিঙৰ বাবে শ্ৰেষ্ঠ নহয় ৷

ৰাজস্থান ৰয়েলছৰ অধিনায়ক
ষ্টিভ স্মিথ

স্পৰ্টছ ডেস্ক, 20 অক্টোবৰ : চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে 7 উইকেটত জয়ী হোৱাৰ পাচতে আবু ধাবিৰ উইকেট সম্পৰ্কত মন্তব্য আগবঢ়াইছে ৰাজস্থান ৰয়েলছৰ অধিনায়ক ষ্টিভ স্মিথে ৷ স্মিথে কয় যে, আবু ধাবিৰ উইকেট বেটিঙৰ বাবে শ্ৰেষ্ঠ নহয় ৷

এই জয়েৰে স্মিথ নেতৃত্বাধীন দলে আইপিএল পইন্ট তালিকাৰ পঞ্চম স্থানত অধিষ্ঠিত হৈছে ৷ আনহাতে, পইন্ট তালিকাৰ অন্তিম স্থানত ৰৈছে চেন্নাই দল ৷

ৰাজস্থান ৰয়েলছৰ অধিনায়ক
ষ্টিভ স্মিথ

ৰাজস্থানে 126 ৰাণৰ সীমা 7 উইকেট আৰু 15 টা বল বাকী থাকোতেই সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷ জছ বাটলাৰে 70 ৰাণ আৰু অধিনায়ক ষ্টিভ স্মিথে অপৰাজিত 26 ৰাণৰ ইনিংছ গঢ়ে ৷

স্মিথে সংবাদ মাধ্যমক কয়, "শ্বাৰজাহ ইয়াৰ পৰা কিছু পৃথক ৷ ইয়াৰ উইকেট বেটিঙৰ বাবে শ্ৰেষ্ঠ নহয়, কিন্তু বিজয়ী হৈ সুখী হৈছো ৷ আমি পাৱাৰ প্লে'ত ভাল বলিং কৰিলো ৷ স্পীনাৰসকলে ভাল বলিং কৰিলে ৷ তেৱাটিয়া আৰু শ্ৰেয়াস আমাৰ বাবে শক্তি ৷ বাটলাৰে সকলো চাপ নিজে ল'লে ৷ মই কেৱল উইকেটৰ ইটো মূৰত থিয় দিলো আৰু তেওঁ আনদিনাৰ দৰে বেটিং চম্ভালিলে ৷ তেওঁ সদায়ে ভাল ষ্ট্ৰাইক ৰেট অব্যাহত ৰাখিছে ৷"

লগতে পঢ়ক : ৰাজস্থানৰ বিৰুদ্ধে পৰাস্ত হোৱাৰ পাচতে ধোনীৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.