ETV Bharat / sports

মধ্যক্ৰমত দীঘলীয়া ইনিংছ খেলি ভাল অনুভৱ কৰিছো : হেথমেয়াৰ

author img

By

Published : Oct 10, 2020, 7:38 PM IST

দিল্লী কেপিটেলছৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছে 46 ৰাণত পৰাজয় বৰণ কৰিবলৈ সক্ষম হৈছিল ৷ দিল্লী কেপিটেলছে সংগ্ৰহ কৰা 185 ৰাণৰ পৰিৱৰ্তে স্মিথ বাহিনীয়ে কেৱল 138 ৰাণহে সংগ্ৰহ কৰে ৷

দিল্লী কেপিটেলছৰ বেটছমেন
ছিমৰন হেথমেয়াৰ

স্পৰ্টছ ডেস্ক, 10 অক্টোবৰ : আইপিএলত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে 45 ৰাণৰ জয় সাব্যস্ত কৰি দিল্লী কেপিটেলছৰ বেটছমেন ছিমৰন হেথমেয়াৰে কয় যে, মধ্যক্ৰমত এক দীঘলীয়া ইনিংছ খেলাৰ বাবে তেওঁ সন্তুষ্ট ৷

উল্লেখ্য যে, দিল্লী কেপিটেলছৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছে 46 ৰাণত পৰাজয় বৰণ কৰিবলৈ সক্ষম হৈছিল ৷ দিল্লী কেপিটেলছে সংগ্ৰহ কৰা 185 ৰাণৰ পৰিৱৰ্তে স্মিথ বাহিনীয়ে কেৱল 138 ৰাণহে সংগ্ৰহ কৰে ৷

দিল্লী কেপিটেলছৰ বেটছমেন
ছিমৰন হেথমেয়াৰ

প্ৰথমে বেটিং কৰি দিল্লী কেপিটেলছে 8 উইকেট হেৰুৱাই 184 ৰাণ সংগ্ৰহ কৰে ৷ দলটোৰ হৈ সৰ্বাধিক 45 আৰু 39 ৰাণ সংগ্ৰহ কৰে ক্ৰমে ছিমৰন হেথমেয়াৰ আৰু মাৰ্কাছ ষ্টইনিছে ৷

iplt20.com ত প্ৰচাৰিত এক ভিডিঅ'ত মাৰ্কাছ ষ্টইনিছে হেথমেয়াৰক কয়, "মই ভাল অনুভৱ কৰিছো যে, বহু দিনৰ অন্তত মধ্যক্ৰমত মই ভাল প্ৰদৰ্শন কৰিছো ৷ হয়, মই আউট হোৱা বলটোত ছয় কোবাব চেষ্টা কৰিছিলো ৷ প্ৰথমে ছিংগল সংগ্ৰহ কৰিম বুলি ভাবি পাচত ছয় কোবোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলো ৷"

এই জয়েৰে দিল্লী কেপিটেলছ দলে আইপিএল 2020 ত ছয়খন মেচৰ পৰা 10 পইন্ট সংগ্ৰহ কৰি পইন্ট তালিকাৰ শীৰ্ষ স্থান অধিকাৰ কৰিছে ৷ দলটোৱে 11 অক্টোবৰত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে যুঁজত অৱতীৰ্ণ হ'ব ৷

লগতে পঢ়ক : ফ্ৰেন্স অ'পেনৰ ফাইনেলত বিশ্বৰ দুই শীৰ্ষ তাৰকাৰ মুখামুখি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.